পাৰমিতা ভোহ্ৰা
| পৰমিতা ভোহ্ৰা | |
|---|---|
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখিকা |
| জনা যায় | তথ্যচিত্ৰ নিৰ্মাণ |
| উল্লেখযোগ্য কৰ্ম | খামোশ পানী, আনলিমিটেড গাৰ্লছ, Q2P |
পৰোমিতা ভোহ্ৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখিকা। নগৰীয়া জীৱন, ইচ্ছা-আকাংক্ষা, পপ সংস্কৃতি আৰু লিংগ বিষয়ক বিষয়ত নিৰ্মিত তেখেতৰ তথ্যচিত্ৰসমূহৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।[1] তেওঁ পুৰস্কাৰপ্ৰাপ্ত পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ খামোশ পানীৰ চিত্ৰনাট্যো ৰচনা কৰিছে।[2]
তেওঁৰ চলচ্চিত্ৰ প্ৰযোজনা সংস্থা পাৰোদেৱী পিকচাৰ্চ মুম্বাইত অৱস্থিত।[3] তেওঁ ছানডে মিড-ডে কাকতত Paro-normal Activity শীৰ্ষক স্তম্ভ লিখে।[4] ইয়াৰ উপৰিও তেওঁ মুম্বাই মিৰৰ কাকতৰ বাবে সাপ্তাহিক স্তম্ভ লিখিছিল।[5]
জীৱনী
[সম্পাদনা কৰক]ভোহ্ৰা মুম্বাইত বাস কৰে।[6] তেওঁ শিখা ভোহ্ৰাৰ কন্যা।[7] শিখা ভোহ্ৰা আছিল সংগীত পৰিচালক অনিল বিস্বাসৰ প্ৰথম পত্নী আশালতা বিস্বাসৰ কন্যা। আশালতা বিস্বাস আছিল এগৰাকী অভিনেত্ৰী, যিয়ে ১৯৩০ আৰু ১৯৪০ দশকত হিন্দী চলচ্চিত্ৰত কাম কৰিছিল।[8]
ভোহ্ৰাই দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছত ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈ গণ যোগাযোগ (Mass Communication) বিষয়ত অধ্যয়ন কৰিছিল।[9]
ভোহ্ৰাই ভাৰতত যৌন বিষয়সমূহক ইতিবাচকভাৱে উপস্থাপন কৰাৰ উদ্দেশ্যে গঢ়ি তোলা অনলাইন প্লেটফৰ্ম Agents of Ishqৰ সহ-প্ৰতিষ্ঠাপক।[10] তেওঁ বৰ্তমান এই প্লেটফৰ্মটোৰ সৃষ্টিশীল পৰিচালক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।[11]
Agents of Ishq-ত ইংৰাজী আৰু হিন্দী ভাষাত বহু-মাধ্যমীয় বিষয়বস্তু উপলব্ধ।[10] এই প্লেটফৰ্মে পাঠকসকলক সমগ্ৰ যৌন শিক্ষা লাভ কৰাত সহায় কৰে আৰু যৌন শিক্ষা, যৌন অভিজ্ঞতা আৰু যৌন আচাৰ-ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[12]
ভোহ্ৰাই উল্লেখ কৰিছে যে এই প্লেটফৰ্মটোৱে “ইচ্ছা, স্বাধীনতা, লিংগ, সমতা আৰু পছন্দ”ৰ বিষয়ে আলোচনা কৰিব লাগে।[13] লগতে ইয়াক এনে এখন মঞ্চ হিচাপে গঢ়ি তুলিবলৈ বিচাৰে য’ত ভাৰতীয় যুৱসমাজে যৌনতা সম্পৰ্কীয় সঠিক তথ্য লাভ কৰিব পাৰে।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Aitken, Ian (31 October 2011). The Concise Routledge Encyclopedia of the Documentary Film. Routledge. পৃষ্ঠা. 405. ISBN 978-0-415-59642-8. https://books.google.com/books?id=4r8cRrzOavEC&pg=PA405। আহৰণ কৰা হৈছে: 18 January 2013.
- ↑ Kamath, Sudhish (11 February 2005). "Khamosh Pani". The Hindu. Archived from the original on 29 May 2005. https://web.archive.org/web/20050529161005/http://www.hindu.com/fr/2005/02/11/stories/2005021100380201.htm.
- ↑ "Parodevi Pictures". www.parodevipictures.com. Archived from the original on 2018-03-25. https://web.archive.org/web/20180325171427/http://www.parodevipictures.com/about-our-company/। আহৰণ কৰা হৈছে: 2016-07-07.
- ↑ "The 'Women In Labour' Podcast: Filmmaker Paromita Vohra on adopting narratives free of patriarchy". Firstpost. 2020-04-28. https://www.firstpost.com/living/the-women-in-labour-podcast-filmmaker-paromita-vohra-on-adopting-narratives-free-of-patriarchy-8307511.html। আহৰণ কৰা হৈছে: 2020-06-27.
- ↑ "Articles by Paromita Vohra". https://mumbaimirror.indiatimes.com/author/author-paromita-vohra-479246015.cms। আহৰণ কৰা হৈছে: October 13, 2019.[সংযোগবিহীন উৎস]
- ↑ "Filmmaker-artist Paromita Vohra's new installation urges to not shy away from pleasures aural and oral" (en ভাষাত). The Indian Express. 2019-12-03. https://indianexpress.com/article/lifestyle/art-and-culture/sexual-culture-the-birds-and-the-bees-6147691/। আহৰণ কৰা হৈছে: 2020-06-27.
- ↑ "Ashalata Biswas" (en ভাষাত). Cinemaazi. https://www.cinemaazi.com/people/ashalata-biswas। আহৰণ কৰা হৈছে: 2020-06-27.
- ↑ Pandya, Sonal (October 17, 2016). "Down memory lane: Ashalata Biswas". Cinestan. https://www.cinestaan.com/articles/2016/oct/17/2520। আহৰণ কৰা হৈছে: October 14, 2019.
- ↑ Nathan, Archana (2 April 2015). "And I make documentaries". The Hindu. https://www.thehindu.com/features/friday-review/and-i-make-documentaries-paromita-vohra/article7061461.ece.
- ↑ 10.0 10.1 Almeida, Rhea (December 2018). "How 'Agents of Ishq' is Helping India Talk About Sex". Goethe-Institut/Max Mueller Bhavan. https://www.goethe.de/ins/in/en/kul/sup/fup/21443419.html। আহৰণ কৰা হৈছে: October 15, 2019.
- ↑ "The Team - Agents of Ishq". Agents of Ishq. https://agentsofishq.com/team। আহৰণ কৰা হৈছে: October 15, 2019.
- ↑ 12.0 12.1 Mantri, Geetika (September 30, 2016). "Singing condoms, podcasts and memes: 'Agents of Ishq' is on a mission to make sex ed fun". The News Minute. https://www.thenewsminute.com/article/singing-condoms-podcasts-and-memes-agents-ishq-mission-make-sex-ed-fun-50671। আহৰণ কৰা হৈছে: October 15, 2019.
- ↑ Cook, Ian M; Udupa, Sahana (September 6, 2019). "Online Gods Ep 4: Rumours and the Agents of Ishq". Economic and Political Weekly. https://www.epw.in/engage/article/online-gods-ep-4-rumours-and-agents-ishq। আহৰণ কৰা হৈছে: October 15, 2019.