সমললৈ যাওক

পাত্ৰিচিয়া ৰড্ৰিগেজ (মডেল)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাত্ৰিচিয়া ৰড্ৰিগেজ

২০০৮ চনত ৰড্ৰিগেজ
জন্ম পাত্ৰিচিয়া ইউৰেনা ৰড্ৰিগেজ আলোনছো
৬ মাৰ্চ, ১৯৯০ (৩৬ বছৰ)
গ্ৰানাডিলা ডি আবোনা, টেনেৰিফ, স্পেইন
উচ্চতা ১.৭৯ মিটাৰ
'Beauty pageant titleholder'
Title মিছ টেনেৰিফ ২০০৭
মিছ স্পেইন ২০০৮
মিছ ইউনিভাৰ্ছ স্পেইন ২০১৩
Hair color মুগা
Eye color মুগা
Major
competition(s)
মিছ স্পেইন ২০০৮
(বিজয়ী)
মিছ ৱৰ্ল্ড ২০০৮
(শীৰ্ষ ১৫)
মিছ ইউনিভাৰ্ছ স্পেইন ২০১৩
(বিজয়ী)
মিছ ইউনিভাৰ্ছ ২০১৩
(প্ৰথম ৰানাৰ-আপ)

পাত্ৰিচিয়া ইউৰেনা ৰড্ৰিগেজ আলোনছো (ইংৰাজী: Patricia Yurena Rodríguez; জন্ম: ৬ মাৰ্চ ১৯৯০) এগৰাকী স্পেনিছ মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ স্পেইন ২০০৮ আৰু তাৰ পিছত মিছ ইউনিভাৰ্ছ স্পেইন ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০০৮-ত স্পেইনক প্ৰতিনিধিত্ব কৰি শীৰ্ষ পোন্ধৰগৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৩-ত প্ৰথম ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হৈছিল।

২০১৪ চনৰ আগষ্ট মাহত মিছ ইউনিভাৰ্ছ স্পেইন হিচাপে তেওঁৰ কাৰ্যকালৰ শেষৰফালে ৰড্ৰিগেজে তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে এগৰাকী মহিলাৰ সৈতে সম্পৰ্কত থকাৰ কথা প্ৰকাশ কৰে। ইয়াৰ সৈতে তেওঁ এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ দখল কৰা প্ৰথমগৰাকী মুকলি এলজিবিটি মহিলা হিচাপে পৰিগণিত হয়।[1][2] যদিও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁ নিজৰ যৌন পৰিচয় মুকলি কৰা নাছিল, তথাপি ৰড্ৰিগেজ এখন ডাঙৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত এলজিবিটি হিচাপে আত্মপ্ৰকাশ কৰা দ্বিতীয়গৰাকী প্ৰতিযোগী হিচাপে পৰিগণিত হয় (প্ৰথমগৰাকী আছিল জুলিয়া লেমিগোভা, যিয়ে মিছ ইউনিভাৰ্ছ ১৯৯১ ত ছোভিয়েট ইউনিয়নক প্ৰতিনিধিত্ব কৰিছিল)। ২০২১ চনৰ ফেব্ৰুৱাৰীত ৰড্ৰিগেজে তেওঁৰ পেনচেক্সুৱেলিটী নিশ্চিত কৰে আৰু তেওঁ বৰ্তমান এজন পুৰুষৰ সৈতে সম্পৰ্কত থকা বুলি জনাই কয় যে "প্ৰেমে লিংগ বুজি নাপায়।"

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰড্ৰিগেজৰ জন্ম হৈছিল স্পেইনৰ কেনাৰী দ্বীপপুঞ্জৰ অন্তৰ্গত টেনেৰিফ দ্বীপৰ গ্ৰানাডিলা ডি আবোনাত। তেওঁ কিশোৰ অৱস্থাৰপৰাই পেছাদাৰীভাৱে মডেলিং আৰম্ভ কৰিছিল।

সৌন্দৰ্য প্ৰতিযোগিতা

[সম্পাদনা কৰক]

মিছ স্পেইন ২০০৮

[সম্পাদনা কৰক]

