পাছিঘাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাছিঘাট
—  নগৰ  —
পাছিঘাট is located in অৰুণাচল প্ৰদেশ<div style="position: absolute; z-index: 2; top: এক্সপ্ৰেছন ত্ৰুটী: *’ৰ বাবে অপাৰেণ্ড নাই।%; left: -1132.9%; height: 0; width: 0; margin: 0; padding: 0;">
পাছিঘাট
Location in Arunachal Pradesh, India
Country  ভাৰত
State Arunachal Pradesh
District East Siang
মাটিকালি
 - মুঠ ১৪.৬০ কি.মি. 
(৫.৬ বৰ্গ মাইল)
উচ্চতা ১৫৩ মিটাৰ (৫০১.৯৭ ফুট)
জনসংখ্যা (২০১১)[1]
 - মুঠ ২৪,৬৫৬ জন
 - জনঘনত্ব ১,৫০৪.৯ প্ৰতি বৰ্গ কি.মি. 
(৩,৮৯৭.৭ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
PIN 791102
Telephone code 0368
আই এচ অ’ ৩১৬৬ কোড IN-AR
যানবাহনৰ নম্বৰ AR-09
Climate Cwa
ৱেবছাইট www.pasighat.com

পাছিঘাট উত্তৰ-পূব ভাৰতঅৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত পূব ছিয়াং জিলাৰ সদৰ ঠাই৷ এই নগৰখন সাগৰ পৃষ্ঠৰ পৰা ১৫৫ মিটাৰ উচ্চতাত হিমালয় পৰ্বতমালাৰ একাংশ জুৰি অৱস্থিত৷ পাছিঘাট অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰাচীনতম নগৰ বুলি জনা যায়৷[2]

ইতিহাস[সম্পাদনা কৰক]

ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ত আবৰ পাহাৰ আৰু উত্তৰৰ সমগ্ৰ অঞ্চলৰ প্ৰাশাসনৰ সুবিধাৰ্থে ১৯১১ চনত পাছিঘাট নগৰ প্ৰতিষ্ঠা কৰা হয়৷ ইয়াৰ পূৰ্বে পাছিঘাট আদি জনজাতিৰ বিভিন্ন গাঁৱৰ সমষ্টি আছিল৷ ওঠৰশ শতিকাৰ পৰা চলি অহা এংলো-আবৰ যুদ্ধ সমূহে পাছিঘাটক প্ৰশাসনিক কেন্দ্ৰ হিচাপে বিকাশ কৰাৰ প্ৰয়োজনীতা আনি দিছিল৷ ১৯১২ চনৰ অন্তিমখন এংলো-আবৰ যুদ্ধ সংঘটিত হয়৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

পাছিঘাটৰ ভৌগোলিক অৱস্থান 28°04′N 95°20′E / 28.07°N 95.33°E / 28.07; 95.33.[3] এই নগৰখন সাগৰপৃষ্ঠৰ পৰা ১৫৩ মিটাৰ উচ্চতাত অৱস্থিত৷ পাছিঘাটৰ জলবায়ু সেমেকা অৰ্ধনাতিশীতোষ্ণ (humid subtropical)৷ পাছিঘাটৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ অংশটোৰ নাম দিহাং বা ছিয়াং৷

অৰ্থনীতি[সম্পাদনা কৰক]

পাছিঘাটৰ সংখ্যাগৰিষ্ঠ লোকৰ জীৱিকাৰ মূল উপায় কৃষি৷ অঞ্চলটোত উৎপাদিত প্ৰধান শস্য ধান৷ তাৰোপৰি পাছিঘাটত কেইবাখনো বৃহৎ চাহবাগান আছে৷

