পান সিং তোমৰ
| চুবেদাৰ পান সিং তোমৰ | ||||
|---|---|---|---|---|
![]() ১৯৫৬ চনত তোমৰ | ||||
| ব্যক্তিগত তথ্যাৱলী | ||||
| জন্ম | ০১ জানুৱাৰী, ১৯৩২ ভিড়োছা, টনৱাগড় জিলা, গোৱালিয়ৰ ৰাজ্য, ব্ৰিটিছ ভাৰত[1] (বৰ্তমানৰ মধ্যপ্ৰদেশ | |||
| মৃত্যু | ০১ অক্টোবৰ, ১৯৮১ (৪৯ বছৰ) ৰাথিয়াপুৰা, ভিন্দ জিলা, মধ্যপ্ৰদেশ | |||
| উচ্চতা | 6 ফুট 1 ইঞ্চি (1.9 মিটাৰ)[2] | |||
| সামৰিক কেৰিয়াৰ | ||||
| আনুগত্য | ||||
| চাকৰি/শাখা | ||||
| পদমৰ্যদা | ||||
| ইউনিট | বেংগল ইঞ্জিনিয়াৰ গ্ৰুপ | |||
| ক্ৰীড়া | ||||
| ক্ৰীড়া | ট্ৰেক এণ্ড ফিল্ড | |||
| শিতান | ৩০০০ মিটাৰ ষ্টীপলচেজ | |||
পদক অভিলেখ
| ||||
চুবেদাৰ পান সিং তোমৰ (ইংৰাজী: Subedar Paan Singh Tomar ; ১ জানুৱাৰী ১৯৩২ – ১ অক্টোবৰ ১৯৮১) এজন ভাৰতীয় সৈনিক, খেলুৱৈ আৰু বিদ্ৰোহী (বাগী) আছিল।[3][4]
তেওঁ ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল। সেনাবাহিনীত থাকোঁতেই তেওঁৰ তীব্ৰ গতিত দৌৰিব পৰা প্ৰতিভাৰ আৱিষ্কাৰ হৈছিল। ১৯৫০ আৰু ১৯৬০ দশকত তেওঁ সাতবাৰ ৰাষ্ট্ৰীয় ষ্টীপলচেজ চেম্পিয়ন হৈছিল আৰু ১৯৫৮ চনৰ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেনাবাহিনীৰ পৰা আগতীয়া অৱসৰ লোৱাৰ পিছত তোমৰ নিজৰ জন্ম গাঁওলৈ উভতি যায়।[5] মাটিবাৰীক লৈ হোৱা কাজিয়াত হিংসাৰ আশ্ৰয় লোৱাৰ সূত্ৰ ধৰি পিছলৈ তেওঁ চম্বল উপত্যকাৰ ডাকু হিচাপে কুখ্যাতি লাভ কৰে। ১৯৮১ চনৰ শেষৰ ফালে, মধ্যপ্ৰদেশৰ ভিন্দ জিলাৰ এখন গাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত তোমৰৰ মৃত্যু হয়।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ভাৰতত ব্ৰিটিছ ৰাজৰ শাসনৰ অধীনস্থ দেশীয় ৰাজ্য গোৱালিয়ৰৰ পূৰ্বৰ টোনৱাৰঘৰ জিলাৰ চম্বল নদীৰ পাৰৰ পোৰছাৰ ওচৰৰ ভিড়োছা নামৰ সৰু গাঁওত, এটা হিন্দু ৰাজপুত পৰিয়ালত পান সিং তোমৰৰ জন্ম হৈছিল।[6] তোমৰৰ পিতৃ আছিল ইশ্বৰী সিং তোমৰ, যাৰ কনিষ্ঠ ভাতৃ দয়াৰাম সিং তোমৰ ভিড়োছা অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা বেছিভাগ উৰ্বৰ কৃষিভূমিৰ মালিক আছিল। পিছলৈ পান সিং তোমৰে ১৯৭৭ চনত সন্দেহজনক ভূমি বিবাদৰ পিছত তেওঁৰ ভতিজাক আৰু দয়াৰাম সিং তোমৰৰ নাতিয়েক বাবু সিং তোমৰক হত্যা কৰে।[7]
সামৰিক জীৱন
[সম্পাদনা কৰক]পান সিং তোমৰে ৰুৰকী ভিত্তিক ৫১ ইঞ্জিনিয়াৰ ৰেজিমেণ্ট, বেংগল ইঞ্জিনিয়াৰ গ্ৰুপত চুবেদাৰ হিচাপে কাম কৰিছিল। ১৯৫০ আৰু ১৯৬০ দশকত তেওঁ এজন চেম্পিয়ন ক্ৰীড়াবিদ, ৰাষ্ট্ৰীয় ৰেংকিঙৰ খেলুৱৈ আছিল। প্ৰবাদ আছিল যে তোমৰৰ দৌৰবিদ হিচাপে আৰম্ভণি এটা বিবাদৰ পৰাই হৈছিল।[8] তোমৰে নিজৰ ৰেজিমেণ্টত যোগদান কৰিছিলহে মাত্ৰ, তেতিয়া এজন প্ৰশিক্ষকৰ লগত তেওঁৰ কাজিয়া হয়। শাস্তি হিচাপে তোমৰক পেৰেড গ্ৰাউণ্ডৰ চৌপাশে বহুবাৰ দৌৰিবলৈ নিৰ্দেশ দিয়া হয়। দৌৰি থাকোঁতে তেওঁ আন বিষয়াসকলৰ চকুত পৰিল আৰু তেওঁৰ দৌৰৰ বেগে বিষয়াসকলক আপ্লুত কৰিলে। অতি সোনকালেই তোমৰক নিয়মীয়া কৰ্তব্যৰ পৰা ৰেহাই দিয়া হ'ল। সেনাবাহিনীৰ খেলুৱৈসকলৰ বাবে থকা বিশেষ খাদ্যৰ তালিকাত তেওঁক অন্তৰ্ভূক্তি কৰা হ'ল আৰু লগতে অন্যান্য সুবিধা আৰু সুবিধাসমূহো তেওঁলৈ আগবঢ়োৱা হ’ল।[9]
