সমললৈ যাওক

পায়েল ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পায়েল ঘোষ

পায়েল ঘোষ, ২০১৮ চনত
জন্ম ১৯৮৯ (বয়স ৩৬–৩৭)[1]
কলকাতা, পশ্চিম বংগ, ভাৰত
অন্য নাম হৰিকা[2]
শিক্ষানুষ্ঠান স্কটিছ চাৰ্চ কলেজ
পেচা অভিনেত্ৰী, ৰাজনীতিবিদ
সক্ৰিয় হৈ থকা সময় ২০০৮–বৰ্তমান
ৰাজনৈতিক দল ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে) (২০২০–বৰ্তমান)
ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ মহিলা শাখাৰ উপ-সভানেত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৬ অক্টোবৰ ২০২০


পায়েল ঘোষ (জন্ম ১৯৮৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মুখ্যতঃ তেলেগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ মহিলা শাখাৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

পায়েল ঘোষে কলকাতাস্থিত ছেইণ্ট পলছ মিছন স্কুলত অধ্যয়ন কৰে।[4] তেওঁ স্কটিছ চাৰ্চ কলেজ, কলকাতা পৰা ৰাজনীতি বিজ্ঞানত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে।[2] বৰ্তমান তেওঁ মুম্বাইত বসবাস কৰি পেচাগত কামত নিয়োজিত।

অভিনয় জীৱন

[সম্পাদনা কৰক]

১৭ বছৰ বয়সত পায়েল ঘোষে এগৰাকী বন্ধুৰ সৈতে শ্বাৰপচ পেৰিল নামৰ বিবিচি টেলিফিল্মখনৰ অডিচনত অংশ লয় আৰু তাতেই অভিনয়ৰ সুযোগ লাভ কৰে। এই ঐতিহাসিক চলচ্চিত্ৰখনত তেওঁ বংগৰ এগৰাকী বিপ্লৱী স্বাধীনতা সংগ্ৰামীৰ কন্যাৰ ভূমিকাত অভিনয় কৰে।[1]

পাছত তেওঁ এখন কানাডিয়ান চলচ্চিত্ৰত অভিনয় কৰে, য’ত তেওঁ এগৰাকী ছাত্ৰীৰ চৰিত্ৰ ৰূপায়ণ কৰে।[5]

পিতৃ-মাতৃৰ আপত্তিৰ পিছতো কলেজৰ বন্ধৰ সময়ত তেওঁ কলকাতা এৰি মুম্বাইলৈ যায় আৰু অভিনেতা নমিত কিশোৰৰ অভিনয় একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে। তাতেই পৰিচালক চন্দ্ৰ শেখৰ ইয়েলেটিৰ সৈতে পৰিচয় হৈ তেওঁ তেলেগু চলচ্চিত্ৰ প্ৰয়াণমত মুখ্য ভূমিকাত অভিনয়ৰ সুযোগ লাভ কৰে।[1]

ইয়াৰ পাছত তেওঁ মিষ্টাৰ ৰাচকেল, ওছাৰাভেল্লী আৰু কন্নড় চলচ্চিত্ৰ বৰ্ষাধাৰেত অভিনয় কৰে। তেওঁ প্ৰথম তামিল চলচ্চিত্ৰ থেৰ’ডাম ভিদিয়িলেত অভিনয় কৰে আৰু ২০১২ চনত বিবেক অগ্নিহোত্ৰীৰ হিন্দী চলচ্চিত্ৰ ফ্ৰিডমত নিৰ্বাচিত হয়।[6]

২০১৭ চনত তেওঁৰ অভিনীত হিন্দী চলচ্চিত্ৰ পেটেল কী পঞ্জাবী সাথী মুক্তি লাভ কৰে।

২০২০ চনৰ এপ্ৰিল মাহত তেওঁ আৰ্থিক সংকটত ভুগি থকা বুলি প্ৰকাশ কৰে।[7]

মানহানি মামলা

[সম্পাদনা কৰক]

২৩ ছেপ্টেম্বৰ ২০২০ তাৰিখে পায়েল ঘোষে পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।[8] এই অভিযোগৰ পাছত বিষয়টো দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰে।

