এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব । বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক । যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে।
শিমলা, পাৰ্বত্য নিবাস হিচাপে প্ৰতিষ্ঠিত এখন চহৰ। ঘৰলৈ মনত পৰা ঔপনিৱেশিক বিষয়া আৰু কাৰ্যবাহীসকলৰ বাবে একপ্ৰকাৰ ইউৰোপীয় অনুভূতি গঢ়ি তুলিবলৈ চহৰখনৰ নগৰ পৰিকল্পনা আৰু স্থাপত্য ৰূপাঙ্কণ কৰা হৈছিল। চহৰখনৰ শৈলশিৰাৰ দক্ষিণ প্ৰান্তত সেয়া দেখিবলৈ পোৱা যায়।
পাৰ্বত্য নিবাস (ইংৰাজী : Hill station ) বা শৈল নিবাস হʼল নিকটৱৰ্তী সমভূমি বা উপত্যকাতকৈ অধিক উচ্চতাত অৱস্থিত এখন পৰ্যটনমূলক চহৰ। পাৰ্বত্য নিবাস বা ইংৰাজী হিলষ্টেছন শব্দটো মূলতঃ ঔপনিৱেশিক এছিয়াত (বিশেষকৈ ভাৰতত) ব্যৱহৃত হৈছিল। কিন্তু গ্ৰীষ্মকালীন গৰমৰপৰা সকাহ পাবলৈ ইউৰোপীয় ঔপনিৱেশিকসকলে প্ৰতিষ্ঠা কৰা চহৰসমূহৰ বাবে এই শব্দটো আফ্ৰিকাতো (যদিও খুব কমেইহে) ব্যৱহৃত হৈছিল। ইতিহাসবিদ ডেন কেনেডীয়ে ভাৰতীয় প্ৰেক্ষাপটৰ বিষয়ে পৰ্যবেক্ষণ কৰা অনুসৰি, "হিলষ্টেছন (...)সমূহক একচেটিয়া ব্ৰিটিছ সংৰক্ষিত স্থান হিচাপে দেখা গৈছিল: ইয়াত ভাৰতীয় লোকসকলক বহিৰাগত হিচাপে উপস্থাপন কৰা সম্ভৱ আছিল।" [ 1] [ 2] বৰ্তমান সময়তো এই শব্দটো ব্যৱহাৰ কৰা হয়, বিশেষকৈ ভাৰতত। ভাৰতত সৰ্বাধিকসংখ্যক পাৰ্বত্য নিবাস আছে। এইবোৰৰ বেছিভাগেই প্ৰায় ১০০০ৰপৰা ২৫০০ মিটাৰ (৩,৩০০ৰপৰা ৮,২০০ ফুট) উচ্চতাত অৱস্থিত।
সাঁচ:List of hill stations