সমললৈ যাওক

পাতিকাউৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Unikonta
পাতিকাউৰী (House crow)
Corvus splendens ssp. zugmayeri at Desert National Park
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: Aves
বৰ্গ: Passerine
পৰিয়াল: Corvidae
গণ: Corvus
প্ৰজাতি: C. splendens
দ্বৈৰাশিক নামকৰণ
Corvus splendens
Vieillot, 1817

পাতিকাউৰী (ইংৰাজী: House Crow, বৈজ্ঞানিক নাম : Corvus splendens) [2] কউৰী পৰিয়াল (Corvidae)-ৰ এটা চৰাই। ই প্ৰকৃততে এছিয়াৰ স্থানীয় চৰাই কিন্তু মাল পৰিবহণৰ জাহাজৰ জড়িয়তে বিয়পি পৰাৰ ফলত বৰ্তমান পৃথিৱীৰ বহু ঠাইত কাউৰী দেখা পোৱা যায়। ইয়াৰ কপাল, মুকুট, ডিঙি আৰু বুকু উপৰিভাগৰ বৰণ ক’লা। আনহাতে ডিঙি আৰু বুকু পাতল ধূসৰ-বাদামী ৰঙৰ। ডেউকা, ঠেং আৰু ভৰি ক’লা। ঠাই বিশেষে পাতিকাউৰীৰ বিলৰ আকাৰ আৰু গাৰ ৰঙৰ তাৰতম্য দেখা যায়।

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

ফৰাচী পক্ষীবিজ্ঞানী লুইছ পিয়েৰ ভিয়েলোট (Louis Pierre Vieillot)য়ে বংগত সংগ্ৰহ কৰা এটা নমুনাৰ ভিত্তিত ১৮১৭ চনত আনুষ্ঠানিকভাৱে পাতিকাউৰীৰ প্ৰজাতিৰ বৰ্ণনা কৰা হৈছিল।[3][4] ইয়াৰ বৈজ্ঞানিক নামৰ 'splendens' অংশটো লেটিন ভাষাৰ splendens, splendentis অৰ্থাৎ "উজ্জ্বল (brilliant)" বা "জিলিকি থকা (glittering)"ৰ পৰা আহিছে।[5]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. BirdLife International (2018). Corvus splendens. 2018. doi:10.2305/IUCN.UK.2018-2.RLTS.T22705938A131944731.en. 
  2. "House crow: animal pest alert". agric.wa.gov. Government of Western Australia: Department of Agriculture and Food. Archived from the original on 16 April 2019. https://web.archive.org/web/20190416180308/https://www.agric.wa.gov.au/birds/house-crow-animal-pest-alert। আহৰণ কৰা হৈছে: 30 October 2015. 
  3. Vieillot, Louis Pierre (1817) (French ভাষাত). Nouveau dictionnaire d'histoire naturelle, appliquée aux arts, à l'agriculture, à l'économie rurale et domestique, à la médecine, etc.. 8 (Nouvelle édition সম্পাদনা). প্ৰকাশক Paris: Deterville. পৃষ্ঠা. 44. https://www.biodiversitylibrary.org/page/18035157. 
  4. Mayr, Ernst; Greenway, James C. Jr, eds (1962). Check-List of Birds of the World. 15. প্ৰকাশক Cambridge, Massachusetts: Museum of Comparative Zoology. পৃষ্ঠা. 263. https://www.biodiversitylibrary.org/page/14485636. 
  5. Jobling, James A.. "splendens". The Key to Scientific Names. Cornell Lab of Ornithology. https://birdsoftheworld.org/bow/key-to-scientific-names/search?q=splendens। আহৰণ কৰা হৈছে: 18 December 2025.