২০০৮ চনৰ মাৰ্চ মাহত ৰড্ৰিগেজে মিছ স্পেইন ২০০৮-ত টেনেৰিফক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ৫২ গৰাকী প্ৰতিযোগীৰ প্ৰাৰম্ভিক গোটৰপৰা শীৰ্ষ বিশগৰাকী, তাৰ পিছত শীৰ্ষ বাৰগৰাকী আৰু শেষত শীৰ্ষ ছয়গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল। শীৰ্ষ ছয়গৰাকীৰ ভিতৰত সোমোৱাৰ পিছত ৰড্ৰিগেজে খিতাপ দখল কৰিবলৈ সক্ষম হয়। মিছ স্পেইন হিচাপে ৰড্ৰিগেজে মিছ ইউনিভাৰ্ছ ২০০৮-ত স্পেইনক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল; অৱশ্যে মিছ ইউনিভাৰ্ছৰ নিয়ম অনুসৰি সকলো প্ৰতিযোগীৰ বয়স প্ৰতিযোগিতাৰ বছৰটোৰ ১ ফেব্ৰুৱাৰীৰ ভিতৰত ১৮ বছৰ হ'ব লাগিছিল, আনহাতে ৰড্ৰিগেজে সেই বৰ্ষৰ মাৰ্চ মাহতহে ১৮ বছৰত ভৰি দিছিল। বয়সৰ বাবে অযোগ্য ঘোষিত হোৱাৰ পিছত ৰড্ৰিগেজক মিছ ৱৰ্ল্ড ২০০৮-ত প্ৰতিযোগিতা কৰিবলৈ নিৰ্বাচিত কৰা হয় আৰু তেওঁৰ প্ৰথম ৰানাৰ-আপ ক্লডিয়া মৰোক মিছ ইউনিভাৰ্ছত স্পেইনক প্ৰতিনিধিত্ব কৰিবলৈ পঠোৱা হয়।

সেই বছৰৰে শেষৰফালে ৰড্ৰিগেজে মিছ ৱৰ্ল্ড ২০০৮ ত স্পেইনক প্ৰতিনিধিত্ব কৰিবলৈ জোহান্সবাৰ্গত উপস্থিত হয়। প্ৰাৰম্ভিক ১০৯ গৰাকী প্ৰতিনিধিৰ ভিতৰত তেওঁ শীৰ্ষ পোন্ধৰগৰাকীৰ ভিতৰত স্থান লাভ কৰে, কিন্তু শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত স্থান পাবলৈ সক্ষম নহ'ল। শেষত ৰাছিয়াৰ কেচেনিয়া চুখিনোভাক বিজয়ী ঘোষণা কৰা হয়।

মিছ ইউনিভাৰ্ছ স্পেইন ২০১৩

[সম্পাদনা কৰক]

মিছ স্পেইন সংস্থাৰ হাতত মিছ ইউনিভাৰ্ছৰ স্পেনিছ অনুজ্ঞাপত্ৰ আছিল, সেয়েহে বছৰ বছৰ ধৰি ৰড্ৰিগেজে মিছ ইউনিভাৰ্ছত স্পেইনক প্ৰতিনিধিত্ব কৰাৰ আশাত পুনৰ প্ৰতিযোগিতাত অংশ ল’বলৈ অযোগ্য আছিল। অৱশ্যে ২০১৩ চনত এই সংস্থাটো দুটা পৃথক সংগঠনত বিভক্ত হয়: মিছ ৱৰ্ল্ড স্পেইন আৰু মিছ ইউনিভাৰ্ছ স্পেইন। মাদ্ৰিদত অনুষ্ঠিত হোৱা উদ্বোধনী মিছ ইউনিভাৰ্ছ স্পেইন ২০১৩ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত বাৰগাকী প্ৰতিনিধিৰ ভিতৰত ৰড্ৰিগেজ অন্যতম আছিল। তেওঁ শীৰ্ষ ছয়গৰাকীৰ ভিতৰত স্থান লাভ কৰে আৰু শেষত বিজয়ীৰ খিতাপ অৰ্জন কৰে।[3]