খেলুৱৈ জীৱন
[সম্পাদনা কৰক]১৯৫৮ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[10] তোমৰে যদিও প্ৰথমতে ষ্টীপলচেজ দৌৰৰ প্ৰতি আগ্ৰহী নাছিল; তেওঁ ৭ বছৰ ধৰি ষ্টীপলচেজিঙৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হিচাপে পৰিগণিত হয়। ৩০০০ মিটাৰ ষ্টীপলচেজ ইভেণ্টত ৯ মিনিট ২ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ ১০ বছৰ ধৰি অটুট থাকিল। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধ আৰু ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধত তেওঁৰ ক্ৰীড়াৰ কেৰিয়াৰৰ বাবে সেনা বিভাগে তেওঁক যুঁজিবলৈ অনুমতি দিয়া নাছিল।[11]
পৰৱৰ্তী জীৱন
[সম্পাদনা কৰক]১৯৭৭ চনত অৱসৰৰ পিছত তেওঁ পৈতৃক গাঁৱলৈ উভতি যায়। তাত তেওঁ ভতিজাকহঁতৰ সৈতে মাটিবাৰী সংক্ৰান্তীয় বিবাদত লিপ্ত হৈ পৰে আৰু ৯৫ বছৰীয়া মাকক কৰা অপমানৰ প্ৰতিশোধ লবলৈ তেওঁ ভতিজাক বাবু সিং তোমৰক হত্যা কৰে। তেনেকৈয়ে তেওঁ এজন বাগী (বিদ্ৰোহী) হৈ পৰে। তেওঁৰ মূৰৰ দাম তেতিয়া দহ হাজাৰ টকালৈকে উঠিছিল।[12]
১৯৮১ চনৰ ১ অক্টোবৰত চক্ৰ পৰিদৰ্শক মহেন্দ্ৰ প্ৰতাপ সিং চৌহান আৰু তেওঁৰ ৫০০ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে তোমৰক ঘেৰি লৈ গুলী চলায় আৰু তেওঁক মৰিবলৈ বুলি এৰি থৈ যায়। তেওঁৰ দলৰ আন ১৪ জন সদস্যকো হত্যা কৰা হয়। ১২ ঘণ্টাৰো অধিক সময় ধৰি গুলীয়াগুলি চলিছিল। চৌহানক তোমৰৰ আগমনৰ বিষয়ে খবৰ দিছিল গাঁৱৰে মতিৰাম জাটব নামৰ দলিত লোক এজনে, যি তোমাৰৰ বৈষম্যমূলক মনোভাৱত ক্ষুব্ধ হৈ পৰিছিল।[13]
বাতৰি কাকতৰ খবৰ অনুসৰি তোমৰে গুলীবিদ্ধ অৱস্থাত পানী বিচাৰিছিল: "ইয়াত থকা কোনো ৰাজপুতে মোক পানী অলপ দিব পাৰিবনে?"; হাবিলদাৰ ত্ৰিভুৱন সিঙে পানী অলপ লৈ তোমৰৰ ফালে আগবাঢ়ি আহিল যদিও চক্ৰ পৰিদৰ্শক চৌহানে তেওঁক চিঞৰি কয়, "ত্ৰিভূৱন, ডকাইতৰ কোনো জাতি নাই।" আৰু তেওঁক মৰিবলৈ এৰি দিয়া হ'ল।[14]
পান সিঙৰ পুত্ৰ সৌৰাম সিং তোমৰ (জন্ম ১৯৫৯) ভাৰতীয় সেনাৰ এজন অৱসৰপ্ৰাপ্ত চুবেদাৰ। উত্তৰ প্ৰদেশৰ ঝান্সী জিলাৰ বাবিনাত তেওঁ বাস কৰিছিল। ভিড়োছাৰ হিংসাত্মক পৰিস্থিতিৰ পৰা আঁতৰিবলৈ তেওঁ তালৈ গুচি গৈছিল।[15]
জনপ্ৰিয় সংস্কৃতিত
[সম্পাদনা কৰক]সঞ্জয় চৌহান ৰচিত আৰু তিগমাংশু ঢুলীয়া পৰিচালিত ২০১২ চনত মুক্তি পোৱা জীৱনীমূলক ছবি পান সিং তোমৰে সমালোচকৰ যথেষ্ট প্ৰশংসা লাভ কৰে। ইয়াত ইৰফান খানে পান সিং তোমাৰৰ চৰিত্ৰত আৰু মাহী গিলে তেওঁৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল।[16]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Mention of Tonwarghar District - Imperial Gazetteer Article
- ↑ "Paan Singh Tomar". Who was this man?. Archived from the original on 22 December 2015. https://web.archive.org/web/20151222142049/http://www.timescrest.com/sports/who-was-this-man-7394। আহৰণ কৰা হৈছে: 3 March 2012.
