সমললৈ যাওক

পাৰ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাৰ

পোষ্টাৰ
পৰিচালক গৌতম ঘোষ
ৰচনা পাৰ্থ বেনাৰ্জী
ভিত্তি পাড়ী
লেখক: সমৰেশ বসু
অভিনয়ত শাবানা আজমী
নাছিৰুদ্দিন শ্বাহ
ওম পুৰী
উৎপল দত্ত
মুক্তি
২১ মে' ১৯৮৪ (1984-05-21)
দেশ ভাৰত
ভাষা হিন্দী

পাৰ (ইংৰাজী: Paar (film)) ১৯৮৪ চনৰ গৌতম ঘোষ পৰিচালিত এখন হিন্দী ভাষাৰ ভাৰতীয় চিনেমা। ছবিখনত অভিনয় কৰিছে শাবানা আজমী, নাছিৰুদ্দিন শ্বাহ আৰু ওম পুৰীয়ে। নাছিৰুদ্দিন শ্বাহে নৌৰংগীয়াৰ চৰিত্ৰত অভিনয় কৰি ভলপি কাপ লাভ কৰে। সমৰেশ বসুৱে লিখা বাংলা গল্প পাড়ীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।[1][2]

বিহাৰৰ গ্ৰাম্য অঞ্চলত চলা শোষণৰ ছবি চিনেমাখনত প্ৰতিফলিত হৈছে‍, য’ত এজন জমিদাৰ (উৎপল দত্ত)ৰ লোকে এখন গাঁও ধ্বংস কৰি গাঁওখনৰ এক প্ৰগতিশীল শক্তি হিচাপে পৰিগণিত হোৱা উপকাৰী স্কুল মাষ্টৰ (অনিল চেটাৰ্জী)ক হত্যা কৰে। শ্ৰমিক নৌৰাংগিয়া (নাছিৰুদ্দিন শ্বাহ)ই নিষ্ক্ৰিয় প্ৰতিৰোধৰ পৰম্পৰা ভংগ কৰি জমিদাৰৰ ভাতৃক হত্যা কৰি প্ৰতিশোধ লয়। নৌৰংগিয়া আৰু তেওঁৰ পত্নী ৰমা (শাবানা আজমী) ন্যায়ৰ স্বাৰ্থত পলাতক হয়। আন ঠাইত জীৱিকা বিচাৰিবলৈ বহু চেষ্টা কৰাৰ অন্তত দুয়োজনে ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। ভাড়াৰ টকাৰ বাবে, তেওঁলোকে গাহৰিৰ জাকটোক নদীৰ সিপাৰে নিবলৈ সন্মত হয়, যাৰ ফলত গৰ্ভৱতী ৰমাই নিজৰ সন্তান হেৰুৱাইছে বুলি বিশ্বাস কৰে। কিন্তু তেওঁলোকে দ্ৰুতগতিত বৈ যোৱা বহল নদী এখন সাঁতুৰি পাৰ হ’বলগীয়া হয়, য’ত তেওেঁলাক নিৰাপদ স্থান পোৱাৰ আগতেই প্ৰায় ডুব যায়। ছবিখনৰ শেষত, নৌৰাংগিয়াই তাইৰ পেটৰ ওচৰত কাণখন থৈ গৰ্ভত থকা শিশুটিৰ হৃদস্পন্দন শুনি থাকে।

পাত্ৰ-পাত্ৰী

[সম্পাদনা কৰক]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বৰ্ষ বঁটা শ্ৰেণী মনোনীত ব্যক্তি(সকল) ফলাফল প্ৰসঙ্গ
১৯৮৪ ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ গ'ল্ডেন লায়ন গৌতম ঘোষ মনোনীত [4]
ইউনেস্কো বঁটা বিজয়ী
শ্ৰেষ্ঠ অভিনেতাৰ ভলপি কাপ নাছিৰুদ্দিন শ্বাহ বিজয়ী
১৯৮৫ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি গৌতম ঘোষ আৰু স্বপন সৰকাৰ বিজয়ী [5]
শ্ৰেষ্ঠ অভিনেতা নাছিৰুদ্দিন শ্বাহ বিজয়ী
শ্ৰেষ্ঠ অভিনেত্ৰী শাবানা আজমী বিজয়ী
১৯৮৬ বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ এচোছিয়েচন (BFJA) বঁটা শ্ৰেষ্ঠ অভিনেতা নাছিৰুদ্দিন শ্বাহ বিজয়ী
শ্ৰেষ্ঠ অভিনেত্ৰী শাবানা আজমী বিজয়ী
১৯৮৬ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ চিত্ৰনাট্য গৌতম ঘোষ আৰু পাৰ্থ বেনাৰ্জী বিজয়ী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]