সমললৈ যাওক

পালজোৰ জিগমে দৰ্জী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পালজোৰ দৰ্জি
১ম মুখ্য ন্যায়াধীশ ভূটানৰ উচ্চ ন্যায়ালয়
কাৰ্যকাল
১৯৭৪ – ১৯৮৭
(কৰ্মৰত: ১৯৭৪ – ১৯৮৫)
ৰাজশাসক জিগমে চিংগে ৱাংচুক
পূৰ্বসূৰী কোনো নাই, কাৰ্যালয় স্থাপন কৰা হৈছে
উত্তৰসূৰী ছাংগাই পেঞ্জোৰে
ব্যক্তিগত তথ্য
জন্ম ২৪ আগষ্ট, ১৯৪৩ (৮৩ বছৰ)
ভূটান হাউচ, কালিম্পং, ভাৰত
ৰাষ্ট্ৰীয়তা ভূটানী
সন্তান
মাতৃ চেৰিং ইয়াংজম
পিতৃ জিগমে পালডেন ডৰ্জি
সম্বন্ধীয় জিগমে চিংগে ৱাংচাক (কাজিন)
পেচা
  • কূটনীতিবিদ
  • বিচাৰক
  • পৰিৱেশবিদ
প্ৰখ্যাত ভূটানৰ প্ৰথমটো বেচৰকাৰী সংস্থা প্ৰতিষ্ঠা,
ভূটানত ক’লা ডিঙিৰ ক্ৰেন সংৰক্ষণ।

দশো পালজোৰ জিগমে দৰ্জি (ইংৰাজী: Paljor Dorji)ক[1][2] সাধাৰণতে দশো বেঞ্জী বুলি জনা যায়, তেওঁ ভূটানৰ এজন পৰিৱেশবিদ, ন্যায়াধীশ আৰু কূটনীতিবিদ।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

পৰিৱেশবাদ

[সম্পাদনা কৰক]

পালজোৰ জিগমে দৰ্জীক প্ৰায়ে ভূটানৰ "গডফাদাৰ অৱ কনজাৰ্ভেচন" বুলি কোৱা হয়,[4] তেওঁ ভূটানৰ প্ৰথমটো বেচৰকাৰী সংস্থা ৰয়েল ছ’চাইটি ফৰ দ্য প্ৰটেকচন অৱ নেচাৰ প্ৰতিষ্ঠা কৰে।[3] তেওঁ ভূটানৰ ক'লা ডিঙিৰ ক্ৰেনৰ সংখ্যা সংৰক্ষণ আৰু দেশৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ১৯৮৭ চনত ভূটানৰ প্ৰথমটো বেচৰকাৰী সংস্থা ৰয়েল ছ'চাইটি ফৰ দ্য প্ৰটেকচন অৱ নেচাৰ প্ৰতিষ্ঠা কৰে।[5]

১৯৯৮ চনত প্ৰকাশিত দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰিৱেশ কৌশলৰ খচৰা প্ৰস্তুত কৰা কামৰ লগতো তেওঁ জড়িত আছিল।[6] ৰাষ্ট্ৰীয় পৰিৱেশ আয়োগকে ধৰি ভূটানৰ অসংখ্য সংৰক্ষণ আৰু পৰিৱেশ সংস্থাৰ উপদেষ্টা হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। দৰ্জীক নীতি নেতৃত্বৰ বাবে জিগমে চিংগে ৱাংচাক আউটষ্টেণ্ডিং এনভাইৰনমেণ্টেল ষ্টুয়াৰ্ডশ্বিপ বঁটাও প্ৰদান কৰা হয়।[5] ভূটান পক্ষীবিজ্ঞান সমিতিৰ লগতে ভূটান পৰিৱেশ সমিতিও তেওঁ নিজেই প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ দুয়োটা সংস্থাৰ প্ৰতিষ্থাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[4]

