সমললৈ যাওক

পানীপথৰ প্ৰথম যুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পানীপথৰ প্ৰথম যুদ্ধ
মোগল সাম্ৰাজ্যৰ অংশ
The battle of Panipat and the death of Sultan Ibrāhīm, the last of the Lōdī Sultans of Delhi.jpg
পানীপথৰ যুদ্ধ আৰু
চুলতান ইব্ৰাহিমৰ মৃত্যু
তাৰিখ ২১ এপ্ৰিল ১৫২৬
অৱস্থান পানীপথ
(বৰ্তমান হাৰিয়ানা, ভাৰত)

29°24′11″N 76°58′24″E / 29.40306°N 76.97333°E / 29.40306; 76.97333স্থানাংক: 29°24′11″N 76°58′24″E / 29.40306°N 76.97333°E / 29.40306; 76.97333
ফলাফল মোগল বংশৰ জয়
অধিকৃত অঞ্চলৰ
পৰিৱৰ্তনসমূহ
মোগল বংশই অধিকাৰ কৰা দিল্লী চুলতানীৰ অংশ
যুজাৰু
মোগল অধিকৃত দিল্লী চুলতানী
কমাণ্ডাৰ আৰু দলপতিসকল
বাবৰ ইব্ৰাহিম খান লোডী 
সৈন্য শক্তি
১২০০০
১৫-২০ cannon
50,000–70,000
1,000 war elephants
ক্ষয়ক্ষতিৰ পৰিমাণ
20,000 killed
Lua error in Module:Location_map at line 526: Unable to find the specified location map definition: "Module:Location map/data/South Asia" does not exist.

পানীপথৰ প্ৰথম যুদ্ধ ১৫২৬ চনৰ ২১ এপ্ৰিল[1] তাৰিখে উত্তৰ ভাৰতৰ দিল্লীৰ চুলতান ইব্ৰাহিম খান লোডীৰ বিৰুদ্ধে বাবৰৰ আগ্ৰাসী বাহিনীৰ মাজত হৈছিল। বাবৰৰ বাহিনীয়ে বাৰুদৰ আগ্নেয়াস্ত্ৰ আৰু কামান ব্যৱহাৰ কৰি ইব্ৰাহিমক পৰাস্ত কৰে। ভাৰত উপমহাদেশত বাৰুদ অস্ত্ৰৰ সৈতে জড়িত প্ৰাচীন যুদ্ধৰ ভিতৰত এয়া আছিল অন্যতম। এই বিজয়ৰ লগে লগে ভাৰতত মোগল শাসনৰ আৰম্ভণি হয়।

বাবৰ আৰু ইব্ৰাহিম লোডীৰ সৈন্যৰ মাজত পানীপথৰ যুদ্ধ (১৫২৬)।বাবৰক দৌলত খান লোডীয়ে ভাৰতত প্ৰৱেশ কৰি ইব্ৰাহিম লোডীক পৰাস্ত কৰিবলৈ আমন্ত্ৰণ জনায়।[2] বাকি 'আত-ই বাবুৰীৰ এটা চিত্ৰণ, দেও গুজৰাটীৰ দ্বাৰা, আনুমনিক ১৫৯০ চনৰ।

১৫০৪ চনত বাবৰে তেওঁৰ প্ৰয়াত খুৰাক দ্বিতীয় উলুগ বেগক বাহুবলেৰে ওফোৰাই সিংহাসন অধিকাৰ কৰি আশে-পাশে থকা কাবুল আৰু গাজনী দখল কৰে। উত্তৰ-পশ্চিম দিশত মহম্মদ শ্বায়বানীৰ বিৰোধিতা কৰি বাবৰে দক্ষিণ-পূব দিশলৈ, পাঁচখন নদীৰ ভূমি পঞ্জাৱলৈ নিজৰ ৰাজ্য সম্প্ৰসাৰণ কৰিব বিচাৰিছিল। ১৫১৯ চনলৈকে তেওঁ চেনাব নদীত উপস্থিত হয়।[3]

