পাৰ্ৱতী দেৱী
ৰাণী পাৰ্বতী দেৱী ডেস্কিট ৱাংমো (ইংৰাজী: Rani Parvati Devi Deskit Wangmo; ১ মে' ১৯৩৪ – ৫ নৱেম্বৰ ২০২৪) ভাৰতীয় ৰাজ পৰিয়ালৰ সদস্যা আৰু ৰাজনীতিবিদ। তেওঁ লাডাখৰ ৰাণী মাতৃ আছিল।[1] ১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈ ষষ্ঠ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯৩৪ চনৰ ১ মে’ত খাংছাৰ প্ৰাসাদত (বৰ্তমান হিমাচল প্ৰদেশৰ লাহাউলৰ অংশ) আৰু স্পিটি জিলাৰ অন্তৰ্গত লাহাউলৰ সৰ্বশ্ৰেষ্ঠ ৰাজগৃহ খাংছাৰৰ ৰয়েল হাউচত নিমা ৱাংগিয়ালৰ ঘৰত পাৰ্বতীৰ জন্ম হয়। তেওঁ পঞ্চম মানলৈকে শিক্ষা লাভ কৰিছিল।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]পাৰ্বতী দেৱী লাডাখত সামাজিক কামৰ বাবে পৰিচিত আছিল।[2] ১৯৫৮ চনত তেওঁ লেহৰ ৰূপায়ণ সমিতিৰ কল্যাণ সম্প্ৰসাৰণ প্ৰকল্পৰ আহ্বায়ক হয়।[3]
১৯৭৭ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে দেৱীক লাডাখ সমষ্টিৰ প্ৰাৰ্থী হিচাপে লয় আৰু ইয়াৰ স্থানীয় মিত্ৰজোঁটৰ অংশীদাৰ জম্মু আৰু কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনে তেওঁক সমৰ্থন কৰে।[4] মাত্ৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েহে তেওঁৰ বিৰুদ্ধে থিয় দিছিল আৰু তেওঁ তেওঁক ২,৮৭৭ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল (তেওঁৰ ২০,২৫৩ টা ভোটৰ বিপৰীতে ২৩,১৩০ টা ভোট লাভ কৰিছিল)৷ এনেকৈয়ে তেওঁ লাডাখৰ প্ৰথমগৰাকী মহিলা সাংসদ হৈছিল।[5][6] ১৯৭৭ চনৰ নিৰ্বাচনত জয়ী হোৱা জম্মু-কাশ্মীৰৰ একমাত্ৰ মহিলা আছিল পাৰ্ৱতী দেৱী আৰু বেগম আকবৰ জেহান আব্দুল্লা।[7]সদনে পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰি ১৯৮০ চনত আন এক নিৰ্বাচন অনুষ্ঠিত কৰে। এইবাৰ ৰাষ্ট্ৰীয় সন্মিলনে লাডাখৰ পৰা নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে।[8]
তেওঁ নামগ্যাল ইনষ্টিটিউট অৱ ৰিচাৰ্চ অন লাডাখী আৰ্ট এণ্ড কালচাৰ (NIRLAC)ৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী আছিল।[9][10]
ব্যক্তিগত জীৱন আৰু মৃত্যু
[সম্পাদনা কৰক]১৯৫০ চনৰ ১০ জুলাইত পাৰ্বতীয়ে লাডাখৰ খিতাপধাৰী ৰজা কুনজাং নামগ্যালৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁ এজন মদ্যপায়ী বুলি প্ৰমাণিত হয় আৰু ৪৮ বছৰ বয়সত মৃত্যু হয়৷ তেওঁ দেৱী আৰু তেওঁলোকৰ চাৰিটা সন্তান (দুজন পুত্ৰ আৰু দুগৰাকী কন্যা) এৰি যায়।[2] স্থানীয় পৰম্পৰা অনুসৰি তেওঁ মৃত ৰজাৰ ভাতৃক বিয়া কৰাব লাগিছিল।[11] কিন্তু তেওঁ ভ্ৰাতৃক পৰিয়ালৰ পৰা বাদ দি মাহিলী ভাট্টা দিয়াৰহে ব্যৱস্থা কৰিলে। ভ্ৰাতৃজনে বিষয়টো আদালতলৈ লৈ যায় আৰু শেষত আদালতৰ বাহিৰৰ নিষ্পত্তিত পৰিয়ালৰ সম্পত্তিৰ এটা অংশ তেওঁ দখল কৰে।[1]
তেওঁ ষ্টক ভৱনত বাস কৰিছিল।[1] শীতকালত তেওঁ মানালীত বাস কৰিছিল।[12]
২০২৪ চনৰ ৫ নৱেম্বৰত ৯০ বছৰ বয়সত পাৰ্ৱতীৰ মৃত্যু হয়।[13]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Daniel, Vaihayasi P (3 April 1997). "Postcards from the edge, 2: Ladakh, the last Shangri-la". Rediff.com. http://www.rediff.com/travel/1996/ladakh1.htm। আহৰণ কৰা হৈছে: 2 November 2017.
