পানীতোলা সবাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পানীতোলা সবাহ উজনি অসমৰ গাঁও বিশেষত পালন কৰি অহা এক লোকাচাৰ। খেতিৰ বাবে পৰ্যাপ্ত বৰষুণ কামনা কৰি প্ৰতিবছৰে জেঠ মাহত পানীতোলা সবাহৰ আয়োজন কৰা হয়। তিনিদিনীয়াকৈ গাঁৱৰ নামঘৰত সমূহীয়াভাৱে পালন কৰা এই সবাহত অংগখুঁত নথকা, পিতৃ-মাতৃ জীৱিত থকা তিনিজনী অপুষ্পিতা ছোৱালীয়ে গাঁৱৰ ৰাইজ, গায়ন-বায়নসমূহ শোভাযাত্ৰা কৰি গৈ নদীৰ তিনিটা ঘাটৰ পৰা তিনিটা এঁৱা কলহতে পানী তুলি আনে। পানী তুলি আনি নামঘৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। তৃতীয় দিনা পুৱাৰ পৰা মূল সবাহ আৰম্ভ হয়। সেইদিনা পানী তোলাৰ অন্তত নামঘৰত নাম-কীৰ্তন, নেগেৰা নাম, থিয় নাম, দিহা নাম আদি পৰিৱেশন কৰাৰ উপৰি ৰাতিলৈ ভাওনাৰ আয়োজন কৰা হয়। জনগোষ্ঠী ভেদে পানীতোলা সবাহ পালনৰ নিয়ম কিছু ভিন্ন হোৱা দেখা যায়। উদাহৰণ স্বৰূপে ঠেঙাল কছাৰী সকলে পানীতোলা সবাহ পতাৰ দিনা কলপটুৱাৰ ভূৰ সাজি চাকি শলিতা জ্বলাই মাহ-প্ৰসাদ আগবঢ়াই ভূৰখন নৈত উটুৱাই দিয়ে। পানীতোলা সবাহ পালন কৰিলে বৰষুণ হয়, পথাৰ শস্যেৰে ভৰি পৰে আৰু গাঁৱত মাৰি-মৰক নহয় বুলি জনবিশ্বাস প্ৰচলিত হৈ আছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড০ ৰাজশ্ৰী হাজৰিকা (৭ আগষ্ট ২০১১). "অসমৰ লোক সমাজত প্ৰচলিত আৱাহন সম্পৰ্কীয় লোকাচাৰ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’: ৬,৭ পৃষ্ঠা.