পনা সংক্ৰান্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পানা সংক্ৰান্তিৰ পৰা পুনঃনিৰ্দেশিত)
পনা সংক্ৰান্তি
মহাবিষুৱ সংক্ৰান্তি
পনা সংক্ৰান্তি মহাবিষুৱ সংক্ৰান্তি
মহাবিষুৱ সংক্ৰান্তিৰ বাবে বেলৰ ৰস, নাৰিকল, কল ইত্যাদিৰে সজোৱা এখন থাল
সম্পূৰ্ণ নাম পনা সংক্ৰান্তি, মহাবিষুৱ সংক্ৰান্তি, ওড়িয়া নৱবৰ্ষ
অন্য নাম মহাবিষুৱ সংক্ৰান্তি
পালন কৰে ওড়িয়া লোক
প্ৰকাৰ সামাজিক, সাংস্কৃতিক, ধৰ্মীয়
মহত্ব ওড়িয়া নৱবৰ্ষ
তাৰিখ প্ৰথম বহাগ
উদযাপন মেৰু যাত্ৰা, ঝামু যাত্ৰা, চড়ক পৰ্ব
আচাৰ পূজা, শোভাযাত্ৰা, খিচিৰি, বেলৰ ৰস পান, মাছ ভাত

পনা সংক্ৰান্তি, (ওড়িয়া: ପଣା ସଂକ୍ରାନ୍ତି) বা মহাবিষুৱ সংক্ৰান্তি (ওড়িয়া: ମହା ବିଷୁବ ସଂକ୍ରାନ୍ତି),[1][2] হৈছে ভাৰতৰ ওড়িয়া লোক সকলৰ দ্বাৰা উদযাপিত পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ।[3][4][5] এই উৎসৱৰ তাৰিখ চান্দ্ৰ-সৌৰ কেলেণ্ডাৰ অনুসৰি সৌৰ চক্ৰৰ ওপৰত নিৰ্ভৰশীল। ওড়িয়া কেলেণ্ডাৰৰ চান্দ্ৰ মাহ বৈশাখা(বহাগ)ৰ প্ৰথমটো দিন যিটো ভাৰতীয় ৰাষ্ট্ৰীয় পদ্ধতি অনুসৰি প্ৰতিবছৰে পূৰ্ণিমা তিথিত পৰে অৰ্থাৎ চৈত্ৰা মাহৰ ২৪ তাৰিখ[2] আৰু গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰৰ ১৩/১৪ এপ্ৰিল।[6]

এই উৎসৱৰ পালনৰ সময়ত লোক সকলে শিৱ, শক্তি আৰু হনুমানৰ মন্দিৰ দৰ্শন কৰে যিহেতু এই দিনটো হনুমানৰ জন্মদিন বুলি বিশ্বাস কৰা হয়।[7] ভক্ত সকলে নদী বা মন্দিৰৰ ঘাট আদিত স্নান কৰে। ঠায়ে ঠায়ে মেলা আদি পতা হয়, বাটৰ নৃত্য, কলাবাজী, জ্বলি থকা কয়লাৰ ওপৰত গান-বাজনাৰে কৰা নৃত্য আদিৰ প্ৰদৰ্শন কৰা দেখা যায়।[2]

এই উৎসৱৰে জড়িত এবিধ শিশু সুলভ পানীয় হৈছে পানা। পকা আন, নাৰিকলৰ ৰস, পকা বেল, চেনি, বাদাম আদিৰ মিশ্ৰণেৰে এই পানীয় বিধ তৈয়াৰ কৰা হয়। এই পানীয়ৰ নামেৰেই উৎসৱটিৰ নাম পানা ৰখা হৈছে।[7][2] ভাৰতীয় হিন্দু সমাজে উদযাপন কৰা নতুনবৰ্ষৰ দিন যেনে উত্তৰ আৰু মধ্য ভাৰতৰ বৈশাখি, অসমৰ বিহু, পশ্চিম বংগৰ পহিলা বৈশাখ, তামিলনাডুৰ পুতান্দু আদিৰে পানা সংক্ৰান্তি সমকক্ষীয়।[6][8]

পনা, ওড়িয়া নৱবৰ্ষত পকা বেলৰ ৰস, গাখীৰ, চেনি, মচলা ইত্যাদিৰে তৈয়াৰ কৰা এবিধ পানীয় 
বসুন্ধৰা ঠেকি

সম্পৰ্কীয় উৎসৱ[সম্পাদনা কৰক]

এই নৱবৰ্ষৰ দিনটো পৃথিৱীৰ আন আন প্ৰান্তটো অন্য নামেৰে উদযাপন কৰা হয়। উত্তৰ আৰু মধ্য ভাৰতৰ হিন্দু আৰু শিখ সকলে ইয়াক বৈশাখি বুলি কয়। ইয়াৰ দ্বাৰাও সৌৰ নৱবৰ্ষক বুজোৱা হয়।[9][10][11] এই দিনটোৱেই দক্ষিণ-পূব এচিয়াৰ ম্যানমাৰ, শ্ৰীলংকা, কম্বোডিয়া আদিৰ বহু বুদ্ধ ধৰ্মীয় লোকে নৱবৰ্ষৰ দিন হিচাপে উদযাপন কৰে। যিটোৱে প্ৰথম সহস্ৰাব্দৰ সংস্কৃতিৰ বিনিময়ৰ উমান দিয়ে।[11] কিছুমান উদাহৰণ:

