পামেলা ছালেম
| পামেলা ছালেম | |
|---|---|
| জন্ম | পামেলা ফৰ্চুনি ছালেম ২২ জানুৱাৰী, ১৯৪৪ বোম্বাই, বোম্বাই প্ৰদেশ, ব্ৰিটিছ ৰাজ |
| মৃত্যু | ২১ ফেব্ৰুৱাৰী, ২০২৪ (৮০ বছৰ) ছাৰ্ফচাইড, ফ্লৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষানুষ্ঠান |
|
| পেচা | চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী |
| জনা যায় |
|
| দাম্পত্যসঙ্গী | মাইকেল অ’গান (বি. ১৯৮৩; মৃ. ২০১৭) |
পামেলা ফৰ্চুনি ছালেম (২২ জানুৱাৰী ১৯৪৪ – ২১ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী ব্ৰিটিছ চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী আছিল। তেওঁৰ জন্ম ভাৰতৰ বোম্বাইত হৈছিল আৰু তেওঁ জাৰ্মানীৰ উইচপাৰ্চ স্কুল[1] আৰু হাইডেলবাৰ্গ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ইংলেণ্ডৰ লণ্ডনৰ চেণ্ট্ৰেল স্কুল অৱ স্পীচ এণ্ড ড্ৰামাত অধ্যয়ন কৰে।[2][3]
কৰ্মজীৱন
[সম্পাদনা কৰক]টেলিভিছন
[সম্পাদনা কৰক]ছালেমক ১৯৮০ৰ দশকৰ আৰম্ভণিতে আইটিভিৰ শিশুৰ ফ ফেণ্টাচী ধাৰাবাহিক ইনটু দ্য লেবিৰিন্থত দুষ্ট ডাইনী বেলোৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনা গৈছিল।[4] লগতে ১৯৮০ৰ দশকৰ শেষৰফালে বিবিচিৰ ছোপ অপেৰা ইষ্টএণ্ডাৰ্ছত মাফিয়াৰ সৈতে জড়িত জোৱান ফ্ৰাঞ্চিছৰ অতিথি চৰিত্ৰত কৰা অভিনয়ৰ বাবেও তেওঁ পৰিচিত আছিল।[5] তেওঁক ডক্টৰ হুৰ দুটা দুঃসাহসিক অভিযানত দেখা গৈছিল: ১৯৭৭ চনত দ্য ৰবটছ অফ ডেথত টুছ হিচাপে[6] আৰু ১৯৮৮ চনত ৰিমেমব্ৰেন্স অফ দ্য ডলেক্সত অধ্যাপক ৰাচেল জেনচেন হিচাপে।[7] পৰৱৰ্তী সময়ত তেওঁ বিগ ফিনিছ প্ৰডাকচনৰ অধিকাৰিক অডিঅ’ ড্ৰামা ধাৰাবাহিক কাউণ্টাৰ মেজাৰ্ছতো এই চৰিত্ৰটো পুনৰ ৰূপায়ণ কৰিছিল।[8] তেওঁ দ্য ফেচ অফ ইভিলত (১৯৭৭) জোনানৰ বহুতো কণ্ঠৰ ভিতৰত এজন হিচাপে কণ্ঠদান কৰিছিল।[9] তেওঁ চতুৰ্থ ডক্টৰৰ সহচৰী লীলাৰ চৰিত্ৰৰ বাবে অডিচন দিছিল যদিও এই চৰিত্ৰটো লুইছ জেমছনক প্ৰদান কৰা হৈছিল। ছালেমে ১৯৮৯ চনৰপৰা ১৯৯১ চনলৈ ব্ৰিটিছ চিটকম ফ্ৰেন্স ফিল্ডছতো এটা চৰিত্ৰত অভিনয় কৰিছিল।[10]
অন্যান্য টেলিভিছনৰ অতিথি চৰিত্ৰসমূহৰ ভিতৰত আছিল জনপ্ৰিয় ব্ৰিটিছ ধাৰাবাহিক যেনে আউট অফ দ্য আননোন, ব্লেকছ ৭, দ্য অনেডিন লাইন, দ্য প্ৰফেচনেলছ, হাওৱাৰ্ডছ ৱে, এভাৰ ডিক্ৰিজিং চাৰ্কলছ, ট্ৰিপডছ, অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল; আৰু পৰৱৰ্তী সময়ত আমেৰিকান ধাৰাবাহিক যেনে মেগনাম, পি.আই., পাৰ্টি অফ ফাইভ, ইআৰ আৰু দ্য ৱেষ্ট উইং, য’ত তেওঁ এগৰাকী ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।[2][11][12]
চলচ্চিত্ৰ
[সম্পাদনা কৰক]চলচ্চিত্ৰ জগতত ছালেমে ১৯৮৩ চনত শ্বন কনেৰী অভিনীত 'অনানুষ্ঠানিক' জেমছ বণ্ড চলচ্চিত্ৰ নেভাৰ চে নেভাৰ এগেইনত মিছ মানিপেনিৰ চৰিত্ৰত অভিনয় কৰিছিল।[13] তেওঁ মাইকেল ক্ৰাইটনৰ দ্য ফাৰ্ষ্ট গ্ৰেট ট্ৰেইন ৰবাৰীতো (১৯৭৯) অভিনয় কৰিছিল (এই চিনেমাখনতো শ্বন কনেৰী আছিল)। ইয়াৰ বাহিৰেও তেওঁ দ্য বিচ (১৯৭৯), নাইট ট্ৰেইন টু মাৰ্ডাৰ (১৯৮৩), আফটাৰ ডাৰ্কনেছ (১৯৮৫), থৰটিন এট ডিনাৰ (১৯৮৫), চালোমি (১৯৮৬), গডছ আউতল (১৯৮৭), গডছ এণ্ড মনষ্টাৰ্ছ (১৯৯৮), কুইকচেণ্ড (২০০২) আৰু এপ্ৰিলছ শ্বাৱাৰ (২০০৩) ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।[12]
ব্যক্তিগত জীৱন আৰু মৃত্যু
