সমললৈ যাওক

পাৰিপাৰ্শ্বিক তত্ত্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাৰিপাৰ্শ্বিক তত্ত্ব হৈছে সাহিত্য আৰু পৰিবেশবিদ্যাৰ এক আন্তঃবিদ্যাগত দৃষ্টিভংগীৰে কৰা অধ্যয়ন, য'ত সাহিত্য বিশ্লেষকৰ লগতে পৰিবেশীয় চিন্তাৰ সৈতে জড়িত পাঠসমূহ পৰ্যালোচনা কৰা হয় আৰু সাহিত্যত প্ৰকৃতিৰ বিষয়বস্তু কেনেদৰে উপস্থাপন কৰা হৈছে সেয়া বিচাৰ কৰা হয়।[1] এই ধাৰণাৰ সূচনা জ’চেফ মীকাৰে The Comedy of Survival: Studies in Literary Ecology (১৯৭২) নামৰ গ্ৰন্থত "literary ecology" নামেৰে কৰিছিল।[2]

"Ecocriticism" শব্দটো প্ৰথমবাৰ ১৯৭৮ চনত উইলিয়াম ৰুইকাৰ্টে তেওঁৰ প্ৰবন্ধ "Literature and Ecology: An Experiment in Ecocriticism"ত ব্যৱহাৰ কৰিছিল।[3][4] ই সাহিত্যিক, গৱেষক আৰু কবিসকলৰ কামসমূহক পৰিবেশীয় সমস্যা আৰু প্ৰকৃতিৰ প্ৰতি দৃষ্টিভংগীৰে বিশ্লেষণ কৰে।[5] কিছুমান পাৰিপাৰ্শ্বিক তত্ত্ববিদে বৰ্তমান পৰিবেশগত সমস্যা সমাধানৰ বাবে সম্ভাৱ্য উপায় বিচাৰে, যদিও সকলোৰে একে উদ্দেশ্য, পদ্ধতি বা ক্ষেত্ৰ নাথাকে।

আমেৰিকাত, পাৰিপাৰ্শ্বিক তত্ত্ব Association for the Study of Literature and Environment (ASLE)-ৰ সৈতে জড়িত হৈ দেখা যায়,[6] যিয়ে সাহিত্য আৰু পৰিবেশৰ সংযোগমূলক গৱেষণাৰ ক্ষেত্ৰত দ্বি-বাৰ্ষিক সন্মিলন আয়োজন কৰে। ASLE-এ Interdisciplinary Studies in Literature and Environment (ISLE) নামৰ এখন সাময়িকী প্ৰকাশ কৰে, য'ত এই ক্ষেত্ৰৰ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰকাশ পায়।

পাৰিপাৰ্শ্বিক তত্ত্ব হৈছে এক বিস্তৃত পদ্ধতি, যাক "সেউজ (সাংস্কৃতিক) অধ্যয়ন", "ইকোপয়েটিক্‌ছ", আৰু "পৰিবেশীয় সাহিত্য সমালোচনা" আদি নামেও জনা যায়। এই ধাৰণাৰ ওপৰত পৰিবেশবিদ্যা, সুস্থিত নক্সা (sustainable design), জীৱ-ৰাজনীতি (biopolitics), পৰিবেশৰ ইতিহাস, পৰিবেশবাদ, আৰু সামাজিক পৰিবেশবিদ্যা (social ecology) আদি ক্ষেত্ৰৰ প্ৰভাৱ থাকে।

উইলিয়াম ৰুকাটে তেওঁৰ 'Literature and Ecology : An Experiment in Ecocriticism' শীৰ্ষক ৰচনাত পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ বিষয়ে মত প্ৰকাশ কৰিছে যে— 'পাৰিপাৰ্শ্বিক সমালোচনা তত্ত্ব হ'ল সাহিত্য অধ্যয়নত পৰিস্থিতিতত্ত্ব আৰু ইয়াৰ অৱধাৰণাসমূহৰ অনুপ্ৰয়োগ। কিয়নো পৰিস্থিতিতত্ত্ব আৰু পৰিৱেশ আমি জীয়াই থকা পৃথিৱীখনৰ বৰ্তমান আৰু ভৱিষ্যতৰ সৰ্বাধিক প্ৰাসংগিক বিষয়। '[7]

ছেৰিল গ্ল'টফেল্টিৰ ভাষাত, এয়া হৈছে সাহিত্য আৰু ভৌতিক পৰিৱেশৰ আন্তঃসম্পৰ্কৰ অধ্যয়নৰ বাবে নিবেদিত এক নতুন সমীক্ষা পদ্ধতি (The Ecocriticism Reader: Landmarks in Literary Ecology)।[8][9]

