সমললৈ যাওক

পানাবাকা লক্ষ্মী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ড° পানাবাকা লক্ষ্মী (ইংৰাজী: Panabaka Lakshmi, জন্ম ৬ অক্টোবৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য, পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী (২০০৪-২০০৯) আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্য মন্ত্ৰী (২০০৯-২০১২)। অন্ধ্ৰ প্ৰদেশৰ বাপাটলা সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ সংযুক্ত অন্ধ্ৰপ্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। এতিয়া তেওঁ তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ প্ৰতিনিধি।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ড° পানাবাকা লক্ষ্মীৰ জন্ম নেল্লোৰৰ (অন্ধ্ৰ প্ৰদেশ) কাৱলীত৷ তেওঁৰ বিবাহ হয় ড° পি কৃষ্ণইয়া লগত৷ তেওঁলোকৰ দুগৰাকী কন্যা আছে। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা প্ৰশাসনত তেওঁ এম.এ. ডিগ্ৰী লাভ কৰিছিল৷[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

নেল্লোৰৰ পৰা ১১, ১২, আৰু ১৪ নং লোকসভালৈ আৰু বাপাটলাৰ পৰা ১৫ নং লোকসভালৈ তেওঁ নিৰ্বাচিত হয়। তেখেতে ইউপিএ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (২০০৪–০৯), পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু বস্ত্ৰ মন্ত্ৰালয় (২০০৯–১৪)ৰ ৰাজ্যিক মন্ত্ৰী আছিল।[3]

২০১৯ চনৰ লোকসভা নিৰ্বাচনত তিৰুপতিৰ পৰা টিডিপিৰ প্ৰাৰ্থী হিচাপে ৱাইএছআৰচিপিৰ বল্লী দুৰ্গা প্ৰসাদ ৰাওৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল।[4]২০২১ চনত সাংসদ বল্লী দুৰ্গা প্ৰসাদ ৰাওৰ মৃত্যুৰ পিছত খালী হৈ থকা তিৰুপতি আসনৰ পৰাই তেওঁ লোকসভাৰ উপ-নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু পৰাস্ত হয়৷[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Samdani MN (Mar 14, 2019). "Panabaka Lakshmi in TDP: Congress leaders Panabaka Lakshmi, Harsha Kumar join TDP | Vijayawada News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/vijayawada/cong-leaders-panabaka-harsha-kumar-join-tdp/articleshow/68398851.cms। আহৰণ কৰা হৈছে: 2021-04-20. 
  2. "Detailed Profile: Smt. Lakshmi Panabaka". Archived from the original on 16 January 2019. https://web.archive.org/web/20190116045937/https://archive.india.gov.in/govt/loksabhampbiodata.php?mpcode=3740। আহৰণ কৰা হৈছে: 13 February 2025. 
  3. "Minister of State". Ministry of Petroleum and Natural Gas. http://petroleum.nic.in/ministerst.htm। আহৰণ কৰা হৈছে: 17 September 2013. 
  4. "Tirupati Election Results 2019: YSRCP's Balli Durga Prasad Rao has won with 228376 votes" (en ভাষাত). www.timesnownews.com. 24 May 2019. https://www.timesnownews.com/elections/article/tirupati-andhra-pradesh-election-2019-tirupati-election-results-candidates-voter-population-polling-percentage/403662। আহৰণ কৰা হৈছে: 2021-04-20. 
  5. Murali, S. (2021-04-06). "Panabaka Lakshmi blames YSRCP, BJP for rise in prices of essential commodities" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/andhra-pradesh/panabaka-lakshmi-blames-ysrcp-bjp-for-rise-in-prices-of-essential-commodities/article34248807.ece.