মিছ ইউনিভাৰ্ছ স্পেইন হিচাপে ৰড্ৰিগেজক মস্কোত অনুষ্ঠিত হ’বলগীয়া মিছ ইউনিভাৰ্ছ ২০১৩ প্ৰতিযোগিতাত স্পেইনক প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ প্ৰদান কৰা হয়।[4] তেওঁ মিছ ইউনিভাৰ্ছত অপৰিসীম সফলতা লাভ কৰে আৰু ৮৬ গৰাকী প্ৰতিনিধিৰপৰা শীৰ্ষ ১৬ গৰাকী, শীৰ্ষ ১০ গৰাকী, শীৰ্ষ ৫ গৰাকীৰ ভিতৰলৈ আগবাঢ়ি যায় আৰু অৱশেষত ভেনিজুৱেলাৰ গাব্ৰিয়েলা ইছলাৰৰ পিছত প্ৰথম ৰানাৰ-আপ হিচাপে স্থান লাভ কৰে। ১৯৮৫ চনৰ মিছ ইউনিভাৰ্ছত টেৰেছা ছানচেজ লোপেজে প্ৰথম ৰানাৰ-আপ হোৱাৰ পিছত এইটোৱেই আছিল স্পেইনে লাভ কৰা সৰ্বশ্ৰেষ্ঠ ফলাফল।

মিছ ইউনিভাৰ্ছ ২০১৩

[সম্পাদনা কৰক]

ৰড্ৰিগেজে ২০১৩ চনৰ ৯ নৱেম্বৰত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০১৩-ত স্পেইনক প্ৰতিনিধিত্ব কৰিছিল আৰু ভেনিজুৱেলাৰ মাৰিয়া গাব্ৰিয়েলা ইছলাৰৰ পিছত প্ৰথম ৰানাৰ-আপ হিচাপে সমাপ্ত কৰিছিল। ইছলাৰ প্ৰতিযোগিতাৰ সময়ত তেওঁৰ কোঠাৰ সংগী (ৰুমমেট) আছিল। তেওঁ মিছ ইউনিভাৰ্ছৰ ছেমি ফাইনেলত স্থান লাভ কৰা সাতগৰাকী প্ৰাক্তন মিছ ৱৰ্ল্ড ছেমি ফাইনেলিষ্টৰ ভিতৰত অন্যতম। বাকীসকল হ'ল ১৯৯২ চনত নামিবিয়াৰ মিচেল মেকলিন, ২০০৪ চনত জামাইকাৰ ক্ৰীষ্টিন ষ্ট্ৰ', ২০০৯ চনত ডমিনিকান ৰিপাব্লিকৰ আদা ডি লা ক্ৰুজ, ২০১০ চনত জামাইকাৰ য়েণ্ডি ফিলিপছ, ২০১৮ চনত ফিলিপাইনছৰ কেট্ৰিয়োনা গ্ৰে, ২০২০ চনত ব্ৰাজিলৰ জুলিয়া গামা আৰু ২০২০ চনত মেক্সিকোৰ এণ্ড্ৰিয়া মেজা।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৪ চনৰ আগষ্ট মাহত ৰড্ৰিগেজে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে স্পেনিছ ডিজে ভানেছা ক্লেইনৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰে। এই প্ৰকাশৰ পিছত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰড্ৰিগেজক এগৰাকী সমকামী মহিলা (লেচবিয়ান) হিচাপে অভিহিত কৰি বাতৰি প্ৰকাশ পায়। ইয়াৰ লগে লগে ৰড্ৰিগেজ এলজিবিটি হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথমগৰাকী গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু জুলিয়া লেমিগোভাৰ পিছত বিশ্বৰ চাৰিখন মুখ্য আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ ভিতৰত এখনত অংশগ্ৰহণ কৰি এলজিবিটি হিচাপে পৰিচিত হোৱা দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হয়।[5]

২০ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ৰড্ৰিগেজে তেওঁৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰে আৰু তেওঁ এজন পুৰুষৰ সৈতে সম্পৰ্কত থকা বুলি জনায়। "প্ৰেমে লিংগ বুজি নাপায়" বুলি উল্লেখ কৰি তেওঁ নিজৰ পেনচেক্সুৱেলিটী নিশ্চিত কৰে।[6]

২০২১ চনৰ আগষ্ট মাহত তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষ নাম চৰিত্ৰ মাধ্যম টোকা
২০১০ এলিয়ানছ ভাৰ্চাছ প্ৰেডেটৰ ফিমেল কল'নিয়েল মেৰিনছ ভিডিঅ' গেম কণ্ঠদান
২০১৪ টাল কমো এৰেছ চুটি ছবি ৰোমান ৰেয়েছৰদ্বাৰা পৰিচালিত।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]