পাৱন মন্দিৰ
| পাৱন মন্দিৰ | |
|---|---|
| Native name jv: ꦥꦮꦺꦴꦤ꧀ | |
উত্তৰ-পূৱ দিশে মুখ কৰি পাৱন মন্দিৰ | |
| অৱস্থান | মাগেলাং, মধ্য জাভা |
| নিৰ্মাণ | মূলতঃ নৱম শতিকাত শৈলেন্দ্ৰ বংশৰ শাসন কালত নিৰ্মিত |
| পুনৰুদ্ধাৰ | 1835 |
| পুনৰুদ্ধাৰক | চাৰ থমাছ ষ্টেমফৰ্ড ৰাপেলচ্ |
| স্থপতিবিদ | গুণধৰ্ম |
| ধৰণ | Cultural |
| চৰ্ত | i, ii, vi |
| নিৰ্ধাৰিত | 1991 (15th session) |
| অংশ | Borobudur Temple Compounds |
| প্ৰসংগ সংখ্যা | 592 |
| Region | Southeast Asia |
পাৱন মন্দিৰ ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। শৈলেন্দ্ৰ বংশৰ ৰাজত্বকালত (৮ম–৯ম শতিকা) নিৰ্মিত এই বৰোবুদুৰ মন্দিৰ চৌহদৰ এটা অংশ, যিটো একেটা অক্ষত অৱস্থিত তিনিটা মন্দিৰৰে গঠিত; বড়োবুদুৰ, পাৱন, আৰু মেন্দুট। তিনিওটা মন্দিৰতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি লিপিবদ্ধ কৰা হৈছে।
ইতিহাস
[সম্পাদনা কৰক]
আন দুটা বৌদ্ধ মন্দিৰ বৰোবুদুৰ (উত্তৰ-পূব দিশত ১.৭৫ কিলোমিটাৰ (১.০৯ মাইল)) আৰু মেন্দুট (দক্ষিণ-পশ্চিমে ১.১৫ কিলোমিটাৰ (০.৭১ মাইল))ৰ মাজত অৱস্থিত পাৱন আন দুটা মন্দিৰৰ সৈতে সংযুক্ত, এই সকলোবোৰ শৈলেন্দ্ৰ বংশৰ সময়ত (অষ্টম–৯ম শতিকা) নিৰ্মাণ কৰা হৈছিল।[1] ইয়াৰ খোদিতৰ সবিশেষ আৰু শৈলী পৰীক্ষা কৰিলে এই মন্দিৰটো বৰোবুদুৰতকৈ অলপ পুৰণি।
তিনিওটা মন্দিৰ সৰলৰেখাত অৱস্থিত হোৱাৰ পৰা অনুমান কৰিব পাৰি যে এই মন্দিৰবোৰক বান্ধি ৰখা এটা প্ৰতীকী অৰ্থ আছিল। ইয়াজিৰ মাৰ্জুকি আৰু টোয়েটি হেৰাটিৰ মতে, "মেন্দুট আৰু বৰোবুদুৰৰ মাজত জাভাৰ মন্দিৰ স্থাপত্যৰ এক ৰত্ন পাৱন মন্দিৰ থিয় হৈ আছে।" সম্ভৱতঃ এই মন্দিৰে বৰোবুদুৰ আৰোহণ কৰাৰ আগতে মনক শুদ্ধ কৰাৰ কাম কৰিছিল।"[2]
এই বৌদ্ধ মন্দিৰৰ মূল নাম অনিশ্চিত। জাভা ভাষাত পাৱনৰ অৰ্থ হৈছে "পাকঘৰ", যিটো মূল শব্দ awu বা ধূলিৰ পৰা উদ্ভৱ হৈছে। "ধূলি" শব্দটোৰ সৈতে জড়িত হোৱাৰ পৰা এইটোও অনুমান কৰিব পাৰি যে এই মন্দিৰটো সম্ভৱতঃ কোনো ৰজাৰ বাবে সমাধি বা মৰ্চাৰী মন্দিৰ হিচাপে নিৰ্মাণ কৰা হৈছিল।