সমললৈ যাওক

পাৰ্হিদোলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দোলা সৰ্বভাৰতীয় শব্দ। সংস্কৃত সাহিত্যত ইয়াৰ উল্লেখ আছে। মধ্যযুগত আহোম স্বৰ্গদেউ, ডা-ডাঙৰীয়া, সত্ৰাধিকাৰ, ৰাজবিষয়া প্ৰভৃতিৰ উপৰি আঢ্যৱন্ত লোকসকলে বিয়া-বাৰুৰ কালত দোলা ব্যৱহাৰ কৰাটো অপৰিহাৰ্য আছিল। সিবোৰৰ ভিতৰত আঁঠু ভঙা দোলা, ঢেকৰ লগোৱা দোলা, কেঁকোৰা দোলা, পাৰ্হি দোলা উল্লেখযোগ্য। পাৰ্হিদোলা কেঁকোৰা দোলাৰ দৰে-ঢেকৰ, দাপোণ আৰু তলিখনত কোনো পাৰ্থক্য নাই। ইয়াৰ ওপৰৰ মাৰিডাল সামান্য ৰূপে ঘোৰ খোৱা। এই দোলাৰ ওপৰত দিয়া চৈখনৰ দুই মূৰ ফেট মেলা আৰু মধ্যাংশ ওপৰলৈ ওখ হৈ যোৱা। চৈ থকা গুণে দোলাত মানুহ উঠিলে ৰ'দ-বৰষুণে নাপায়। চৈৰ ওপৰত বগা অথবা ৰঙা ৰঙৰ গিলিপ থাকে। গিলিপৰ তলত মানুহে ধৰি যোৱাৰ বাবে চোঁৱৰৰ দৰে সূতাৰে গোঁঠা কলডিলটো বান্ধি থয়। এইবিধ দোলাৰ সন্দৰ্ভত নাওবৈছা ফুকনৰ অসমৰ বুৰঞ্জীত আছে- 'এই দোলাত দুখন দাপোণ আৰু সিংহৰ মুখেৰে ঘোৰ খোৱা দুডাল ঢেকৰ তলফালৰ ডখৰ দুয়োডাল ঢেকৰৰ সিংহৰ মুখ ঘোৰ খাই ওপৰলৈ ফেটমেলা গাটোত ঢেকৰ দাপোণ- এই দুবিধ বস্তু হ'লেহে পৰ্হিদোলা সাজিব পাৰি।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. অসমৰ সংস্কৃতি-কোষ, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, মুখ্য সম্পাদক: ড° নাৰায়ণ দাস, সম্পাদক: ড° পৰমানন্দ ৰাজবংশী, জ্যোতি প্ৰকাশন, প্ৰথম প্ৰকাশ: মাৰ্চ,২০০৯, পৃষ্ঠা: ২৪৩