সমললৈ যাওক

পাপিলিঅ' বুদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Papilio|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

মালাবাৰ বেণ্ডেড ময়ুৰ
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Papilio
প্ৰজাতি: P. buddha
দ্বৈৰাশিক নামকৰণ
Papilio buddha
Westwood, 1872

পাপিলিঅ’ বুদ্ধ, বা মালাবাৰ বেণ্ডেড ময়ুৰ ইংৰাজী: :Papilio buddha, the Malabar banded peacock, [1][2] ভাৰতৰ পশ্চিম ঘাটত পোৱা এটা পাপিলিঅ' প্ৰজাতিৰ ‘গিলি-নেজীয়া’। [1][2][3] কেৰালা চৰকাৰে ইয়াক চৰকাৰী কেৰালা ৰাজ্যিক পখিলা হিচাপে ঘোষণা কৰে। পাপিলিঅ' বুদ্ধ হৈছে এটা বিপন্ন প্ৰজাতি আৰু ২০২৩ চনত পাপিলিঅ’ প্ৰজাতিৰ আণৱিক বংশবিজ্ঞান অধ্যয়নত বিবেচিত প্ৰজাতিসমূহৰ ভিতৰত অন্যতম, এই অধ্যয়নত এই সিদ্ধান্ত লোৱা হৈছে যে ই প্ৰায় ৩ কোটি বছৰ আগতে অলিগোচিন যুগত থকা পুৰণি বিশ্বৰ ক্লেড(Old World clade)ৰ অংশ।[4]

পাপিলিঅ’ বুদ্ধ দেখাত পি পেলিনুৰাছৰ সৈতে যথেষ্ট মিল আছে, কিন্তু পাপিলিঅ’ বুদ্ধ আকাৰত তুলনামূলকভাৱে ডাঙৰ। ডেউকাৰ ওপৰৰ পৃষ্ঠৰ ক্ষেত্ৰত দুয়োটা প্ৰজাতিৰ মাজত কিছুমান স্পষ্ট পাৰ্থক্য দেখা যায়। পেপিলিঅ’ বুদ্ধৰ ডেউকাত সেউজীয়া আঁহ বা আঁচৰ বিস্তৃতি তুলনামূলকভাৱে সীমিত। আগডেউকাৰ বাহিৰৰ আধা অংশত, ডেউকাৰ শীৰ্ষৰ পৰা তললৈ থকা এটা ত্ৰিভুজাকাৰ অংশ বাদ দি, সেউজীয়া আঁচ নাথাকে। একেদৰে পিছডেউকাৰ বাহিৰৰ প্ৰায় এক-তৃতীয়াংশ অংশতো সেউজীয়া আঁচ নাথাকে; অৱশ্যে ইয়াত অস্পষ্টভাৱে গঠিত চাবটাৰমিনেল লুনুলৰ এটা শাৰী থাকে। আগডেউকা আৰু পিছডেউকা দুয়োটাৰে মাজভাগত পথালিকৈ থকা আঁচবোৰ পি পেলিনুৰাছৰ সৈতে মিল আছে, কিন্তু পাপিলিঅ’ বুদ্ধত এই আঁচবোৰ যথেষ্ট বহল।আগডেউকাৰ ডিস্কেল বেণ্ডটো পিঠিৰ কাষ ৰ পৰা জুখিলে ডেউকাৰ পিঠিৰ দৈৰ্ঘ্যৰ এক-তৃতীয়াংশতকৈ যথেষ্ট বেছি অংশ জুৰি থাকে। পিছডেউকাৰ ডিস্কেল বেণ্ডটোও আগ আৰু পিছ দুয়োফালে প্ৰায় সমান বহল। কিন্তু পি পেলিনুৰাছত এই বেণ্ডটো পিছফাললৈ গৈ যথেষ্ট ঠেক হৈ পৰে। ইয়াৰ অক্ৰেচিয়াছ টৰ্নেল অচেলাছ অৰ্থাৎ ডেউকাৰ তল-কোণৰ হালধীয়া-বাদামী চকুৰ দৰে দাগটো অধিক উজ্জ্বল আৰু ইয়াৰ ওপৰত নীলা ৰং নাথাকে। একেদৰে আন্তঃস্থান 7 ত থকা চাবএপিকেল অক্ৰেচিয়াছ লুনুলটোও অধিক উজ্জ্বল আৰু পি পেলিনুৰাছৰ তুলনাত যথেষ্ট ডাঙৰ।[5]

ডেউকাৰ তলৰ পৃষ্ঠটো পি পেলিনুৰাছৰ সৈতে যথেষ্ট মিল আছে। কিন্তু পিছডেউকাৰ উপটাৰ্মিনেল শৃংখলাৰ অক্ৰেচিয়াছ লুনুলবোৰ তুলনামূলকভাৱে ঠেক আৰু ইয়াৰ ভিতৰৰ কাষবোৰত ৰূপালী-বগা সীমাৰেখা অধিক স্পষ্টভাৱে দেখা যায়। ইয়াৰ শুঙ, মূৰ, বুকু আৰু উদৰ পি পেলিনুৰাছৰ সৈতে প্ৰায় একে ধৰণৰ।[5][6]