সেই সময়ত উত্তৰ ভাৰতৰ অধিকাংশ অঞ্চল দিল্লী চুলতানীৰ লোডী বংশইব্ৰাহিম লোডীৰ শাসনৰ অংশ আছিল। অৱশ্যে তেতিয়া তেওঁ আত্মীয় আৰু মন্ত্ৰী পৰিষদৰ সৈতে ক্ষমতা সংগ্ৰামত আবদ্ধ হৈ আছিল। পঞ্জাৱৰ গৱৰ্ণৰ দৌলত খান লোডীয়ে বাবৰলৈ আগ্ৰাসনৰ নিমন্ত্ৰণ আগবঢ়ায়।[4] বাবৰে লাহোৰলৈ যাত্ৰা আৰম্ভ কৰে, ১৫২৪ চনত কিন্তু ইব্ৰাহিমে পঠোৱা বাহিনীয়ে দৌলতক খেদি পঠিওৱা বুলি গম পায়।[5] লোডী সেনাই বাবৰৰ বিৰুদ্ধে যুঁজিবলৈ ওলাই যায় আৰু পৰাস্ত হয়।[5] বাবৰে কাবুললৈ উভতি অহাৰ পূৰ্বে ঝেলুম, শিয়ালকোট, কালানৌৰ আৰু দিপালপুৰৰ নিয়ন্ত্ৰণো লয়। তেওঁ দীপালপুৰক ইব্ৰাহিমৰ বিদ্ৰোহী খুৰাক আলম খানৰ নিয়ন্ত্ৰণত ৰাখে।[6]

১৫২৫ চনৰ শেষৰ ফালে বাবৰে ডিচেম্বৰ মাহত সিন্ধু নদী পাৰ হৈ উত্তৰ ভাৰতলৈ উভতি যাব খুজিছিল। পঞ্জাৱ বিজয় নিশ্চিত কৰাৰ পিছত বাবৰে দিল্লী অভিমুখে আগবাঢ়িল। পানীপথতহে তেওঁ ইব্ৰাহিমে একত্ৰিত কৰা বহুত ডাঙৰ সৈন্যবাহিনীৰ সম্মুখীন হ’ব লগাত পৰিছিল।[7]

ইব্ৰাহিমৰ সেনাবাহিনীৰ কাৰ্যকৰী শক্তি ১০০০ যুদ্ধ হাতীৰে সৈতে ৫০,০০০ৰ পৰা ৭০,০০০ৰ ভিতৰত আছিল যদিও আগ্নেয়াস্ত্ৰৰ অভাৱ বুলি জনা যায়।[8][9][10] বাবৰৰ সৈন্যবাহিনী আছিল ১২ হাজাৰ। বাহিনীটোৰ অন্ততঃ এটা অংশ আগ্নেয়াস্ত্ৰৰে সজ্জিত আছিল। তেওঁৰ অশ্বাৰোহী সৈন্যই অশ্বাৰোহী ধনুৰ্বিদ হিচাপে যুদ্ধ কৰিছিল। তেওঁৰ হাতত ১৫ৰ পৰা ২০টা কামানো আছিল।[11]

বাবৰে নিজৰ স্থিতি ৭০০ খন ৱাগন একেলগে একেটা শাৰীত বান্ধি লাইনত ৰক্ষা কৰিছিল। প্ৰতিটো ৱাগনৰ মাজত তেওঁৰ বন্দুকধাৰীসকলে গুলী চলাব পৰাকৈ একোখন বক্ষ প্ৰাচীৰ (দুৰ্গ) আছিল। লাইনৰ কেইবাটাও ঠাইত তেওঁ নিৰ্দিষ্ট ঠাইত ১৫০ ৰাইডাৰৰ একোটা বাহিনী এৰি থৈ গৈছিল যাতে তেওঁৰ অশ্বাৰোহী বাহিনীয়ে সুৰক্ষিতভাবে আগবাঢ়ি যাব পাৰে। বাবৰে পানীপথ চহৰৰ বিৰুদ্ধে নিজৰ সোঁফালটো সুৰক্ষিত কৰিলে। বাওঁফালে তেওঁ অশ্বাৰোহীৰ বিৰুদ্ধে বাধা হিচাপে ডাল--পাতেৰে ভৰা খাদ খান্দিলে।[12]

