সমললৈ যাওক

পাছিথিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গ্ৰেচসকল

পাছিথিয়া (প্ৰাচীন গ্ৰীক: Πασιθέα, ইংৰাজী: Pasithea, Pasithee বা Pasitheia) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী অন্যতম সৌন্দৰ্য্য আৰু অনুগ্ৰহৰ দেৱী (গ্ৰেচ) আৰু হিপনোছৰ পত্নী আছিল।[1] ননছৰ মহাকাব্য ডাইঅ’নিচিয়াকাত (খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা) তেওঁ এফ্ৰোডাইটিৰ তিনি গৰাকী পৰিচাৰিকা গ্ৰেচৰ ভিতৰত অন্যতম অছিল।

পিতৃ-মাতৃ

[সম্পাদনা কৰক]

হোমাৰৰ ইলিয়াডত পাচিথিয়াৰ নাম উল্লেখ কৰা হৈছে যদিও হিপ্নোছৰ পত্নী হিচাপে হীৰাৰ নামহে উল্লেখ কৰা হৈছে,[2] আৰু তেওঁৰ কোনো স্পষ্ট পিতৃ-মাতৃৰ বিষয়ে উল্লেখ কৰা হোৱা নাই। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ গ্ৰীক কবি কুইণ্টাছ স্মিৰ্নেয়াছে তেওঁৰ পোষ্টহোমেৰিকাত হিপ্ন'ছ আৰু হীৰাৰ বিবাহৰ জৰিয়তে তেওঁক সম্পৰ্কিত বুলি উল্লেখ কৰিছে, যাৰ ফলত হীৰা পাছিথিয়াৰ মাতৃ হৈ পৰিছে।[3] ডাইঅ'নিচিয়াকাত তেওঁৰ পিতৃৰ নাম ডাইঅ'নিছাছ[4] আৰু পৃথককৈ তেওঁৰ মাতৃৰ নাম হেৰা বুলি কোৱা হৈছে।[5] সমগ্ৰ মহাকাব্যখনৰ মতে এই বিৰোধী দুজন কেনেকৈ তেওঁৰ পিতৃ-মাতৃ হ'ল, সেই কথা ননছে বুজাই দিয়া নাই।[6] ননছেৰ গ্ৰন্থত ডাইঅ'নিছছ আৰু ক'ৰ'নিছক 'তিনি গৰাকী গ্ৰেচ'ৰ পিতৃ-মাতৃ বুলি কোৱা হৈছে, য'ত সম্ভৱতঃ পাছিথিয়াকো অন্তৰ্ভুক্ত কৰা হৈছে।[7][8]

শ্ৰুতিকথা

[সম্পাদনা কৰক]

ইলিয়াডত পাছিথিয়াক কনিষ্ঠা চেৰাইট/গ্ৰেচসকলৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে। হীৰাই ট্ৰ'জান যুদ্ধৰ কাৰ্য্যৰ পৰা জিউছক সাময়িকভাৱে আঁতৰাই পেলোৱাৰ সহায় বিচাৰি টোপনিৰ দেৱতা হিপনছৰ কাষ চাপে। তেওঁৰ সহায়ৰ বিনিময়ত হীৰাই ষ্টাইক্সৰ ওচৰত শপত খায়, পাছিথিয়াক হিপ্নছৰ সৈতে বিবাহৰ প্ৰতিশ্ৰুতি দিয়ে৷ হিপ্নছে তেওঁক সদায় ভাল পাইছিল বুলিও কোৱা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Käppel, Lutz (1996). "Pasithea [2]". Der neue Pauly. Altertum : Enzyklopädie der Antike : Band 9. J.B.Metzler. pp. 386–387. 
  2. Homer, Iliad 14.263–276
  3. Quintus Smyrnaeus, Posthomerica 5.395–403.
  4. Nonnus, Dionysiaca, 15.91; 16.131–132; 33.10–27.
  5. Nonnus, Dionysiaca, 31.186.
  6. Bogner (1931) p.182.
  7. Nonnus, Dionysiaca 48.555-556.
  8. Vian & Gerlaud (1994) pp. 209-208.