পাপিলিঅ’ বুদ্ধৰ ডেউকাৰ বিস্তৃতি প্ৰায় ১০৭–১৫৫ মি.মি.।

জীৱন চক্ৰ

[সম্পাদনা কৰক]

ইয়াৰ পলু (কেটাৰপিলাৰ)ৰ বক্ষখণ্ডত এটা ঢালৰ দৰে গঠন থাকে। পলুৰ মূল ৰং সেউজীয়া। এই ঢাল টোৰ কাষ আৰু পিছফালটো অতি সৰু বগা সীমাৰেখাৰে আগুৰি থাকে।দেহৰ ৫মৰ পৰা ১১তম খণ্ডলৈ প্ৰতিটো খণ্ডত এটা বহল বগা ৰেখা দেখা যায়। এই বগা ৰেখাৰ ওপৰত প্ৰতিটো খণ্ডতে সৰু সৰু বগা দাগৰ এটা শাৰী থাকে। এই বৈশিষ্ট্যসমূহে পলুটোক চিনাক্ত কৰাত সহায় কৰে।

পিউপাটো তলফাললৈ বেঁকা আকৃতিৰ। ইয়াৰ মূৰটো মাজত বিভক্ত যেন দেখা যায় আৰু ইয়াৰ প্ৰক্ষেপণসমূহ দীঘল আৰু ওপৰলৈ বেঁকা। পিঠি আৰু কাষৰ অংশত কীলৰ দৰে উত্থিত ৰেখা থাকে।ৰঙৰ ক্ষেত্ৰত পিউপাৰ তলফাল গাঢ় সেউজীয়া, আনহাতে পিঠিৰ ফাল পাতল সেউজীয়া। এই বৰ্ণনা ডেভিডছন আৰু আইটকেনৰ পৰ্যবেক্ষণৰ ওপৰত আধাৰিত।[5]

পোষক উদ্ভিদ

[সম্পাদনা কৰক]

এই প্ৰজাতিৰ কেটাৰপিলাৰক Zanthoxylum rhetsa উদ্ভিদত পোৱা বুলি নথিভুক্ত কৰা হৈছে।[7]

এই প্ৰজাতি স্থানীয়ভাৱে সাধাৰণ আৰু বিৰল নহয়। ভাৰতত ইয়াক সুৰক্ষিত যদিও ভাবুকিৰ সন্মুখীন হোৱা বুলি জনা নাযায়।[citation needed]

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

ই প্ৰজাতি গোট পেলিনুৰাছৰ ৰ সদস্য

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Varshney, R.K.; Smetacek, Peter (2015). A Synoptic Catalogue of the Butterflies of India. প্ৰকাশক New Delhi: Butterfly Research Centre, Bhimtal & Indinov Publishing, New Delhi. পৃষ্ঠা. 5. doi:10.13140/RG.2.1.3966.2164. ISBN 978-81-929826-4-9. https://www.researchgate.net/publication/287980260.
  2. 1 2 Savela, Markku. "Papilio buddha Westwood, 1872". Lepidoptera and Some Other Life Forms. http://www.nic.funet.fi/pub/sci/bio/life/insecta/lepidoptera/ditrysia/papilionoidea/papilionidae/papilioninae/papilio/#buddha আহৰণ কৰা হৈছে: 3 July 2018.
  3. Westwood, John O (1872). Transactions of the Entomological Society of London. প্ৰকাশক London: Royal Entomological Society of London. পৃষ্ঠা. 500. https://archive.org/stream/transactionsofen1872roya#page/86/mode/1up.
  4. Condamine, Fabien L. (2023). "A comprehensive molecular phylogeny of the genus Papilio". Systematic Entomology খণ্ড 48 (4): 789–805. doi:10.1111/syen.12578.
  5. 1 2 3 এই প্ৰবন্ধত প্ৰকাশন ৰ পৰা পাঠ্য লোৱা হৈছে যি এতিয়া ৰাজহুৱা ক্ষেত্ৰত: Bingham, C.T. (1907). The Fauna of British India, Including Ceylon and Burma. II (1st সম্পাদনা). প্ৰকাশক London: Taylor and Francis, Ltd.. পৃষ্ঠা. 89–90. https://archive.org/stream/butterflies02bingiala#page/88/mode/2up/.
  6. Moore, Frederic (1903–1905). Lepidoptera Indica. Vol. VI. প্ৰকাশক London: Lovell Reeve and Co.. পৃষ্ঠা. 69–71. https://www.biodiversitylibrary.org/item/103503#page/81/mode/1up.
  7. Ravikanthachari Nitin; V.C. Balakrishnan; Paresh V. Churi; S. Kalesh; Satya Prakash; Krushnamegh Kunte (2018-04-10). "Larval host plants of the buterfies of the Western Ghats, India". Journal of Threatened Taxa খণ্ড 10 (4): 11495–11550. doi:10.11609/jott.3104.10.4.11495-11550. http://threatenedtaxa.org/index.php/JoTT/article/view/3104/4402.