সমললৈ যাওক

পাৰ্ছি (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাৰ্ছি
অ'চেনিড-ৰ সদস্য
সঙ্গী হেলিঅ’ছ
পিতৃ-মাতৃ অচেনাছ আৰু টেথিছ
সহোদৰ অ'চেনিড, নদী দেৱতাসকল
সন্তান চাৰ্চে আৰু অন্যান্য

পাৰ্ছি (প্ৰাচীন গ্ৰীক: Πέρση, ইংৰাজী: Perse, আক্ষৰিক অৰ্থ: 'ধ্বংসকাৰী') গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷[1][2][3] তেওঁৰ নামটো পাৰ্ছা (Persa), পাৰ্ছাইড (Perseide), পাৰ্ছিয়া (Persea)[4] বা পাৰ্ছেইছ (Perseis) বুলিও বানান কৰা হৈছিল।[5] পাৰ্ছি সৌৰ দেৱতা হেলিঅ’ছলৈ বিয়া হৈছিল৷ তেওঁলোকৰ কেইবাজনো সন্তানৰ ভিতৰত যাদুকৰী দেৱী চাৰ্চে (Circe) অন্যতম।

কিংবদন্তি

[সম্পাদনা কৰক]

পাৰ্ছি আছিল সূৰ্য্য দেৱতা হেলিঅ'ছৰ অন্যতম পত্নী।[6][7] হোমাৰ আৰু হেছিঅ'ডৰ মতে, হেলিঅ'ছৰ আৰু তেওঁৰ সন্তান আছিল চাৰ্চে আৰু এইটেছ,[8] পিছৰ লেখকসকলৰ মতে তেওঁলোকৰ সন্তান হৈছে পেছিফে, পাৰ্ছেছ, এল'ইয়াছ, আৰু আনকি কেলিপ্সোৰ কথাও উল্লেখ কৰিছে, কেলিপ্সোক সাধাৰণতে এটলাছৰ কন্যা বুলি কোৱা হয়। পাৰ্ছি আৰু সকলো পোহৰৰ উৎস হেলিঅ'ছৰ সন্তান সকল কিয় ইমান অন্ধকাৰ আৰু ৰহস্যময় হ’ল সেয়া স্পষ্ট নহয়।[9]

যেতিয়া এফ্ৰোডাইটিয়ে হেলিঅ'ছক মৰ্ত্যৰ ৰাজকুমাৰী লিউকোথ'ৰ প্ৰেমত পৰিবলৈ অভিশাপ দিছিল, তেতিয়া তেওঁ পাৰ্ছিৰ কথা পাহৰি গৈছিল বুলি কোৱা হয়।[10] তেওঁৰ কন্যা চাৰ্চে আৰু পেছিফাইৰ দৰেই তেওঁক ডাইনী আৰু বনৌষধি আৰু ঔষধৰ জ্ঞানৰ সৈতে জড়িত যেন লাগে।[11][12] তেওঁ হয়তো ডাইনী দেৱী হেকেটৰ সৈতেও জড়িত আছিল, যাক পাৰ্ছেইছ বুলিও কোৱা হৈছিল (যেনেকৈ "পাৰ্ছেছৰ কন্যা") আৰু তেওঁক এটা সংস্কৰণত চাৰ্চেৰ মাতৃ বুলিও কোৱা হয়।[13][14]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hesiod, Theogony 349 & 362–366; Homeric Hymn to Demeter 5 & 418; Apollodorus,1.2.2
  2. Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 41. 
  3. Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 122. ISBN 9780786471119. 
  4. Virgil, Ciris 66
  5. Tzetzes on Lycophron, 798.
  6. Hecataeus of Miletus, fr. 35A Fowler
  7. Hard, p. 44
  8. Homer, Odyssey 10.135; Hesiod, Theogony 956
  9. Bell, s. v. Perse
  10. Ovid, Metamorphoses 4.205[সংযোগবিহীন উৎস]
  11. Apollonius of Rhodes, 3.478
  12. Johannsen, Nina (2006). "Perse(is)". In Cancik, Hubert; Schneider, Helmuth. Brill's New Pauly. Translated by Christine F. Salazar. Kiel: Brill Reference Online. doi:10.1163/1574-9347_bnp_e914920. Retrieved June 25, 2023. 
  13. Diodorus Siculus, 4.45.1
  14. The Classical Review vol. 9, p. 391