বিকাশৰ স্তৰ

[সম্পাদনা কৰক]

পাৰিপাৰ্শ্বিক সমালোচনাৰ তত্ত্বক চাৰিটা ভাগত বিভক্ত কৰি আলোচনা কৰিব পাৰি।[8]

প্ৰথম স্তৰ

[সম্পাদনা কৰক]

পাৰিপাৰ্শ্বিক সমালোচনাৰ প্ৰথম স্তৰত নাৰীবাদৰ অৱদমন, পৰিৱেশৰ প্ৰতি কৰা অবিচাৰ আৰু অত্যাচাৰৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয় আলোচনা কৰা হয়।[8]

দ্বিতীয় স্তৰ

[সম্পাদনা কৰক]

১৯৯০ দশকৰ মধ্যভাগত পাৰিপাৰ্শ্বিক সমালোচনাত তত্ত্ব আৰু কিছু নতুন ধাৰণাৰ সংযোগ ঘটে— অৰ্থাৎ কেৱল প্ৰকৃতি লেখনত সীমাবদ্ধ নাথাকি পৰিৱেশ-ন্যায় সম্পৰ্কীয় চিন্তা-চেতনাকো গুৰুত্ব দিয়া হয়।[8]

তৃতীয় স্তৰ

[সম্পাদনা কৰক]

এই স্তৰটোত পাৰিপাৰ্শ্বিক পুৰুষতন্ত্ৰ, গ্ৰীণ কুইয়াৰবাদ, বস্তুবাদী পাৰিপাৰ্শ্বিক নাৰীবাদ, পশু অধ্যয়ন আৰু উত্তৰ-মানৱতাৰ দৰে ধাৰণাসমূহ অন্তৰ্ভুক্ত কৰা হয়।[8]

চতুৰ্থ স্তৰ

[সম্পাদনা কৰক]

এই স্তৰত পাৰিপাৰ্শ্বিক সাম্ৰাজ্যবাদ আৰু উত্তৰ-ঔপনিৱেশিক পাৰিপাৰ্শ্বিক সমালোচনাৰ দৰে কিছুমান ধাৰণা আৰু মতবাদ সংযোগ কৰা হয়।[7][8][9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "What is ecocriticism? – Environmental Humanities Center" (en-US ভাষাত). http://ehc.english.ucsb.edu/?page_id=2388। আহৰণ কৰা হৈছে: 2020-02-26. 
  2. Meeker, Joseph W. (1972). The Comedy of Survival: Studies in Literary Ecology. প্ৰকাশক New York. ISBN 9780816516865. 
  3. "Ecocriticism" (en ভাষাত). obo. https://www.oxfordbibliographies.com/view/document/obo-9780190221911/obo-9780190221911-0014.xml। আহৰণ কৰা হৈছে: 2021-10-04. 
  4. The Ecocriticism Reader: Landmarks in Literary Ecology. প্ৰকাশক Athens, Georgia: University of Georgia Press. 1996. পৃষ্ঠা. xxviii. ISBN 9-780-8203-1781-6. 
  5. "What is Ecocriticism?: Literary Movements" (en-US ভাষাত). A Research Guide for Students. 2018-08-27. https://www.aresearchguide.com/ecocriticism.html। আহৰণ কৰা হৈছে: 2019-09-05. 
  6. Glotfelty & Fromm 1996, p. xviii
  7. 7.0 7.1 Rueckert, William (1978). Glotfelty, Cheryll; Fromm, Harold. eds. Literature and Ecology: An Experiment in Ecocriticism. University of Georgia Press. পৃষ্ঠা. 105–123. ISBN 978-0-8203-1781-6. 
  8. 8.0 8.1 8.2 8.3 8.4 8.5 Glotfelty, Cheryll (1996). Glotfelty, Cheryll; Fromm, Harold. eds. The Ecocriticism Reader: Landmarks in Literary Ecology. প্ৰকাশক Athens, Georgia: University of Georgia Press. পৃষ্ঠা. xx–xxviii. ISBN 978-0-8203-1781-6. 
  9. 9.0 9.1 Fromm, Harold (1996). Glotfelty, Cheryll; Fromm, Harold. eds. The Ecocriticism Reader: Landmarks in Literary Ecology. প্ৰকাশক Athens, Georgia: University of Georgia Press. পৃষ্ঠা. xx–xxviii. ISBN 978-0-8203-1781-6.