পাপ্পা উমানাথ
পাপ্পা উমানাথ | |
|---|---|
| ব্যক্তিগত তথ্য | |
| জন্ম | ধনলক্ষ্মী ০৫ আগষ্ট, ১৯৩১ |
| মৃত্যু | ১৭ ডিচেম্বৰ, ২০১০ (৭৯ বছৰ) থিৰুচিপল্লী, তামিলনাডু |
| ৰাজনৈতিক দল | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) |
| দাম্পত্যসঙ্গী | আৰ উমানাথ |
পাপ্পা উমানাথ (ইংৰাজী: Pappa Umanath; ৫ আগষ্ট ১৯৩১ – ১৭ ডিচেম্বৰ ২০১০) দক্ষিণৰ তামিলনাডু ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৯৭৩ চনত সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থাৰ সহ-প্ৰতিষ্ঠাপক মহিলা অধিকাৰ কৰ্মী৷
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য হিচাপে ১৯৮৯ চনত তিৰুভেৰুম্বুৰ সমষ্টিৰ পৰা তামিলনাডু বিধানসভালৈ নিৰ্বাচিত হয়।
জীৱন আৰু কৰ্ম
[সম্পাদনা কৰক]১৯৩১ চনৰ ৫ আগষ্টত ব্ৰিটিছ ভাৰতৰ মাদ্ৰাজ প্ৰেচিডেন্সিৰ কৰৈকালৰ সমীপৰ কোভিলপথুত (বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত) ধনলক্ষ্মী নামেৰে তেওঁ জন্মগ্ৰহণ কৰিছিল। মাতৃ লক্ষ্মী ওৰফে আলামেলু স্বামীৰ মৃত্যুৰ পিছত তিৰুচিৰাপল্লীৰ গোল্ডেন ৰকলৈ তেওঁ গুচি যায়। লক্ষ্মীয়ে গোল্ডেন ৰক ৰেলৱে ৱৰ্কশ্বপৰ সমীপত ৰেল শ্ৰমিকৰ বাবে এটা কেণ্টিন আৰম্ভ কৰে। কেণ্টিনলৈ অহা ৰেলৱেৰ শ্ৰমিকসকলে ধনলক্ষ্মীক "পাপ্পা" (সৰু ছোৱালী) বুলি মাতিছিল, যিটো তেওঁৰ নামৰ উৎপত্তি হৈ পৰিছিল। কম বয়সতে পাপ্পাই মাক আৰু ৰেলৱেৰ শ্ৰমিকসকলৰ সৈতে কেইবাটাও আন্দোলনত অংশগ্ৰহণ কৰে।[1]
ধনলক্ষ্মীয়ে ১৯৪৫ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰি মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)লৈ গুচি যায়। ১৯৪৮ চনত ভাৰত চৰকাৰে চি পি আই নিষিদ্ধ কৰি দলটোৰ সদস্যসকলক গ্ৰেপ্তাৰ কৰে, য’ত ধনলক্ষ্মী, তেওঁৰ মাতৃ, লগতে দলৰ কেইবাজনো নেতাও গ্ৰেপ্তাৰ হয়। কাৰাগাৰত যেতিয়া দলৰ সদস্যসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে উপবাসে লয়, তেতিয়া ২৩ দিন উপবাসে থকাৰ পিছত মাকৰ মৃত্যু হয়।[1] পাপ্পাক জেল কৰ্তৃপক্ষই মাকৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ দিয়া নাছিল, কাৰণ তেওঁ পাৰ্টি এৰিবলৈ অস্বীকাৰ কৰিছিল।[1][2]
১৯৫২ চনত ধনলক্ষ্মীয়ে সহযোগী দলৰ সদস্য আৰ উমানাথক আত্মসন্মানী বিবাহত বিবাহপাশত আবদ্ধ হয়।[3]চীন-ভাৰত যুদ্ধৰ সময়ত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়৷ ১৯৬৪ চনত তেওঁৰ দল দুটা ভাগত বিভক্ত হৈ নতুনকৈ গঠিত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (চিপিআই(এম)ত যোগদান কৰে। ১৯৭৩ চনত তেওঁ সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা সহ-প্ৰতিষ্ঠাপক হয় আৰু ইয়াৰ সাধাৰণ সম্পাদিকা হয়।[1]
১৯৮৪ চনৰ তামিলনাডু বিধানসভাৰ নিৰ্বাচনত তিৰুভেৰুম্বুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল।[4] ১৯৮৯ চনত নিৰ্বাচনত জয়ী হয় যদিও ১৯৯১ চনত পুনৰ পৰাস্ত হয়।.[5]
তেওঁৰ তিনিগৰাকী কন্যা আছিল৷ তাৰে এগৰাকী আছিল চিপিআই(এম)ৰ ৰাজনীতিবিদা আছিল৷ ২০১০ চনৰ ১৭ ডিচেম্বৰত ট্ৰিচিত তেওঁৰ মৃত্যু হয়।[3] [6][7]
References
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "CPI (M) leader Pappa Umanath passes away". The Hindu. 18 December 2010. http://www.hindu.com/2010/12/18/stories/2010121852810400.htm। আহৰণ কৰা হৈছে: 28 July 2013.
- ↑ "CPM leader Pappa Umanath dead". Times of India. 18 December 2010. http://timesofindia.indiatimes.com/city/chennai/CPM-leader-Pappa-Umanath-dead/articleshow/7120055.cms। আহৰণ কৰা হৈছে: 12 April 2014.
- ↑ 3.0 3.1 "தோழர் : பாப்பா உமாநாத்" (Tamil ভাষাত). Dinakaran. 4 March 2014. Archived from the original on 11 April 2014. https://web.archive.org/web/20140411214452/http://www.dinakaran.com/Ladies_Detail.asp?Nid=2294&Cat=501। আহৰণ কৰা হৈছে: 12 April 2014.
- ↑ "Statistical report on General election, 1984 to the legislative assembly of Tamil Nadu". Election Commission of India. http://eci.nic.in/eci_main/statisticalreports/SE_1984/StatisticalReportTamilNadu84.pdf। আহৰণ কৰা হৈছে: 12 April 2014.
- ↑ "DMK MLA sitting pretty in Tiruverambur". The Hindu. 3 May 2006. Archived from the original on 21 September 2008. https://web.archive.org/web/20080921072718/http://www.hindu.com/2006/05/03/stories/2006050308750300.htm। আহৰণ কৰা হৈছে: 12 April 2014.
- ↑ "Veteran freedom fighter and Communist Leader Pappa Umanath passes away: She was 80". Asian Tribune. 18 December 2010. http://www.asiantribune.com/news/2010/12/17/veteran-freedom-fighter-and-communist-leader-pappa-umanath-passes-away-she-was-80। আহৰণ কৰা হৈছে: 28 July 2013.
- ↑ "ta:திருச்சி - ஊறும் வரலாறு - 15: சிங்கப் பெண்ணே... தோழர் பாப்பா உமாநாத்! [Trichy History: The life story of Thozhar Pappa Umanath]" (ta ভাষাত). vikatan.com. 22 October 2021. https://www.vikatan.com/social-affairs/women/trichy-history-the-life-story-of-thozhar-pappa-umanath। আহৰণ কৰা হৈছে: 4 December 2022.