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি পাছিঘাটৰ জনসংখ্যা ২৪,৬৫৬ জন৷ [4][5] ইয়াৰে ৫০.৬৩% পুৰুষ আৰু ৪৯.৩৭% মহিলা৷ পাছিঘাটৰ গড় সাক্ষৰতাৰ হাৰ ৭৯.৬% ৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৫.৩৩% আৰু মহিলাৰ ৭৩.৭৪%৷ পাছিঘাটৰ মুঠ জনসংখ্যাৰ ১২% ছবছৰৰ অনুৰ্ধৰ৷

নগৰখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷

সংস্কৃতি[সম্পাদনা কৰক]

পাছিঘাফৰ অদি লোকসকলে নানা উৎসৱ যেনে চওলুং (Solung), আৰান (Aran), ইতুৰ (Etor) আদি উদযাপন কৰে৷ ইয়াৰে চওলুং আদিসকলৰ প্ৰধান উৎসৱ৷ এই উৎসৱৰ মূলত: আদিসকলৰ দেৱী Kiine-Naane ৰ আৰাধনাৰ বাবে পালন কৰা হয়৷

যাতায়ত[সম্পাদনা কৰক]

পাছিঘাট ১৫ নং ঘাইপথেদি অসমৰ গুৱাহাটী, লখিমপুৰ আৰু ইটানগৰৰ লগত সংযুক্ত৷ তাৰোপৰি ডিব্ৰুগড়ৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি ফেৰীৰে উৰিয়ামঘাটলৈ যাত্ৰা কৰাৰ সুবিধা আছে৷ উৰিয়ামঘাটৰ পৰা পাছিঘাট মাথোঁ ৩২ কিমি দুৰত্বত অৱস্থিত৷ পাছিঘাটৰ নিকটতম ৰে’লৱে ষ্টেচনটো মুৰ্কংচেলেকত অৱস্থিত৷[6] অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহণ সেৱা (Arunachal Pradesh State Transport Services) য়ো বিভিন্ন অঞ্চললৈ নিয়মীয়া বাছ সেৱা আগবঢ়ায়৷ ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা পাছিঘাটৰ পৰা গুৱাহাটীলৈ নিয়মীয়া বিমানসেৱাও আৰম্ভ হৈছে৷

জলবায়ু[সম্পাদনা কৰক]

Pasighat (1971–2000)ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 29.6
(85.3)
31.5
(88.7)
34.0
(93.2)
37.3
(99.1)
37.4
(99.3)
38.6
(101.5)
38.8
(101.8)
38.5
(101.3)
38.0
(100.4)
36.2
(97.2)
33.0
(91.4)
29.2
(84.6)
38.8
(101.8)
গড় উষ্ণতা - উচ্চ °C (°F) 22.9 23.1 26.0 27.4
(81.3)
29.9
(85.8)
31.2
(88.2)
30.3
(86.5)
31.9
(89.4)
30.3
(86.5)
29.6
(85.3)
27.6
(81.7)
24.2
(75.6)
27.9
(82.2)
গড় উষ্ণতা - নিম্ন °C (°F) 12.4
(54.3)
13.9
(57.0)
16.9
(62.4)
18.9
(66.0)
21.5
(70.7)
23.4
(74.1)
23.6
(74.5)
24.0
(75.2)
23.1
(73.6)
20.8
(69.4)
16.8
(62.2)
13.5
(56.3)
19.0
(66.2)
সৰ্বনিম্ন উষ্ণতা °C (°F) 6.5
(43.7)
7.5
(45.5)
10.6
(51.1)
12.5
(54.5)
11.3
(52.3)
18.9
(66.0)
19.1
(66.4)
20.1
(68.2)
17.4
(63.3)
13.4
(56.1)
8.3
(46.9)
7.2
(45.0)
6.5
(43.7)
বৰ্ষাপাত mm (ইঞ্চি) 42.8
(1.685)
96.1
(3.783)
144.6
(5.693)
259.5
(10.217)
371.0
(14.606)
847.8
(33.378)
1081.1
(42.563)
670.6
(26.402)
583.7
(22.98)
231.7
(9.122)
29.1
(1.146)
30.3
(1.193)
4,388.4
(172.772)
Avg. rainy days 3.7 7.0 10.2 13.0 13.8 19.0 22.0 15.5 15.0 7.6 2.1 2.2 131.0
উৎস: India Meteorological Department (record high and low up to 2010)[7][8]