- ↑ Bhāduṛī, Taruṇakumāra (1972) (en ভাষাত). Chambal, the Valley of Terror. Vikas Publishing House. ISBN 978-0-7069-0227-3. https://books.google.com/books?id=LleJt2W8jK0C&q=dacoits+of+chambal.
- ↑ "Paan Singh Tomar by Tigmanshu Dhulia | Irrfan (1967 - 2020) : A Retrospective - G5A" (en-US ভাষাত). g5afoundation.org. https://g5afoundation.org/calendar/paan-singh-tomar-by-tigmanshu-dhulia-irrfan-1967-2020-a-retrospective/। আহৰণ কৰা হৈছে: 2024-11-30.
- ↑ "Betrayal, caste haunt village where Paan Singh Tomar was killed" (en ভাষাত). Hindustan Times. 2015-08-01. https://www.hindustantimes.com/bhopal/betrayal-caste-haunt-village-where-paan-singh-tomar-was-killed/story-oBevIl7CrH72f2fr5hWkBO.html। আহৰণ কৰা হৈছে: 2024-03-09.
- ↑ "Irrfan Khan, the man who reminded us of Paan Singh Tomar's glory". 29 April 2020. https://thebridge.in/athletics/irrfan-khan-man-who-reminded-us-paan-singh-tomar-glory/?infinitescroll=1। আহৰণ কৰা হৈছে: 21 May 2021.
- ↑ "Paan Singh. Tomar". Who was this man?. 9 March 2012. https://www.indiatimes.com/others/who-was-this-man-15427.html। আহৰণ কৰা হৈছে: 10 January 2019.
- ↑ "Unseen Photo Of Paan Singh Tomar Goes Viral, A Look At His Irrfan Khan Starrer Biopic" (en ভাষাত). News18. 2023-03-16. https://www.news18.com/movies/unseen-photo-of-paan-singh-tomar-goes-viral-a-look-at-his-irrfan-khan-starrer-biopic-7310683.html। আহৰণ কৰা হৈছে: 2024-03-09.
- ↑ "Who was this man?". Bennett, Coleman & Co. Ltdtimesccrest.com. Archived from the original on 22 December 2015. https://web.archive.org/web/20151222142049/http://www.timescrest.com/sports/who-was-this-man-7394। আহৰণ কৰা হৈছে: 1 March 2015.
- ↑ "From the king of the track to the ruler of the ravines – Times of India". 3 March 2012. http://timesofindia.indiatimes.com/india/From-the-king-of-the-track-to-the-ruler-of-the-ravines/articleshow/12118994.cms.
- ↑ "Who was this man?" (en-IN ভাষাত). IndiaTimes. 2012-03-09. https://www.indiatimes.com/others/who-was-this-man-15427.html। আহৰণ কৰা হৈছে: 2024-03-09.
- ↑ Mukherjee, Arindam (25 March 2012). "The Last Moments of Paana". Open Magazine. http://www.openthemagazine.com/article/nation/the-last-moments-of-paana। আহৰণ কৰা হৈছে: 31 March 2012.
- ↑ "The Last Moments of Paana" (en-GB ভাষাত). Open The Magazine. 2012-03-25. https://openthemagazine.com/features/india/the-last-moments-of-paana/। আহৰণ কৰা হৈছে: 2022-04-21.
- ↑ Tomar Shruti (23 March 2012). "The police create dacoits in Chambal: Paan Singh Tomar's son". Hindustan Times. Archived from the original on 6 May 2014. https://web.archive.org/web/20140506100902/http://www.hindustantimes.com/india-news/the-police-create-dacoits-in-chambal-paan-singh-tomar-s-son/article1-829811.aspx। আহৰণ কৰা হৈছে: 6 May 2014.
- ↑ "List of Awards Announced in various categories for the 60th National Film Awards". http://pib.nic.in/archieve/others/2013/mar/d2013031801.pdf। আহৰণ কৰা হৈছে: 20 March 2013.
- ↑ "List of Awards Announced in various categories for the 60th National Film Awards". http://pib.nic.in/archieve/others/2013/mar/d2013031801.pdf। আহৰণ কৰা হৈছে: 20 March 2013.
