পাৰিপাৰ্শ্বিক কবিতা
পাৰিপাৰ্শ্বিক কবিতা (২০২৩, ইংৰাজী: Pariparshik Kabita) অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ এখন সংকলন। সংকলনখনৰ সম্পাদক কবি, অনুবাদক আৰু লেখক প্ৰকল্প ৰঞ্জন ভাগৱতী। [1]
| পাৰিপাৰ্শ্বিক কবিতা | |
|---|---|
| লেখক | প্ৰকল্প ৰঞ্জন ভাগৱতী (সম্পাদক) |
| প্ৰচ্ছদ শিল্পী | প্ৰদোষ চন্দ্ৰ |
| ভাষা | অসমীয়া |
| প্ৰকাৰ | কবিতা |
| প্ৰকাশক | অসম পাবলিচিং কোম্পানী |
| পৃষ্ঠা সংখ্যা | ২੦৬ |
| আই.এচ.বি.এন. | 978-93-92305-85-6 |
বিৱৰণ
[সম্পাদনা কৰক]সংকলনটিৰ আগকথা লিখিছে সমালোচক আনন্দ বৰমুদৈয়ে। অসমৰ ঊনষাঠিগৰাকী কবিৰ ডেৰশৰো অধিক পাৰিপাৰ্শ্বিক কবিতা সংকলনটোত সন্নিৱিষ্ট হৈছে।[2] সমালোচক বৰমুদৈয়ে আগকথাত কৈছে-- "এই কবিতাৰ সংকলনখনে সাম্প্ৰতিক অসমীয়া কবিতাই কেঁকুৰী এটা ঘূৰাৰ ইংগিত দিছে।"[3] সংকলনটিত সমালোচক মৃদুল বৰদলৈৰ 'Situating the Environmental Turn in Contemporary Assamese Poetry' শীৰ্ষক এটি ইংৰাজী লেখাও সন্নিৱিষ্ট হৈছে।[2]
সাতসৰী আলোচনীত প্ৰকাশিত এটা প্ৰবন্ধত কিতাপখনৰ বিষয়ে জ্যোতিষ্মান দাসে কৈছে, "পাৰিপাৰ্শ্বিক কবিতা (২০২৩) সংকলনটোৱে বিগত বৰ্ষত প্ৰকাশিত অসমীয়া গ্ৰন্থৰ তালিকাত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰাৰ লগতে আমাৰ মুলুকত কবিতা সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু অনুশীলনৰ সুকীয়া বাট এটিও মসৃণকৈ কাটি দিলে।"[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ জ্যোতিষ্মান দাস, 'কবিতাত বাসোপযোগী ধৰাতলৰ প্ৰসংগ', সাতসৰী, ডিচেম্বৰ, ২০২৪, গুৱাহাটী।
- ↑ 2.0 2.1 প্ৰকল্প ৰঞ্জন ভাগৱতী, পাৰিপাৰ্শ্বিক কবিতা ২০২৩, অসম পাবলিচিং কোম্পানী, গুৱাহাটী।
- ↑ জ্যোতিষ্মান দাস, 'কবিতাত বাসোপযোগী ধৰাতলৰ প্ৰসংগ', সাতসৰী, ডিচেম্বৰ, ২০২৪, গুৱাহাটী।
- ↑ জ্যোতিষ্মান দাস, 'কবিতাত বাসোপযোগী ধৰাতলৰ প্ৰসংগ', সাতসৰী, ডিচেম্বৰ, ২০২৪, গুৱাহাটী।