২০১৮ চনত ৰয়েল ছ'চাইটি ফৰ দ্য প্ৰটেকচন অৱ নেচাৰে তেওঁক "প্ৰকৃতিৰ নায়ক" হিচাপে ভূষিত কৰে।[5]

দৰ্জীয়ে ১৯৬৯ চনৰপৰাই ভূটান চৰকাৰত সেৱা আগ বঢ়াই আহিছে।[4] তেওঁ ভূটানৰ প্ৰাক্তন ৰজা জিগমে চিংগে ৱাংচুকৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[5]

তেওঁ ১৯৬৯ চনৰপৰা ১৯৭২ চনলৈকে পাৰো জিলাৰ দণ্ডাধীশ হিচাপে, ১৯৭২ চনৰপৰা ১৯৭৪ চনলৈকে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[7] জিগমে পালডেন দৰ্জীয়ে তেওঁক ১৯৭৪ চনৰপৰা ১৯৮৭ চনলৈকে (১৯৭৪ চনৰপৰা ১৯৮৫ চনলৈকে ভাৰপ্ৰাপ্ত ক্ষমতা) কাৰ্যনিৰ্বাহ কৰা ভূটানৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।[4] তেওঁৰ পাছত ১৯৮৭ চনত ৰজাই নিযুক্তি দিয়া লিয়নপো ছাংগাই পেঞ্জোৰ মুখ্য ন্যায়াধীশ হয়।[7]

১৯৮৮ চনৰপৰা ১৯৯১ চনলৈকে তেওঁ সমাজ সেৱাৰ উপ-মন্ত্ৰী আৰু ১৯৯৪ চনৰপৰা ১৯৯৭ চনলৈকে ৰাষ্ট্ৰীয় পৰিৱেশ আয়োগৰ উপ-মন্ত্ৰীও আছিল।[4]

কূটনীতিবিদ হিচাপে

[সম্পাদনা কৰক]

কূটনীতিবিদ হিচাপে পালজোৰ জিগমে দৰ্জীয়ে ১৯৯১ চনৰপৰা ১৯৯৪ চনলৈকে ৰাষ্ট্ৰসংঘ আৰু ইউৰোপৰ ৰাজধানীসমূহত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু বহু কথা এতিয়াও জানিব পৰা হোৱা নাই।[4]

ফিল্মগ্ৰাফী

[সম্পাদনা কৰক]

২০১৬ চনত পালজোৰ জিগমে দৰ্জীয়ে আমেৰিকান পৰিচালক গ্ৰেগ হেমিল্টনৰ দুঃসাহসিক তথ্যচিত্ৰ পাৱাৰ অৱ দ্য ৰিভাৰ: এক্সপেডিচন টু দ্য হাৰ্ট অৱ ৱাটাৰ ইন ভূটান[8] অভিনয় কৰিছিল য'ত ভূটানৰ নদীসমূহত বান্ধ স্থাপনৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে‍।[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ভূটানৰ প্ৰথম প্ৰধানমন্ত্ৰী জিগমে পালডেন দৰ্জীৰ পুত্ৰ পালজোৰ জিগমে দৰ্জী। টবগিয়ে দৰ্জি তেওঁৰ ভাতৃ আৰু এজন প্ৰাক্তন কূটনীতিবিদ; পেৰুৰ হোটেলৰ মালিক।[3] ৰাজপৰিয়ালৰ এজন সদস্য[10] পালজোৰ দৰ্জী ভূটানৰ চতুৰ্থ ৰজা জিগমে চিংগে ৱাংচুকৰ এজন খুলশালীয়েক।[5] তেওঁৰ মাতৃ আছিল তিব্বতী অভিজাত পৰি‍য়াল ছাৰংৰ কন্যা আছি চেৰিং ইয়াংজম।[11]