পৰ্য্যটন[সম্পাদনা কৰক]

  • দায়িং এৰিং বন্যপ্ৰাণী অভয়াৰণ্য (Daying Ering Wildlife Sanctuary) পাছিঘাটৰ এখন উল্লেখযোগ্য বনাঞ্চল৷
  • পাংগিন (Pangin) পাছিঘাটৰ পৰা ৬০ কিমি দুৰত্বত অৱস্থিত৷ এই অঞ্চলত কেইবাবিধো আপুৰুগীয়া উদ্ভিদ পোৱা যায়৷ i
  • ব’ডাক (Bodak) এখন বনভোজৰ বাবে জনপ্ৰিয় ঠাই৷
  • কেকাৰ মনিয়াং (Kekar Monying) ঐতিহাসিক স্থান য’ত ১৯১১ চনত আদি জনজাতিৰ ব্ৰিটিছৰ সৈতে সংঘৰ্ষ হৈছিল৷
  • কমছিং (Komsing) ঐতিহাসিক গাওঁ
  • ক’মলিঘাট (Komlighat) ঐতিহাসিক ব্ৰিটিছ শাসিত নগৰ কিন্তু ছিয়াং নদীয়ে গতি সলাই পেলোৱাৰ ফলত বৰ্তমান চাপৰি অঞ্চল৷
  • পাছিঘাট বৌদ্ধ মন্দিৰ (Pasighat Buddhist Temple) পাছিঘাটৰ একমাত্ৰ বৌদ্ধ মন্দিৰ৷
  • পূব ছিয়াং জিলা সংগ্ৰহালয় (East Siang District Museum)
  • আদি বানে কেবাং প্ৰধান কাৰ্যালয় (Adi Baane Kebang Headquarters) আদি জনজাতিৰ সাংস্কৃতিক অনুষ্ঠান৷
  • গমচি (Gomsi) ঐতিহাসিক স্থান৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Census of India Search details". censusindia.gov.in. http://www.censusindia.gov.in/pca/SearchDetails.aspx?Id=95828। আহৰণ কৰা হৈছে: 10 May 2015. 
  2. Pasighat: Oldest town of Arunachal Pradesh Archived 2011-01-26 at the Wayback Machine. All India Radio.
  3. Falling Rain Genomics, Inc - Pasighat
  4. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 16 June 2004. https://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 1 November 2008. 
  5. ORGI. "Census of India Website : Office of the Registrar General & Census Commissioner, India". censusindia.gov.in. http://censusindia.gov.in/। আহৰণ কৰা হৈছে: 2017-11-13. 
  6. "Solace to suffering humanity would surface from Arunachal, believes Shankaracharya". ANI. Archived from the original on 19 August 2014. https://web.archive.org/web/20140819083952/http://www.aninews.in/newsdetail2/story31970/solace-to-suffering-humanity-would-surface-from-arunachal-believes-shankaracharya.html। আহৰণ কৰা হৈছে: 16 January 2014. 
  7. "Passighat Climatological Table Period: 1971–2000". India Meteorological Department. http://www.imd.gov.in/section/climate/extreme/passighat2.htm। আহৰণ কৰা হৈছে: 20 April 2015. 
  8. "Ever recorded Maximum and minimum temperatures up to 2010" (PDF). India Meteorological Department. Archived from the original on 21 May 2013. https://www.webcitation.org/6GmnoaB0m?url=http://www.imdpune.gov.in/Temp_Extremes/histext2010.pdf। আহৰণ কৰা হৈছে: 25 March 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]