সমললৈ যাওক

পাতিৰাভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাতি ৰাভা হ'ল ৰাভা ফৈদৰ ভিতৰৰ এটা মুখ্য ফৈদ।[1] পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠীৰ ভিতৰত মংগোলীয় গোষ্ঠী অন্যতম। অসমত বাস কৰা জনজাতীয় লোকসকলৰ দৰে ৰাভাসকল মংগোলীয় ফৈদৰ বড়ো গোষ্ঠীৰেই এটি জনজাতি। ইতিমধ্যে ভাৰতীয় সংবিধানৰ অনুসূচিত জাতি (ভৈয়ামৰ) হিচাপে তালিকাভুক্ত হোৱা অসমৰ অন্যতম এটা জনগোষ্ঠীয়ে হৈছে ৰাভা সকল বিশেষকৈ অসমৰ কামৰূপ আৰু গোৱালপাৰা এই দুখন জিলাত এওঁলোকৰ বসতি সৰ্বাধিক। অসমৰ জিলা কেইখনৰ বাহিৰেও মেঘালয়ৰ পূব আৰী পশ্চিম গাৰোপাহাৰ জিলাত কেন্দ্ৰীভূত হৈ আছে বেছি পৰিমাণে ৰাভা লোকসকলে বসতি কৰি আছে। ৰাভাসকলৰ কেইবাটাও ঠাল আছে। যেনে- ৰাংদানি(ৰংদানীয়া), মায়তা বাৰায় (মায়তৰীয়া), ছোংগা (কোচা ৰাভা, কোচ, চুঙা), পাতি, দাহৰি, বিতলীয়া, টোটলা আৰু হানা।

লেমাকাথা বা ৰাভামিজ ভাষা-ভাষী, লাঙামাৰা আৰু কেঁচাইখাইতীৰ উপাসক, টুকুৰীয়া, হয়মাৰং, মাৰেগান, বহুৰাঙী, বগেজাৰী, ভালুক নচুৱা, ভাৰী গান আদি গীত মাতৰ প্ৰৱৰ্তক, ৰাঙামণি, ৰাঙাফালি, ৰাঙাপাতানি আদি সাজ-পাৰেৰে সুশোভিতা আৰ্যীভূত ৰাভা সমাজৰ লোকসকলকে 'পাতি ৰাভা' বুলি জনা যায়।[1] পাতি ৰাভা সকল 'হাবায়তাং' (হালুৱৈ) বুলি পৰিচিত। পাতি ৰাভাসকল অসমৰ বিভিন্ন জিলাত বিশেষকৈ কামৰূপ, নগাঁও, দক্ষিণ গোৱালপাৰাৰ বায়দা-দিবকাই, বামুণভোবা-অভিৰামপৰা, হাতীগাঁও, কৃষ্ণাই শালপাৰা, দূধনৈ আদি অঞ্চলত বসতি আছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 হাকাচাম, উপেন ৰাভা (জুলাই, ২০০৮). জনজাতি সমাজ সংস্কৃতি. প্ৰকাশক গুৱাহাটী: অৰুণোদই প্ৰকাশন. পৃষ্ঠা. ২৯২.