ইব্ৰাহিমে আক্ৰমণ কৰাৰ সময়ত বাবৰে সজোৱা যুদ্ধক্ষেত্ৰৰ সম্মুখভাগ অতি সংকীৰ্ণ আছিল যাৰ বাবে ইব্ৰাহিমে নিজৰ বাহিনীক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে। বন্দুকধাৰী আৰু কামানে ইব্ৰাহিমৰ কেন্দ্ৰৰ ফালে মুখ কৰি থকাৰ বিপৰীতে অশ্বাৰোহী ধনুৰ্বিদসকলে পিছফালে যথেষ্ট হুলস্থূল কৰিছিল। কামানৰ কোলাহলে হাতীকেইটাক আতংকিত কৰি তুলিছিল, যাৰ ফলত হতাহতিৰ সংখ্যা আৰু বৃদ্ধি পাইছিল। এই যুদ্ধত ইব্ৰাহিম আৰু তেওঁৰ ২০ হাজাৰ সৈন্য নিহত হয়। সেনাই পিছুৱাই যোৱাৰ লগে লগে আৰু হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়।[8]

পানীপথৰ যুদ্ধ সামৰিকভাৱে বাবৰৰ বাবে এক নিৰ্ণায়ক বিজয় আছিল। কিন্তু নিজৰ স্থান নিশ্চিত কৰিবলৈ বাবৰে তেতিয়াও ১৫২৭ চনত খানৱাত মেৱাৰ শাসক ৰানা সাংগাৰ সৈতে আৰু, ১৫২৯ চনত ঘঘ্ৰা নদীত পূব আফগানসকলৰ সৈতে যুঁজিব লাগিছিল। ৰাজনৈতিকভাৱে ই বাবৰক নতুন ভূমি লাভ কৰায় আৰু ভাৰতীয় উপমহাদেশৰ মাজমজিয়াত তেওঁৰ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ নতুন পৰ্যায়ৰ সূচনা কৰে – যিটো সাম্ৰাজ্য ২০০ বছৰতকৈও অধিক সময় ধৰি চলিছিল।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Zahir-ud-din Muhammad Babur (2023). بابرنامه (Baburnama) [Original Chagatai Turkic]. The Baburnama Project. https://art.thewalters.org/detail/1759/memoirs-of-babur-2/। আহৰণ কৰা হৈছে: 6 January 2024. 
  2. Chandra 2009, পৃষ্ঠা. 27–31.
  3. Mahajan 1980, পৃষ্ঠা. 429.
  4. Chaurasia 2002, পৃষ্ঠা. 89–90.
  5. 5.0 5.1 Chandra 2009, পৃষ্ঠা. 27.
  6. Chandra 2009, পৃষ্ঠা. 27–28.
  7. Chandra 2009, পৃষ্ঠা. 28–29.
  8. 8.0 8.1 Chandra 2009, পৃষ্ঠা. 30.
  9. 9.0 9.1 Jadunath Sarkar, Military history of India, p. 50.
  10. The army has been reported to have consisted of 30,000 infantry and 40,000 cavalry, of which half the cavalry were irregular troops.[9]
  11. Watts 2011, পৃষ্ঠা. 707.
  12. Chandra 2009, পৃষ্ঠা. 29.
  13. Chandra 2009, পৃষ্ঠা. 30–31.