সমললৈ যাওক

পায়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পায়া

পায়া তৰকাৰী
অন্য নাম চিৰি পায়া
প্ৰকাৰ চুপ বা তৰকাৰী
প্ৰকাৰ পুৱাৰ আহাৰ
অঞ্চল দক্ষিণ এছিয়া
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন ভাৰতীয়, পাকিস্তানী, বাংলাদেশী ব্যঞ্জন
মুখ্য উপাদান ট্ৰটাৰ বা খুৰা (ছাগলী, গৰুৰ মাংস, ম'হ, বা ভেড়া)ৰ, পিঁয়াজ, বিলাহী, হালধি, আৰু অন্যান্য মছলা

পায়া দক্ষিণ এছিয়াত উৎপত্ৰি হোৱা এক পৰম্পৰাগত খাদ্য[1]। ইয়াক বিভিন্ন উৎসৱ আৰু সমাৱেশত পৰিবেশন কৰা হয়, বা বিশেষ অতিথিৰ বাবে তৈয়াৰ কৰা হয়। হিন্দী আৰু উৰ্দু ভাষাত পায়াৰ অৰ্থ হৈছে 'ভৰি'/'পদ'।[2] এই খাদ্যৰ মূল উপাদান হ’ল গৰু, ছাগলী, ম’হ বা ভেড়াৰ ট্ৰ’টাৰ (খুৰা), যিবোৰ বিভিন্ন মছলাৰে সিজোৱা হয়।

উৎপত্তি

[সম্পাদনা কৰক]

দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ খাদ্যৰ সংমিশ্ৰণৰ পৰা পায়াৰ উৎপত্তি হৈছিল। লাহোৰ, তেলেংগানা ৰাজ্যৰ হায়দৰাবাদ, লক্ষ্ণৌৰ ৰান্ধনীসকলে এই খাদ্যৰ অভিযোজন কৰিছিল। ভাৰতৰ ভোপালে তেতিয়া এই ব্যঞ্জন গ্ৰহণ কৰিছিল। ভূপাল এতিয়া এই খাদ্যৰ বিশেষজ্ঞ (এইটো ভূপালৰ আৱশ্যকীয় খাদ্য হৈ পৰিছে) আৰু ভূপালৰ ৰান্ধনীসকলে ইয়াক ৰন্ধনৰ পদ্ধতিৰ বাবে বিখ্যাত।[3]

পৰৱৰ্তী সময়ত সমগ্ৰ বৰ্তমানৰ ভাৰত, পাকিস্তান আৰু বাংলাদেশত পায়া জনপ্ৰিয় হৈ পৰে। ভাৰত উপমহাদেশৰ বাহিৰত দক্ষিণ এছিয়াৰ খাদ্য পৰিবেশন কৰা ৰেষ্টুৰেণ্টত পায়া উপলভ্য। দিল্লীত কেতিয়াবা খুৰ শব্দৰ পৰা খুৰদে বুলিও কোৱা হয় যাৰ অৰ্থ ভৰি বা খুৰা। হিন্দী খুৰ শব্দটো নিজেই সংস্কৃত খুৰাৰ পৰাই উদ্ভৱ হৈছে।

মাৰাঠা শৈলীৰ পায়া তৰকাৰী

এই খাদ্যৰ ৰেচিপি আঞ্চলিকভাৱে ভিন্ন। চুপ বেচটো ছটেড পিঁয়াজ আৰু হালধিৰ দ্বাৰা তৈয়াৰ কৰা হয়, য’ত তাৰ পিছত মাংস আৰু হাড়ত কেইবাটাও তৰকাৰী ভিত্তিক মছলা যোগ কৰা হয়। ৰন্ধা খাদ্যত সতেজ টুকুৰা টুকুৰ কৰা আদা আৰু সতেজ দীঘল ধনীয়া পাতৰ লগতে সতেজ কাটি লোৱা নেমুৰ সৈতে পৰিবেশন কৰা হয়।[4]

ৰন্ধা পদ্ধতি

[সম্পাদনা কৰক]

ইয়াক মৃদু জুইত ঘণ্টাৰ পিছত ঘণ্টা (সাধাৰণতে ৰাতিটো) চৌকাত ৰান্ধিব লাগে। অৱশ্যে আজিকালি ইয়াক বেছিভাগেই প্ৰেচাৰ কুকাৰত ৰান্ধি লোৱা হয়।

ঐতিহাসিকভাৱে যেতিয়া মানুহে কাঠ বা কয়লাক ৰন্ধা-বঢ়াৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিছিল, তেতিয়া এই খাদ্য প্ৰস্তুত কৰাটো ৰাতিৰ পৰা আৰম্ভ হৈছিল, লাহে লাহে কয়লাত ৰাতিপুৱালৈকে ৰন্ধা হৈছিল। এই খাদ্যবিধ চূপৰ দৰে স্থায়িত্বৰ আৰু সাধাৰণতে শীতকালত নানৰ সৈতে ব্ৰেকফাষ্ট খাদ্য হিচাপে খোৱা হয়।

তাৰতম্য

[সম্পাদনা কৰক]

এই খাদ্যৰ বহুতো ভিন্নতা আছে।[5] এটা জনপ্ৰিয় হৈছে ছিৰি পায়া (سری پایا, ছিৰি),[6] য'ত চিৰিৰ অৰ্থ হ'ল কোনো প্ৰাণীৰ মূৰ। ইয়াক এক সুস্বাদু খাদ্য বুলি গণ্য কৰা হয়।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Tamil Attukaal Paya (ஆட்டுக்கால் பாயா)" (ta ভাষাত). Vikatan. 2017. https://www.vikatan.com/food/recipes/130561-sheep-leg-paya। আহৰণ কৰা হৈছে: 1 February 2020. 
  2. "पाया (Paya) meaning in English - पाया मीनिंग - Translation" (en ভাষাত). Hinkhoj. 2007. http://dict.hinkhoj.com/पाया-meaning-in-english.words। আহৰণ কৰা হৈছে: 5 June 2018. 
  3. "Paya In Shorba & Salan". Upper Crust Magazine. http://www.uppercrustindia.com/oldsite/11crust/eleven/feature11.htm। আহৰণ কৰা হৈছে: 15 April 2014. 
  4. Bapsi Sidhwa (2005). City of Sin and Splendour: Writings on Lahore. Penguin Books. 
  5. "Paya recipes | KhanaPakana.com". http://www.khanapakana.com/recipe-search/s/paya। আহৰণ কৰা হৈছে: 22 April 2013. 
  6. "Special Siri Paye (Mutton Trotters) سپیشل سری پائے - Chef Shazia". http://www.khanapakana.com/recipe/3937a32d-bdf4-48e3-ac7c-5c69066bbed4/special-siri-paye-mutton-trotters-। আহৰণ কৰা হৈছে: 18 April 2013.