পায়্যন্নুৰ পৱিত্ৰ মথিৰাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
শ্ৰী সুভ্ৰামান্য স্বামী মন্দিৰ, পায়্যন্নুৰ

পায়্যন্নুৰ পৱিত্ৰ মথিৰাম ভাৰতীয় সকলে ধৰ্মীয় মূল্যবোধৰ বাবে পিন্ধা এক বিশেষ প্ৰকাৰৰ আঙঠি। এই পৱিত্ৰ আঙঠি 'পিথ্ৰু বলী' বা মৃত পূৰ্বপুৰুষৰ বাবে প্ৰাৰ্থনা অনুষ্ঠানত পিন্ধা হয়। এই আঙঠি পাৰম্পাৰিক ভাবে দূবৰি ঘাঁহৰ পৰা তৈয়াৰ কৰা হৈছিল। আধুনিক 'পৱিত্ৰ মথিৰাম' সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়। আঙঠিৰ আকাৰ আকৃতিৰ ফালৰ পৰা অনন্য আৰু দেখিবলৈ গাঁঠিৰ নিচিনা।[1] ৰূপেৰেও এই আঙঠি তৈয়াৰ কৰা হয়। মৃত পূৰ্বপুৰুষৰ বাবে পূজাৰ অনুষ্ঠানত এই আঙঠি সোঁ হাতৰ মধ্যমা আঙুলিত পিন্ধা হয়।

ইতিহাস[সম্পাদনা কৰক]

এই আঙঠিৰ উৎপত্তি পায়্যন্নুৰ সুভ্ৰামান্য মন্দিৰৰ লগত জড়িত। এই মন্দিৰত পৱিত্ৰ পূজা অৰ্চনাৰ বাবে ঘাঁহেৰে তৈয়াৰ কৰা এই আঙঠি পিন্ধিবলৈ জোৰ দিয়া হৈছিল। পৰৱৰ্তী কালত মন্দিৰৰ পুৰোহিতে স্থায়িত্বৰ বাবে সোণৰ আঙঠি ব্যৱহাৰ কৰা আৰম্ভ কৰিলে। আঙঠি তৈয়াৰ কৰোঁতে এজন পাৰম্পাৰিক কাৰিগৰক সম্পূৰ্ণ এদিন সময় লাগে। এজন পৱিত্ৰ কাৰিগৰ হবলৈ তেওঁ গোটেই জীৱন মাংস বা খাৱ বা মদ্যপান কৰিব নোৱাৰে।[2]

ঐতিহাসিক পৱিত্ৰ আঙঠি

নামৰ উৎপত্তি[সম্পাদনা কৰক]

পৱিত্ৰম শব্দৰ অৰ্থ পৱিত্ৰ আৰু মথিৰামৰ অৰ্থ আঙঠি। উভয় শব্দ মালয়ালম ভাষাৰ পৰা আহিছে। মালায়লাম ভাৰতৰ কেৰালা ৰাজ্যৰ স্থানীয় ভাষা।[3]

আঙঠিৰ গঠনপ্ৰকৃতি[সম্পাদনা কৰক]

এই আঙঠিৰ ওপৰৰ পৃষ্ঠতলত তিনটা ৰেখা আছে যি মানৱ দেহৰ তিনটা শিৰাক (ইডা, পিংগলা আৰু সুষুম্না) প্ৰকাশ কৰে। এই তিনটা শিৰাৰ সমন্বয়ত মানৱ জাতিৰ ‘কুণ্ডলিনী শক্তি’ বা ‘প্ৰাণ শক্তি’ক জাগ্ৰত কৰে।

পায়্যন্নুৰ পৱিত্ৰ আঙঠি

ত্ৰিমূৰ্তি চৈতন্যয়ম[সম্পাদনা কৰক]

পায়্যন্নুৰৰ হিন্দুসকলৰ মতে, এই আঙঠি পিন্ধিলে হিন্দু ধৰ্মৰ তিনি দেৱতা: ব্ৰহ্মা, শিৱ আৰু বিষ্ণুৰ শক্তি জাগ্ৰত কৰে।

শাস্ত্ৰীয় আচাৰ-অনুষ্ঠান[সম্পাদনা কৰক]

এই আঙঠি তৈয়াৰ কৰোঁতে আৰু পিন্ধোঁতে যি কোনো ব্যক্তিকে কঠোৰ বিধিনিষেধ পালন কৰিবলগীয়া হয়। তেওঁলোকে কোনো ধৰণৰ মাংস খাৱলৈ নোৱাৰে আৰু মদ্যপান তেওঁলোকৰ বাবে সম্পূৰ্ণ নিষিদ্ধ। মহিলাসকলৰ ঋতুস্ৰাবৰ সময়ত ইয়াক খুলি থব লাগে। পায়্যন্নুৰৰ সুভ্ৰমান্য মন্দিৰত পৱিত্ৰ হোৱাৰ পিছত ক্ৰেতাক এই আঙঠি দিয়া হয়।

জনপ্ৰিয়তা[সম্পাদনা কৰক]

পায়্যন্নুৰ পৱিত্ৰ মথিৰাম পৃথিৱীব্যাপী বিভিন্ন যাদুঘৰত প্ৰদৰ্শন কৰা হৈছে। ভাৰতীয় বিখ্যাত স্বাধীনতা যোদ্ধা শ্ৰী চি.ভি. কুনহাম্বু এই আঙঠি তৈয়াৰ কৰাত পাৰদৰ্শী আছিল।[4]

যোগ পালন[সম্পাদনা কৰক]

প্ৰাচীন ভাৰতীয় যোগশাস্ত্ৰ মতে, মানৱদেহত তিনটি শক্তি প্ৰবাহিণী আছে আৰু এই প্ৰবাহিণীৰ সঠিক প্ৰবাহ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰি মানুহৰ উন্নতি সাধন কৰে।

  • 'পিংগলা' দেহৰ সোঁ দিশত অৱস্থিত যি সৌৰ শক্তিকে নিৰ্দেশ কৰে।
  • ইডা মেৰুদণ্ডৰ বাওঁ দিশত অৱস্থান কৰে আৰু চন্দ্ৰ শক্তিক প্ৰকাশ কৰে।
  • 'সুষুম্না' মাজত অৱস্থান কৰে আৰু সৃষ্টিগত শক্তিক প্ৰতিনিধিত্ব কৰে।

এই তিনটা প্ৰবাহিণীৰ তলত কুণ্ডলিনী শক্তি অৱস্থান কৰে আৰু মানৱ দেহত শক্তিশালী আবেগৰ আবিৰ্ভাৱ ঘটায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]