পাটেকীবড়ি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাটেকীবড়ি (ইংৰাজী: Patekibori) অসমৰ মৰিগাঁও জিলাৰ এখন আধ্যাত্মিক ঠাই বুলি জনা যায়৷ মৰিগাঁও জিলাৰ সদৰ ঠাই লাহৰীঘাটৰ পৰা ১৮ কিলোমিটাৰ দূৰত পাটেকীবড়ি অৱস্থিত৷[1]

থান উদ্ধাৰ[সম্পাদনা কৰক]

পাটেকীবড়ি থানখন প্ৰায় চাৰিশ বছৰ পৰিত্যক্ত অৱস্থাত আছিল৷ ১৯২৪ চনত লাহৰীঘাট মৌজাৰ মৌজাদাৰ ভূধৰ কাকতীয়ে থানখনৰ উদ্ধাৰৰ বাবে যত্নপৰ হয় আৰু চৰকাৰৰ পৰা ৫০ বিঘা নিষ্কৰ মাটি থানৰ নামত লাভ কৰে৷ কালক্ৰমত চৰকাৰে প্ৰৱৰ্তন কৰা “লাইন প্ৰথা’’ৰ সুবিধাতে এই অঞ্চলত পমুৱা মুছলমানৰ জনবসতি ঘন হৈ পৰাত লাহৰীঘাট মৌজা দুভাগত বিভক্ত হয় আৰু মৈৰাবাৰী মৌজা গঠন কৰা হয়৷ তেতিয়াৰে পৰা পাটেকীবড়ি থান মৈৰাবাৰী মৌজাৰ অন্তৰ্গত হৈ পৰে৷ ১৯৭১ চনৰ লোকপিয়লমতে, লাহৰীঘাট থানাৰ অন্তৰ্গত মুঠ জনসংখ্যাৰ ৮০.৫৯ ভাগেই পমুৱা মুছলমান লোক৷ ৬০ দশকৰ শেষৰ ফালে ধিং ৰাজহ চক্ৰৰ উপ-প্ৰতি সমাহৰ্তা গোপাল চন্দ্ৰ শৰ্মাৰ চেষ্টাত ৰত্নকান্ত বৰকাকতী, চন্দ্ৰকান্ত বৰকাকতী, মতিন খান আদি উল্লেখযোগ্য ব্যক্তিৰ সহযোগত নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে৷ ড° মহেশ্বৰ নেওগে এই আধাৰশিলা স্থাপন কৰিছিল আৰু গড়মূৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে নৱনিৰ্মিত মণিকূটটি ১-৩-১৯৬১ চনত উদ্বোধন কৰে৷[2]

থানৰ চৌহদ[সম্পাদনা কৰক]

থানৰ সম্পদ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "মৰিগাঁও জিলাৰ ৰূপ-ৰেখা". https://xondhan.com/%E0%A6%AE%E0%A7%B0%E0%A6%BF%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%93-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A7%B0-%E0%A7%B0%E0%A7%82%E0%A6%AA-%E0%A7%B0%E0%A7%87%E0%A6%96%E0%A6%BE-%E0%A7%A8/। আহৰণ কৰা হৈছে: 9 October 2023. 
  2. শইকীয়া, হেমচন্দ্ৰ (২০১৩). গুৰুজনাৰ জন্মস্থান : বুৰঞ্জী আৰু বিতৰ্ক. বেদকণ্ঠ. পৃষ্ঠা. ২৯. ISBN 978-93- 82931-14-0.