ভাৰতৰ দাৰ্জিলিঙৰ এখন বৰ্ডিং স্কুলত কানাডাৰ জেচুইটসকলৰপৰা বাস্কেটবল খেল শিকি‍ খেলবিধ ভূটানলৈ অনাৰ কৃতিত্বও তেওঁক দিয়া হয়। তেওঁ ৰজা জিগমে চিংগে ৱাংচাকক তেওঁৰ কৈশোৰ কালত এই খেলবিধ শিকাইছিল।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lipsey, Rick (22 December 2008). "Apple Pie and Bichons Frises at Benji's". Golfing on the Roof of the World: In Pursuit of Gross National Happiness. Bloomsbury Publishing USA. পৃষ্ঠা. 34. ISBN 978-1596918450.
  2. "Paljor Jigme Dorji". The Energy and Resources InstituteWorld Sustainable Development Forum. http://wsds.teriin.org/2010/bio2010/dorji.pdf আহৰণ কৰা হৈছে: 9 January 2018.[সংযোগবিহীন উৎস]
  3. 1 2 3 Weissmann, Arnie (6 October 2011). "Dispatch, Bhutan: Diplomats and hoteliers". Travel Weekly. http://www.travelweekly.com/Asia-Travel/Dispatch-Bhutan-Diplomats-and-hoteliers আহৰণ কৰা হৈছে: 9 January 2018.
  4. 1 2 3 4 5 6 Naturenomics Team (24 November 2016). "Case Study: Dasho Paljor J. Dorji". Balipara Foundation. Archived from the original on 9 January 2018. https://web.archive.org/web/20180109122152/http://www.baliparafoundation.com/en/blog/case-study-dasho-paljor-j-dorji আহৰণ কৰা হৈছে: 9 January 2018.
  5. 1 2 3 4 5 "Nature's Heroes Award for Bhutan's Godfather of conservation". Bird Life Asia. 4 January 2018. http://www.birdlife.org/asia/news/nature%E2%80%99s-heroes-award-bhutan%E2%80%99s-godfather-conservation আহৰণ কৰা হৈছে: 9 January 2018.
  6. Faxon, Hilary (14 September 2014). "Good Evening, Dasho Benji!". Sage. http://www.sagemagazine.org/good-evening-dasho-benji/ আহৰণ কৰা হৈছে: 9 January 2018.
  7. 1 2 "Golden Jubilee: The establishment of the High Court of Bhutan". Kuensel. 3 November 2017. http://www.kuenselonline.com/golden-jubilee-the-establishment-of-the-high-court-of-bhutan/ আহৰণ কৰা হৈছে: 9 January 2018.
  8. "Texas Premiere of Power of the River: Expedition to the Heart of Water in Bhutan". Bhutan Foundation. 18 November 2016. https://bhutanfound.org/texas-premiere-film-power-river-expedition-heart-water-bhutan/ আহৰণ কৰা হৈছে: 9 January 2018.
  9. "'Adventures in Asia' Block of 3 films". Breckenridge Film Festival. 2016. http://breckfilmfest.org/event/adventures-in-asia-block-of-3-films/ আহৰণ কৰা হৈছে: 9 January 2018.[সংযোগবিহীন উৎস]
  10. Harris, Gardiner (4 October 2014). "Index of Happiness? Bhutan's New Leader Prefers More Concrete Goals". New York Times. https://www.nytimes.com/2013/10/05/world/asia/index-of-happiness-bhutans-new-leader-prefers-more-concrete-goals.html আহৰণ কৰা হৈছে: 9 January 2018.
  11. "Tsering Yangzom (Tess) on a swing in Dekyi Linga garden". https://tibet.prm.ox.ac.uk/photo_2001.59.7.56.1.html.
  12. Harris, Gardiner (14 October 2013). "In Bhutan, a Bid to Turn Basketball From a Royal Sport to a National One". New York Times. https://www.nytimes.com/2013/10/15/sports/in-bhutan-turning-a-royal-sport-into-a-national-one-is-no-slam-dunk.html আহৰণ কৰা হৈছে: 9 January 2018.