- ↑ 2.0 2.1 2.2 "Member's Bioprofile: Parvati Devi, Shrimati". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/2491.htm। আহৰণ কৰা হৈছে: 2 November 2017.
- ↑ "Welfare Extension Project, Leh". Social Welfare (Central Social Welfare Board): 20. 1958. https://books.google.com/books?id=YpY73JjEtk8C.
- ↑ Baṭ, S̲anāʼullāh (1981). Kashmir in Flames: An Untold Story of Kashmirʾs Political Affairs. Ali Mohammad. পৃষ্ঠা. 219. https://books.google.com/books?id=J_QLAAAAIAAJ.
- ↑ "Statistical Report on the General Elections, 1977 to the Sixth Lok Sabha". Election Commission of India. পৃষ্ঠা: 162. http://eci.nic.in/eci_main/StatisticalReports/LS_1977/Vol_II_LS77.pdf। আহৰণ কৰা হৈছে: 2 November 2017.
- ↑ Chumikchan, Rinchen Angmo (6 December 2016). "Why are women denied justice even today in Ladakh?". Reach Ladakh. Archived from the original on 9 December 2016. https://web.archive.org/web/20161209140050/http://www.reachladakh.com/why-are-women-denied-justice-even-today-in-ladakh/3592.html। আহৰণ কৰা হৈছে: 2 November 2017.
- ↑ Sharma, S.P. (8 May 2004). "Few women fielded in J-K". The Tribune. http://www.tribuneindia.com/2004/20040508/election.htm#6। আহৰণ কৰা হৈছে: 2 November 2017.
- ↑ "Statistical Report on the General Elections, 1980 to the Seventh Lok Sabha". Election Commission of India. পৃষ্ঠা: 159. http://eci.nic.in/eci_main/StatisticalReports/LS_1980/Vol_I_LS_80.pdf। আহৰণ কৰা হৈছে: 2 November 2017.
- ↑ Seminar. R. Thapar. 2004. পৃষ্ঠা. 15. https://books.google.com/books?id=yU_hAAAAMAAJ.
- ↑ "Contact Us – NIRLAC Ladakh". Namgyal Institute of Research on Ladakhi Art and Culture. Archived from the original on 7 November 2017. https://web.archive.org/web/20171107025751/http://www.nirlac.org/Contact%20Us%20-%20NIRLAC%20Ladakh.htm। আহৰণ কৰা হৈছে: 2 November 2017.
- ↑ Nath, Rajendra (2016). Strategic Ladakh: A Historical Narrative 1951-53 and a Military Perspective. Vij Books India. পৃষ্ঠা. 64. ISBN 978-93-85563-50-8. https://books.google.com/books?id=sEYKDQAAQBAJ&pg=PT64.
- ↑ Finegan, Jack (1986). Tibet, a dreamt of image. Tibet House. পৃষ্ঠা. 185. ISBN 978-0-85226-276-4. https://books.google.com/books?id=DOcdAAAAMAAJ.
- ↑ "Gyalmo Deskit Wangmo, Queen of Ladakh, passes away at 90". Reachladakh. https://www.reachladakh.com/news/social-news/gyalmo-deskit-wangmo-queen-of-ladakh-passes-away-at-90। আহৰণ কৰা হৈছে: 2024-11-19.