পামেলা চেটাৰ্জী
| পামেলা চেটাৰ্জী | |
|---|---|
নাৰি শক্তিপুৰস্কাৰগ্ৰহণ কৰি। | |
| পেচা | কৰ্মী আৰু লেখক |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পামেলা চেটাৰ্জী (ইংৰাজী: : Pamela Chatterrjeeজন্ম প্ৰায় ১৯৩০) এগৰাকী ভাৰতীয় লেখিকা আৰু গ্ৰাম্য কৰ্মী। তেওঁৰ প্ৰকল্পটোৱে ৬ লাখ ২৫ হাজাৰ হেক্টৰ মাটি পুনৰ উদ্ধাৰ কৰিছিল। তেথেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ মহিলাৰ বাবে আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ বঁটাৰে সন্মান জনোৱা হয়।
জীৱন
[সম্পাদনা কৰক]পামেলা চেটাৰ্জীৰ জন্ম হৈছিল প্ৰায় ১৯৩০ চনত।[1]
চেটাৰ্জীয়ে ভাৰতৰ উত্তৰাঞ্চল ৰাজ্যৰ কুমাওন অঞ্চলত বাস কৰে।[2]
বিশ্ব বেংকৰ সহযোগত চেটাৰ্জীয়ে ৪৬০০ হেক্টৰ মাটি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই প্ৰকল্পটো ৯৫ জন কৃষকৰ সৈতে আৰম্ভ হৈছিল যদিও দুবছৰৰ ভিতৰত এই সংখ্যা বৃদ্ধি পাইছিল।[3] প্ৰশ্ন কৰা মাটিখিনিত অত্যধিক ছডিয়াম আছিল আৰু ইয়াক ছ’ডিক মাটি বুলি জনা যায়। মাটিৰ পৰা প্ৰথমবাৰৰ বাবে ধান চপোৱা সময়ত পৰম্পৰাগত পথাৰতকৈ অধিক উৎপাদন দেখা গৈছিল।[1] ২০০৫ চনত তেওঁ "পাহাৰৰ কথা শুনা: এখন হিমালয়ান আলোচনী" প্ৰকাশ কৰে।[2]
অৱশেষত ১০,০০০ কৃষক হয় আৰু পুনৰ উদ্ধাৰ কৰা মাটি ৬,২৫,০০০ হেক্টৰ হয়।[3]

তেখেতে ২০১২ চনত প্ৰকাশিত "জামুন গছ" শীৰ্ষক কিতাপ হিচাপে ফাৰ্মখনৰ সৈতে কৰা অভিজ্ঞতাসমূহ লিখিছিল।[4] ইয়াত প্ৰকল্পটোৰ বৰ্ণনা কৰা হৈছে আৰু ইয়াৰ লগত জড়িতসকলৰ স্মৃতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।[3] আধ্যাত্মিক নেতা ৰমেশ ওজাৰ নামত উচৰ্গা কৰা এই গ্ৰন্থখন ড° অশোক খোছলাই বিশ্ব বেংকৰ দিল্লী কাৰ্যালয়ত মুকলি কৰিছিল।[5]
২০১৭ চনত ৰাষ্ট্রপতি ভৱনত এই বঁটা প্রদান কৰিছিল ভাৰতৰ ৰাষ্ট্রপতিগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত আছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 India, Government of (2018-03-08), English: Pamela Chatterjee biog from official twitter feed, https://commons.wikimedia.org/wiki/File:Pamela_Chatterjee_biog.jpg, আহৰণ কৰা হৈছে: 2020-04-12
- ↑ 2.0 2.1 Chatterjee, Pamela; Addor-Confino, Catherine (2005) (en ভাষাত). Listen to the mountains: a Himalayan journal. Viking, Penguin Books India. ISBN 9780670058396. https://books.google.com/books?id=zTBnAAAAMAAJ&q=Pamela+Chatterjee.
- ↑ 3.0 3.1 3.2 "The Jamun Tree and other stories on the environment by Pamela Chatterjee buy online". bookstore.teri.res.in. http://bookstore.teri.res.in/books/9788179934401। আহৰণ কৰা হৈছে: 2020-04-11.
- ↑ Chatterjee, Pamela (2012-01-01) (en ভাষাত). The Jamun Tree and other Stories on the Environment. The Energy and Resources Institute (TERI). ISBN 978-81-7993-440-1. https://books.google.com/books?id=tGEMEc4zjhEC&q=Pamela+Chatterjee.
- ↑ "Sarvodaya Ashram". sashram.org. http://sashram.org/component/content/index.php?option=com_content&view=article&id=9&Itemid=113। আহৰণ কৰা হৈছে: 2020-04-11.[সংযোগবিহীন উৎস]
- ↑ "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. http://narishaktipuraskar.wcd.gov.in/gallery। আহৰণ কৰা হৈছে: 2020-04-11.