পাঠ প্ৰসংগ প্ৰণালী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

পাঠ প্ৰসংগ প্ৰণালী (ইংৰাজী: Contextual Method) হৈছে লোকসংস্কৃতি অধ্যয়নৰ এটা পদ্ধতি। পাঠ প্ৰসংগ প্ৰণালী সমৰ্থক লোক-বিদ্যা বিজ্ঞানীসকলৰ মতে লোক-বিদ্যা সম্পকীয় উপাদানৰ অন্তৰালত আছে সেইবোৰৰ প্ৰসংগ বা অনুষংগ। প্ৰসংগ বা অনুষংগ অবিহনে লোক-বিদ্যা সম্পকীয় পাঠ (Folklore text) প্ৰানহীন। গল্ডষ্টেইনৰ ভাষাত লোক-বিদ্যাৰ সমল, ক্ষেত্ৰতহে অৰ্থাৎ পাঠ একোটাৰ মাধ্যমতহে পোৱা যায়। পাঠ প্ৰাসংগিক মতবাদ সমৰ্থক লোক-বিদ্যা বিজ্ঞানীসকলৰ ভিতৰত আব্ৰাহাম, ডন-বেন-আমোচ, ৰবাৰ্ট জৰ্জ, গল্ডষ্টেইন আদি উল্লেখযোগ্য। এওঁলোকৰ প্ৰধান আপত্তি: ভাষা, আচৰণ, যোগাযোগ, অভিব্যক্তি অনুষ্ঠান আদি বিভিন্ন প্ৰসংগৰ লগত সম্পৰ্কচ্যূত কৰি লোক-বিদ্যা সম্পৰ্কীয় পাঠ (text) বিচাৰ-বিশ্লেষণ কৰা দেখা যায়। কাৰ্যত এনে বিচাৰ-বিশ্লেষণ তাত্ত্বিক দিশৰ ফালৰপৰা অৰ্থশূন্য। এইসকল লোক-বিদ্যা বিজ্ঞানীয়ে ভাষাতত্ত্বৰপৰা বাচিক-আচৰণৰধাৰণা, নৃতত্ত্বৰপৰা প্ৰকাৰ্য্যত্মকতা, সমাজবিজ্ঞানৰপৰা ভূমিকা গ্ৰহণ আৰু মনোবিজ্ঞানৰপৰা অস্মিতা-কৌশল সংপ্ৰত্যয় গ্ৰহণ কৰি লোক-বিদ্যাৰ পৰম্পৰা বিচাৰ-বিশ্লেষণ কৰিবলৈ সততেত প্ৰযত্নশীল। প্ৰথিতযশা লোকবিদ্যা এলান ডাণ্ডেজ- এ লোকবিদ্যা অধ্যয়ন আৰু বিচাৰ- বিশ্লেষণৰ ক্ষেত্ৰত তিনিটা স্তৰৰ কথা উল্লেখ কৰিছে: (ক) পাঠ (text) (খ) জমিন (texture) (গ) প্ৰসংগ (context)। লোকবিদ্যাৰ যিকোনো সমল বা উপাদানকে এই তিনিটা স্তৰৰ ওপৰত নিৰ্ভৰ কৰি বিশ্লেষণ কৰিব পাৰি। কোনো এবিধ উপাদান লোকবিদ্যাৰ পৰিসীমাত অন্তৰ্ভুক্ত কৰিব পাৰি নে নোৱাৰি তাৰ নিৰ্ণায়ক স্বৰূপাৰ্থত এই তিনিটা স্তৰহে। এই প্ৰসংগত ডন বেন আমোচ-এ সমীচীন মন্তব্য উপস্থাপন কৰিছে: "The locus of the conventions making the boundaries between folklore and non-folklore is the text, texture and boundaries between folklore and non-folklore is the text, texture and context of the froms, to apply dundes three levels for the the analysis of folklore in somewhat modified from." লোকবিদ্যাৰ প্ৰসংগত পাঠৰ সূত্ৰ এনেদৰে দিব পাৰে : এটা সাধুকথা এবাৰ কোৱাই তাৰ পাঠ অথবা এটা গীত বা এটা প্ৰবচনৰ মাত্ৰ এবাৰ আবৃতিয়েই সেই গীত বা প্ৰবচনৰ পাঠ। জমিন (texture) লোকবিদ্যা সম্পৰ্কীয় পাঠৰ বৈশিষ্ট্যৰ বাহিৰে আন একো নহয়। প্ৰবচনৰ জমিন বুলিলে বুজিব লাগিব তাৰ লয় আৰু অনুপ্ৰাসৰ ক্ষিপ্ৰতাক। শ্বাসাঘাট, সুৰ সংযোগ, স্বন বা সুৰলহৰি, ধবন্যাত্মকতা আদি জমিনৰ আন কিছুমান বৈশিষ্ট্য। কোনো এটা ভাষাৰ অন্তৰ্গত লোক-বিদ্যাৰ অংগীভূত নিৰ্দিষ্ট এবিধ বাচিক কলাৰ জমিন আন এটা ভাষালৈ অনুবাদ কৰা টান। সেইবাবে জমিনক স্থিৰীকৃত বাগ্‌ বৈশিষ্ট্য বুলিব পাৰি। [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড°নবীন চন্দ্ৰ শৰ্মা. অসমীয়া লোক-সংস্কৃতিৰ আভাস. পৃষ্ঠা. ৫৬. ISBN 81-7643-045-5.