পাছত অভিনেত্ৰী ৰিচা চন্দায়ে পায়েল ঘোষৰ বিৰুদ্ধে মানহানিৰ মামলা ৰুজু কৰে আৰু পৰৱৰ্তী সময়ত পায়েল ঘোষে নিঃশৰ্ত ক্ষমা বিচাৰে।[9]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২৬ অক্টোবৰ ২০২০ তাৰিখে পায়েল ঘোষে ৰামদাস আঠাৱালেৰ নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ত যোগদান কৰে আৰু সেইদিনাই দলটোৰ মহিলা শাখাৰ উপ-সভানেত্ৰী হিচাপে নিযুক্ত হয়।[10]

ফিল্ম'গ্ৰাফী

[সম্পাদনা কৰক]

চলচ্চিত্ৰসমূহ

[সম্পাদনা কৰক]
চন শীৰ্ষক ভূমিকা ভাষা টোকা
২০০৮ শ্বাৰপচ পেৰিল পেডমে ইংৰাজী ব্ৰিটিছ চলচ্চিত্ৰ
২০০৯ প্ৰিয়ম হৰিকা তেলেগু
২০১০ বৰ্ষাধাৰে মিথিলী কন্নড়
২০১১ ওছাৰাভেল্লী চিত্ৰা তেলেগু
মিষ্টাৰ ৰাচকেল সৌন্দৰ্য
২০১৭ পেটেল কী পঞ্জাবী সাথী পূজা হিন্দী

টেলিভিছন

[সম্পাদনা কৰক]
চন শীৰ্ষক ভূমিকা চেনেল
২০১৬ সাথ নিভানা সাথিয়ে ৰাধিকা ষ্টাৰ প্লাছ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "South actress Payal Ghosh debuts in Sanjay Chhel's untitled Hindi film" (en ভাষাত). The Indian Express. 20 February 2014. http://indianexpress.com/article/entertainment/screen/south-actress-payal-ghosh-debuts-in-sanjay-chhels-untitled-film/। আহৰণ কৰা হৈছে: 31 March 2014. 
  2. 2.0 2.1 "Exclusive Interview With Harika (Payal Ghosh)" (en ভাষাত). CineGoer. 16 June 2009. http://www.cinegoer.net/telugu-cinema/interviews/interview-with-harika-payal-ghosh.html। আহৰণ কৰা হৈছে: 31 March 2014. 
  3. "Payal Ghosh makes her debut with industry veterans-Times of India". TimesofInia.indiantimes.com. 28 January 2017. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Payal-Ghosh-makes-her-debut-with-industry-veterans/articleshow/53174968.cms। আহৰণ কৰা হৈছে: 11 September 2017. 
  4. "Southern Sirens". The Telegraph (India). 3 September 2010. https://www.telegraphindia.com/entertainment/southern-sirens/cid/482150। আহৰণ কৰা হৈছে: 31 March 2014. 
  5. k.r. manigandan (16 September 2012). "A step forward". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/a-step-forward/article3902484.ece। আহৰণ কৰা হৈছে: 31 March 2014. 
  6. "Payal ghosh to make her Bollywood debut". The Times of India. 22 December 2012. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news-interviews/Payal-ghosh-to-make-her-Bollywood-debut/articleshow/17720238.cms। আহৰণ কৰা হৈছে: 31 March 2014. 
  7. "Payal Ghosh is 'financially broken, living a life never imagined'". MSN. https://www.msn.com/en-in/entertainment/news/payal-ghosh-is-financially-broken-living-a-life-never-imagined/ar-BB12FowN. 
  8. "Payal Ghosh: Anurag Kashyap got naked in front of me" (en ভাষাত). Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/payal-ghosh-anurag-kashyap-got-naked-in-front-of-me/articleshow/78215737.cms. 
  9. "Payal Ghosh Tenders Unconditional Apology To Richa Chadha" (en ভাষাত). livelaw.in. https://www.livelaw.in/news-updates/payal-ghosh-tenders-unconditional-apology-to-richa-chadha-bombay-hc-accepts-undertaking-suit-ends-against-ghosh-kept-open-against-other-defendants-164442. 
  10. "Actor Who Accused Anurag Kashyap Of Rape Joins Ramdas Athawale's Party" (en ভাষাত). NDTV. https://www.ndtv.com/india-news/actor-joins-ramdas-athawale-rpi-had-accused-anurag-kashyap-of-rape-2315900. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]