[3] পাৱন হৈছে পেৰ-আউ-আন (ধূলি থকা ঠাই) শব্দৰ পৰা, যিটো মন্দিৰ য’ত দাহ কৰা ৰজাৰ ধূলি বা ছাই থাকে। কিন্তু ইয়াত সমাধিস্থ কৰা ব্যক্তিজন কোন আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় লোকে গাঁৱৰ নামৰ ওপৰত ভিত্তি কৰি এই মন্দিৰৰ নাম "বজ্ৰনালন" বুলি ধৰা হয়। বজ্ৰনালন সংস্কৃত শব্দ বজ্ৰ (বজ্ৰ বা বৌদ্ধ ধৰ্মৰ আনুষ্ঠানিক আহিলাও) আৰু অনল (জুই, শিখা) শব্দৰ পৰা উদ্ভৱ হৈছে।
স্থাপত্য
[সম্পাদনা কৰক]অলপ উত্তৰ-পশ্চিম দিশলৈ মুখ কৰি মন্দিৰটো বৰ্গক্ষেত্ৰাকাৰ ভিত্তিত থিয় হৈ আছে। চিৰিৰ প্ৰতিটো ফালে আৰু গেটৰ ওপৰত খোদিত কালা-মাকাৰাৰে সজাই তোলা হৈছে, যিটো সাধাৰণতে ক্লাছিক জাভা মন্দিৰত পোৱা যায়। পাৱনৰ বাহিৰৰ দেৱালত বুদ্ধিসত্ত্ব আৰু তাৰাৰ চিত্ৰ খোদিত কৰা হৈছে। কিন্নৰ-কিন্নৰীৰ মাজত দুয়োফালে থকা কল্পতৰুৰ চিত্ৰও আছে। ভিতৰৰ বৰ্গক্ষেত্ৰৰ কোঠাটো খালী আৰু তাৰ মাজত এটা বৰ্গক্ষেত্ৰাকাৰ বেচিন। আয়তাকাৰ সৰু সৰু খিৰিকী পোৱা গৈছিল, সম্ভৱতঃ বায়ু চলাচলৰ বাবে।
ছাদৰ অংশত পাঁচটা সৰু স্তুপ আৰু চাৰিটা সৰু সৰু ৰত্নেৰে মুকুট আছে। আপেক্ষিকভাৱে সৰলতা, প্ৰতিসমতা আৰু সমন্বয়ৰ বাবে ইতিহাসবিদসকলে এই সৰু মন্দিৰটোক পিছৰ যুগৰ সিংসাৰী আৰু মাজাপাহিত যুগত পোৱা ওখ-চিকুন পূব জাভা শৈলীৰ সমকক্ষসমূহৰ বিপৰীতে "জাভানী মন্দিৰ স্থাপত্যৰ ৰত্ন" বুলি অভিহিত কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ J. L. Moens (1951). "Barabudur, Mendut en Pawon en hun onderlinge samenhang (Barabudur, Mendut and Pawon and their mutual relationship)". Tijdschrift voor de Indische Taai-, Land- en Volkenkunde (Het Bataviaasch Genootschap van Kunsten en Wetenschappen): 326–386. Archived from the original on August 10, 2007. https://web.archive.org/web/20070810210020/http://www.borobudur.tv/Barabudur_Mendut_Pawon.pdf. "trans. by Mark Long".
- ↑ Yazir Marzuki, Toeti Heraty (1982). "Borobudur", pp. 6, Penerbit Djambatan. Jakarta. আই.এচ.বি.এন. 979-428-078-X.
- ↑ Soetarno, Drs. R. second edition (2002). "Aneka Candi Kuno di Indonesia" (Ancient Temples in Indonesia), pp. 103. Dahara Prize. Semarang. আই.এচ.বি.এন. 979-501-098-0.