সমললৈ যাওক

পাছিথিয়া (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাছিথিয়া (প্ৰাচীন গ্ৰীক: Πασιθέα বা Πασιθέη; ইংৰাজী: Pasithea; সাম্ভৱ্য অৰ্থ: 'সকলোৰে ওচৰলৈ দৌৰি যোৱাজন' বা 'সকলোৱে শ্ৰদ্ধা কৰা দেৱী')[1][2] গ্ৰীক শ্ৰুতিকথাত পাৰ্ছিথিয়া বুলিলে তলৰ চৰিত্ৰ কেইটা বুজোৱা হয়:

পাছিথিয়া: গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছনেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[3][4][5]

পাছিথিয়া: গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী অন্যতম সৌন্দৰ্য্য আৰু অনুগ্ৰহৰ দেৱী (গ্ৰেচ) আৰু হিপনোছৰ পত্নী আছিল।[6] ননছৰ মহাকাব্য ডাইঅ’নিচিয়াকাত (খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকা) তেওঁ এফ্ৰোডাইটিৰ তিনি গৰাকী পৰিচাৰিকা গ্ৰেচৰ ভিতৰত অন্যতম অছিল।

পাছিথিয়া: গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী নাইয়াড৷ তেওঁ এথেন্সৰ ৰজা ইৰিথনিয়াছৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ তেওঁলোক প্ৰথম পাণ্ডিয়ন আৰু অন্যান্য সন্তান সকলৰ পিতৃ-মাতৃ। সাধাৰণতে তেওঁৰ নাম প্ৰক্সিথিয়া (Praxithea) বুলি কোৱা হয়।[7]

শ্ৰুতিকথা

[সম্পাদনা কৰক]

ইলিয়াডত পাছিথিয়াক কনিষ্ঠা চেৰাইট/গ্ৰেচসকলৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে। হীৰাই ট্ৰ'জান যুদ্ধৰ কাৰ্য্যৰ পৰা জিউছক সাময়িকভাৱে আঁতৰাই পেলোৱাৰ সহায় বিচাৰি টোপনিৰ দেৱতা হিপনছৰ কাষ চাপে। তেওঁৰ সহায়ৰ বিনিময়ত হীৰাই ষ্টাইক্সৰ ওচৰত শপত খায়, পাছিথিয়াক হিপ্নছৰ সৈতে বিবাহৰ প্ৰতিশ্ৰুতি দিয়ে৷ হিপ্নছে তেওঁক সদায় ভাল পাইছিল বুলিও কোৱা হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hederich,Benjamin (1724) pp. 1900-1901.
  2. Nork, Friedrich (1843) p.20.
  3. Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  4. Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
  5. Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9. 
  6. Käppel, Lutz (1996). "Pasithea [2]". Der neue Pauly. Altertum : Enzyklopädie der Antike : Band 9. J.B.Metzler. pp. 386–387. 
  7. Apollodorus, 3.14.6