পামোলা
পামোলা (পামোলাই, পি-মল-এ, পমোলা, আৰু বিমোলা নামেৰেও জনাজাত) আবেনাকি পৌৰাণিক কাহিনীত উল্লেখ থকা এটা কিংবদন্তি চৰাইৰ আত্মা। এই আত্মাই ঠাণ্ডা বতৰৰ সৃষ্টি কৰে।
বিশেষকৈ পেনোবস্কট জনজাতীয় লোকসকলৰ মতে[1], পামোলা মেইনৰ আটাইতকৈ ওখ পৰ্বত কাটাহডিনত বাস কৰিছিল। পামোলাক বজ্ৰপাতৰ দেৱতা আৰু পৰ্বতৰ ৰক্ষক বুলি কোৱা হয়। পেনোবস্কট মানুহে তেওঁক দক্ষিণ আমেৰিকাৰ আটাইতকৈ ওখ জন্তু মুচৰ মূৰ, মানুহৰ শৰীৰ আৰু ঈগলৰ ডেউকা আৰু ভৰি থকা বুলি বৰ্ণনা কৰিছে।[2] পেনোবস্কট জাতিৰ দ্বাৰা পামোলাক ভয় আৰু সন্মান দুয়োটা আছিল আৰু তেওঁৰ উপস্থিতিয়েই আছিল পাহাৰ বগাই যোৱাটো নিষিদ্ধ বুলি গণ্য কৰাৰ অন্যতম মূল কাৰণ।
তলৰ পৰা অনুপ্ৰৱেশ কৰা মৰ্ত্যৰ মৰণশীলতাক আত্মাই ক্ষোভিত কৰিছিল। ইয়াৰ বাবেই পাহাৰটো তলৰ সকলোৰে বাবে সীমা বন্ধ কৰি দিয়া হৈছিল। ১৮৪৬ চনৰ আগষ্ট মাহত পেন'বস্কট নদী আৰু কাটাহডিনৰ অন্বেষণৰ বিষয়ে হেনৰী ডেভিদ থ’ৰ’ৱে লিখিছে, “পামোলাই সদায় কেটাডনৰ শিখৰলৈ উঠি যোৱাসকলৰ ওপৰত খং কৰে।’’[3]
পামোলাই নিজৰ পৰ্বতত বন্দীক চিৰদিনৰ বাবে ধৰি ৰাখিছিল বুলিও বহুলভাৱে বিশ্বাস কৰা হৈছিল।
এতিয়া এই নামটো নাইফ এজ ৰিজৰ পূব প্ৰান্তত থকা কাটাহদিনৰ ওপৰত থকা এটা শিখৰ পামোলা শৃংগত সংৰক্ষিত হৈ আছে। অৰ্ডাৰ অৱ দ্য এৰোৰ পামোলা লজ আমেৰিকাৰ বয় স্কাউটৰ এখন অনাৰ কেম্পিং ছ’চাইটি; সমাজৰ কেইবাটাও চিহ্নত সাধাৰণতে পামোলাৰ প্ৰতিচ্ছবি ব্যৱহাৰ কৰা হয়।
ৰয় ডাডলী, কাটাহদিনৰ আদিম গাইডসকলৰ ভিতৰত সম্ভৱতঃ আটাইতকৈ উল্লেখযোগ্য, পামোলাৰ বিষয়ে কেম্প ফায়াৰ কাহিনীৰ বাবে পৰিচিত আছিল।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Official Website of the Penawahpskewi. (n.d.). Official Website of the Penawahpskewi. Retrieved October 17, 2014, from http://www.penobscotnation.org/
- ↑ Pinkham, Steven R. (2009). Mountains of Maine : intriguing stories behind their names (1st সম্পাদনা). প্ৰকাশক [Camden, ME]: Down East. ISBN 9780892727889. OCLC 297145691.
- ↑ Thoreau, Henry David (1848). Kataadn. Archived from the original on August 1, 2013. https://web.archive.org/web/20130801234045/http://thoreau.eserver.org/ktaadn05.html#3। আহৰণ কৰা হৈছে: March 8, 2013.