সমললৈ যাওক

পাৰিপাৰ্শ্বিক তত্ত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাৰিপাৰ্শ্বিক তত্ত্ব (ইংৰাজী: eco-criticism) পাশ্চাত্যত বিংশ শতিকাৰ মাজ ভাগত পাৰিপাৰ্শ্বিক সমালোচনা তত্ত্ব নামেৰে এক নতুন সাহিত্যিক তত্ত্বৰ জন্ম হৈছিল। ১৭৮৯ চনত উইলিয়াম ৰুকাটে (Willam Rueckert) প্ৰথমবাৰৰ বাবে পাৰিপাৰ্শ্বিক সমালোচনা তত্ত্বৰ পৰিভাষা হিচাপে 'Ecocriticism' পদটো ব্যৱহাৰ কৰিছিল। তেখেতৰ 'Literature and Ecology:And Experiment in Ecocriticism' নামৰ ৰচনা খনিত। জলবায়ুৰ পৰিৱৰ্তন, প্ৰদূষণ, জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি অহা ভাবুকি, অ'জন স্তৰৰ অৱক্ষয়, সাগৰীয় জলপৃষ্ঠৰ উত্থান আদি পৰিৱেশিক সমস্যাৰ প্ৰতি মানুহৰ মনত সৃষ্টি হোৱা উদ্বিগ্নতাৰ ফলশ্ৰুতিতেই এই নতুন সাহিত্যিক তত্ত্বটোৰ জন্ম হয়।[1][2][3]

উইলিয়াম ৰুকাটে তেওঁৰ 'Literature and Ecology :An experiment in eco-criticism' ৰ্শীষক ৰচনাত পাৰিপাৰ্শ্বিক সাহিত্য় সমালোচনা সৰ্ম্পকে মতপোষণ কৰিছে যে-'পাৰিপাৰ্শ্বিক সমালোচনা তত্ত্ব হ'ল সাহিত্য অধ্যয়নৰ পৰিস্থিতি তন্ত্ৰ আৰু ইয়াৰ অৱধাৰণা সমূহৰ অনুপ্ৰয়োগ। কিয়নো পৰিস্থিতি তন্ত্ৰ আৰু পৰিৱেশ আমি জীয়াই থকা পৃথিৱীখনৰ বৰ্তমান আৰু ভৱিষ্যতৰ সৰ্বাধিক প্ৰাসংগিকতাপূৰ্ণ।[1] ছেৰিল গ্ল'টফেল্টিৰ ভাষাত এয়া সাহিত্য আৰু ভৌতিক পৰিৱেশ আন্তঃসম্পৰ্কৰ অধ্যয়নৰ বাবে নিবেদিত এক নতুন সমীক্ষা পদ্ধতি (The Eco- criticism Reader :Landmarks in Literary Ecology)[2][3]

বিকাশৰ স্তৰ

[সম্পাদনা কৰক]

পাৰিপাৰ্শ্বিক সমালোচনা তত্ত্বৰ চাৰিটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি।[4]

প্ৰথম স্তৰ

[সম্পাদনা কৰক]

পাৰিপাৰ্শ্বিক সমালোচনাৰ প্ৰথম স্তৰ -নাৰীবাদৰ অৱদমন, পৰিৱেশৰ প্ৰতি কৰি অহা অবিচাৰ আৰু অত্যাচাৰৰ এক পাৰস্পৰিক সম্পৰ্ক ইয়াত আলোচনা কৰা হয়।[5]

দ্বিতীয় স্তৰ

[সম্পাদনা কৰক]

১৯৯০ দশকৰ মধ্যভাগ মানত পাৰিৰ্শ্বিক সমালোচনাত তত্ত্বত আৰু কিছু ধাৰণাৰ সংযোগ হয় অৰ্থাৎ  প্ৰকৃতি লেখনৰ মাজতে সীমাবদ্ধ নাথাকি পৰিৱেশক ন্যায় সম্পৰ্কীয় চিন্তা-চেতনাক গুৰুত্ব দিয়া হয়।[6]

তৃতীয় স্তৰ

[সম্পাদনা কৰক]

এই স্তৰটোত পাৰিৰ্পাশ্বিক পুৰুষতন্ত্ৰ,গ্ৰীণ কুইৱেৰবাদ, বস্তুবাদী পাৰিৰ্পাশ্বিক নাৰীবাদ, পশু অধ্যয়ন আৰু উত্তৰ মানৱতাৰ দৰে ধাৰণা অন্তৰ্ভুক্ত হৈছে।[7]

চতুৰ্থ স্তৰ

[সম্পাদনা কৰক]

এই স্তৰত পাৰিৰ্পাশ্বিক সাম্ৰাজ্যবাদ আৰু উত্তৰ ঔপনিৱেশিক পাৰিৰ্পাশ্বিক সমালোচনাৰ দৰে কেতবোৰ ধাৰণা আৰু মতাদৰ্শ সংযোগ কৰা হয়।[1][2][3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Bate, Jonathan. Romantic Ecology: Wordsworth and the Environmental Tradition (1991). London: Routledge, 2013
  2. 2.0 2.1 2.2 Bryson, J. Scott, Ecopoetry:A Critical Introduction Salt lake City: University of Utah Press, 2002
  3. 3.0 3.1 3.2 Glotfelty, Cheryll, and Harold Fromn, eds The Ecocriticism Reader : Landmarks in Literary Ecology. university of Georgia Press, 1996
  4. Glotfelty, Cheryll, and Harold Fromn, eds The Ecocriticism Reader : Landmarks in Literary Ecology. university of Georgia Press, 1996
  5. Glotfelty, Cheryll, and Harold Fromn, eds The Ecocriticism Reader : Landmarks in Literary Ecology. university of Georgia Press, 1996
  6. Glotfelty, Cheryll, and Harold Fromn, eds The Ecocriticism Reader : Landmarks in Literary Ecology. university of Georgia Press, 1996
  7. Glotfelty, Cheryll, and Harold Fromn, eds The Ecocriticism Reader : Landmarks in Literary Ecology. university of Georgia Press, 1996