সমললৈ যাওক

পাণ্ডাৰী বাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাণ্ডাৰী বাই
জন্ম গীতা[1]
১৮ ছেপ্টেম্বৰ, ১৯২৮[2]
ভাটকাল, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান কৰ্ণাটকত)
মৃত্যু ২৯ জানুৱাৰী, ২০০৩ (৭৪ বছৰ)[2][3]
চেন্নাই, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৩-২০০১

পাণ্ডাৰী বাই (ইংৰাজী: Pandari Bai ; ১৮ ছেপ্তেম্বৰ ১৯২৮- ২৯ জানুৱাৰী ২০০৩)[2][4] এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে ১৯৫০, ১৯৬০ আৰু ১৯৭০ৰ দশকত দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত, বিশেষকৈ কানাড়া ছবিত কাম কৰিছিল। তেওঁক কানাড়া চিনেমাৰ প্ৰথম সফল নায়িকা হিচাপে গণ্য কৰা হয়।[5] ৰাজকুমাৰ, এম জি ৰামচন্দ্ৰন, শিৱাজী গণেশনৰ দৰে দিগগজৰ নায়িকা আৰু মাতৃ দুয়োটা ৰূপতে অভিনয় কৰিছে। ৰাজকুমাৰৰ প্ৰথম ছবি বেদাৰা কান্নপ্পা আৰু শিৱাজীৰ প্ৰথম ছবি পৰশক্তিৰ নায়িকা আছিল।[3][6] কানাড়া, তামিল, তেলেগু আৰু হিন্দী ভাষাৰ ১০০০ৰো অধিক ছবিত অভিনয় কৰিছে।[7] তেওঁক তামিলনাডু চৰকাৰৰ ফালৰ পৰা কলাইমামনি উপাধিৰে সন্মান জনোৱা হয়।[8]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৪৩ চনত কানাড়া ভাষাৰ চলচ্চিত্ৰ বাণীৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে পাণ্ডৰীবাইয়ে পৌৰাণিক কাহিনীৰ আধাৰত ৰচিত নাটকত অভিনয় কৰি নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ১৯৫৪ চনত ৰাজকুমাৰৰ সৈতে কানাড়া ছবি “বেদাৰা কান্নপ্পা”ত অভিনয় কৰে। ছবিখনত তেওঁ এজন চিকাৰী কান্নাৰ (ৰাজকুমাৰে অভিনয় কৰা) পত্নী নীলাৰ চৰিত্ৰত অভিনয় কৰে। “সন্ত সাখু” (১৯৫৫) আৰু “ৰায়ৰা ছ'ছে” (১৯৫৭) আদি ছবিত সামন্তীয় পিতৃতন্ত্ৰৰ বোজা বোৱা "প্ৰগতিশীল" ভাবমূৰ্তিৰ মহিলাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ নিজকে মুখ্য অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।[4] ১৯৫৯ চনত তেওঁক “আব্বা আ হুডুগী” ছবিত তেওঁৰ ভগ্নী মাইনাৱতীৰ সৈতে দেখা যায়। কানাড়া চলচ্চিত্ৰত এই ছবিখনক মাইলৰ খুটি হিচাপে গণ্য কৰা হয়।[9]


  1. "Sirikannada class 9 solutions". Karnataka State Education and Examination Board. 10 December 2019. https://www.kseebsolutions.com/siri-kannada-class-9-solutions-pathya-puraka-adhyayana-chapter-1/। আহৰণ কৰা হৈছে: 19 September 2020. 
  2. 2.0 2.1 2.2 "Pandari Bai", British Film Institute, https://www.bfi.org.uk/films-tv-people/4ce2ba22ee0f7, আহৰণ কৰা হৈছে: 14 July 2020 
  3. 3.0 3.1 "Pandari Bai dies at 74". The Times of India. 29 January 2003. http://timesofindia.indiatimes.com/city/Pandari-Bai-dies-at-73/articleshow/35859378.cms. 
  4. Ashish Rajadhyaksha; Paul Willemen (10 July 2014). Encyclopedia of Indian Cinema. Taylor & Francis. ISBN 978-1-135-94325-7. https://books.google.com/books?id=rF8ABAAAQBAJ&pg=RA14-PA1985. 
  5. "Remembering Pandari Bai". Screen. 21 February 2003. http://www.screenindia.com/old/fullstory.php?content_id=1966. [সংযোগবিহীন উৎস]
  6. "Pandari Bai dead". The Hindu. 30 January 2003. Archived from the original on 6 June 2011. https://web.archive.org/web/20110606113441/http://www.hinduonnet.com/thehindu/2003/01/30/stories/2003013003531300.htm. 
  7. "Tribute to Pandari Bai". Deccan Herald. 13 March 2013. http://www.deccanherald.com/content/317552/tribute-pandari-bai.html. 
  8. "Redirecting to Google Groups". https://groups.google.com/forum/m/#!topic/alt.obituaries/g3IQf2d52xU. 
  9. "A rousing end planned for H.L.N. Simha's birth centenary fete". The Hindu. 21 July 2004. http://www.thehindu.com/2004/07/21/stories/2004072102410500.htm. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]