[সম্পাদনা কৰক]ছালেমে অভিনেতা মাইকেল অ’গানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ২০১৭ চনৰ ১ নৱেম্বৰত তেওঁৰ মৃত্যুৰ আগলৈকে তেওঁলোক একেলগে আছিল। তেওঁলোকে ফ্লৰিডাৰ ছাৰ্ফচাইডত বসবাস কৰিছিল।[13] ২০২৪ চনৰ ২১ ফেব্ৰুৱাৰীত ৮০ বছৰ বয়সত সেই স্থানতে ছালেমৰ মৃত্যু হয়।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hadoke, Toby (7 March 2024). "Guardian: "Obituary Pamela Salem", 7 March 2024". The Guardian. https://www.theguardian.com/film/2024/mar/07/pamela-salem-obituary.
- 1 2 "Pamela Salem". http://www.bfi.org.uk/films-tv-people/4ce2b9f08515b। আহৰণ কৰা হৈছে: 29 May 2017.
- ↑ "Alumni US – Central School of Speech and Drama, U. of London". alumnius.net. Archived from the original on 13 December 2019. https://web.archive.org/web/20191213093627/http://alumnius.net/central_school_of_sp-2579-2। আহৰণ কৰা হৈছে: 29 May 2017.
- ↑ "Little Gems - Into The Labyrinth". www.thechestnut.com. http://www.thechestnut.com/labyrinth/labyrinth.htm। আহৰণ কৰা হৈছে: 29 May 2017.
- ↑ Price, Annie (13 February 2015). "EastEnders 30th anniversary: A look back at Albert Square's most iconic characters". Express (UK). http://www.express.co.uk/celebrity-news/558106/EastEnders-30th-anniversary-Albert-Square-s-iconic-characters। আহৰণ কৰা হৈছে: 29 February 2024.
- ↑ "BBC - Doctor Who Classic Episode Guide - The Robots of Death - Details". www.bbc.co.uk. https://www.bbc.co.uk/doctorwho/classic/episodeguide/robotsofdeath/detail.shtml। আহৰণ কৰা হৈছে: 29 May 2017.
- ↑ "BBC - Doctor Who Classic Guide - Remembrance of the Daleks - Details". www.bbc.co.uk. https://www.bbc.co.uk/doctorwho/classic/episodeguide/remembrancedaleks/detail.shtml। আহৰণ কৰা হৈছে: 29 May 2017.
- ↑ Foster, Chuck (23 October 2011). "Big Finish: Counter-Measures". https://www.doctorwhonews.net/2011/10/dwn231011174008-big-finish-counter.html.
- ↑ "BBC - Doctor Who Classic Guide - The Face of Evil - Details". www.bbc.co.uk. https://www.bbc.co.uk/doctorwho/classic/episodeguide/faceofevil/detail.shtml। আহৰণ কৰা হৈছে: 29 May 2017.
- ↑ "French Fields - ITV Sitcom". British Comedy Guide. https://www.comedy.co.uk/tv/french_fields/। আহৰণ কৰা হৈছে: 1 February 2017. First broadcast 5 September 1989
- ↑ "Pamela Salem". TVGuide.com. http://www.tvguide.com/celebrities/pamela-salem/credits/168825/100534/?from=100534। আহৰণ কৰা হৈছে: 29 May 2017.
- 1 2 "Pamela Salem - Movies and Filmography - AllMovie". AllMovie. http://www.allmovie.com/artist/pamela-salem-p62719। আহৰণ কৰা হৈছে: 29 May 2017.
- 1 2 "Interview with Pamela Salem". BBC. 30 September 2005. https://www.bbc.co.uk/wiltshire/content/articles/2005/09/30/pamela_salem_interview_feature.shtml। আহৰণ কৰা হৈছে: 25 April 2012.
- ↑ "Pamela Salem 1944-2024". Big Finish. https://www.bigfinish.com/news/v/pamela-salem-1944-2024। আহৰণ কৰা হৈছে: 22 February 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Pamela Salem সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।