  1. কেৰালাৰ বিষু উৎসৱ
  2. মধ্য আৰু উত্তৰ ভাৰতৰ বৈশাখি
  3. পশ্চিম বংগ, ত্ৰিপুৰা আৰু বাংলাদেশৰ পহিলা বৈশাখ
  4. অসমৰঙালী বিহু
  5. নেপালবিক্ৰম সম্বাত
  6. শ্ৰীলংকাৰ আলোথ অভ্ৰুঠু[12]
  7. থাইলেণ্ড ৰ সংক্ৰান
  8. কম্বোডিয়াৰ স্বল স্বনাম থিমে
  9. লাৱচৰ চংকান/পি মাই লাও
  10. বাৰ্মাৰ থিংজ্ঞান

অৱশ্যে সকলো ভাৰতীয়ৰ বাবে এই দিনটোৱেই সৰ্বজনীন নৱবৰ্ষৰ দিন নহয়। গুজৰাট আৰু ওচৰ চুবুৰীয়া ঠাই কিছুমানত দিপাৱলীৰ পাঁচদিনৰ পিছত নৱবৰ্ষৰ দিন উদযাপন কৰা হয়। সেইদৰে তেলেগু আৰু কন্নড় সকলৰ নৱবৰ্ষক উগাদি তথা মাৰাঠী আৰু কংকনী সকলৰ নৱবৰ্ষক গুড়ি পড়ৱা বুলি জনা যায় যি নেকি দিপাৱলীৰ পৰা কেইসপ্তাহমান আগতীয়াকৈ পৰে।[11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Orissa (India). Orissa District Gazetteers: Ganjam. Superintendent, Orissa Government Press. https://books.google.com/books?id=JDNuAAAAMAAJ. 
  2. 2.0 2.1 2.2 2.3 Lynn Foulston; Stuart Abbott (2009). Hindu Goddesses: Beliefs and Practices. Sussex Academic Press. পৃষ্ঠা. 178–181. ISBN 978-1-902210-43-8. https://books.google.com/books?id=XgwVgPx5G5UC&pg=PA178. [সংযোগবিহীন উৎস]
  3. Maha Vishuba Sankranti Odisha celebrates Maha Vishuba Sankranti with Fervor
  4. Classic Cooking of Orissa. Danda Nata. Allied Publishers. পৃষ্ঠা. 26–. ISBN 978-81-8424-584-4. https://books.google.com/books?id=Jj_qBSIfgdIC&pg=PA26। আহৰণ কৰা হৈছে: 13 April 2012. 
  5. Indira Gandhi National Centre for the Arts (1995). Prakr̥ti: Primal elements, the oral tradition. Meru Day, Meru Sankranti. Indira Gandhi National Centre for the Arts. পৃষ্ঠা. 172. ISBN 978-81-246-0037-5. https://books.google.com/books?id=VaLpAAAAMAAJ। আহৰণ কৰা হৈছে: 13 April 2012. 
  6. 6.0 6.1 J. Gordon Melton (2011). Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations. ABC-CLIO. পৃষ্ঠা. 633. ISBN 978-1-59884-206-7. https://books.google.com/books?id=lD_2J7W_2hQC&pg=PA633. 
  7. 7.0 7.1 Jyoshnarani Behera (1997). Political Socialization of Women: A Study of Teenager Girls. Atlantic Publishers. পৃষ্ঠা. 79. ISBN 978-81-85495-21-7. https://books.google.com/books?id=UJr97JZXJPcC&pg=PA79. 
  8. Kalyan Kumar Dasgupta; P. K. Mishra (1996). Aspects of Indian history and historiography: Professor Kalyan Kumar Dasgupta felicitation volume. World wise "vishuba sankranti". Kaveri Books. পৃষ্ঠা. 111. ISBN 978-81-7479-009-5. https://books.google.com/books?id=qOFtAAAAMAAJ। আহৰণ কৰা হৈছে: 13 April 2012. 
  9. "BBC – Religion: Hinduism – Vaisakhi". BBC. http://www.bbc.co.uk/religion/religions/hinduism/holydays/vaisakhi.shtml। আহৰণ কৰা হৈছে: 22 January 2012. 
  10. Crump, William D. (2014), Encyclopedia of New Year's Holidays Worldwide, MacFarland, page 114
  11. 11.0 11.1 11.2 Karen Pechilis; Selva J. Raj (2013). South Asian Religions: Tradition and Today. Routledge. পৃষ্ঠা. 48–49. ISBN 978-0-415-44851-2. https://books.google.com/books?id=kaubzRxh-U0C&pg=PA48. 
  12. Peter Reeves (2014). The Encyclopedia of the Sri Lankan Diaspora. Didier Millet. পৃষ্ঠা. 174. ISBN 978-981-4260-83-1. https://books.google.com/books?id=4N5UAgAAQBAJ&pg=PA174. 

লগতে পঢ়ক[সম্পাদনা কৰক]