সমললৈ যাওক

পিংক (২০১৬ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পিংক

পোষ্টাৰ
পৰিচালক অনুৰুদ্ধ ৰায় চৌধুৰী
ৰচনা ঋতেশ শ্বাহ
কাহিনী সুজিত সৰকাৰ
ঋতেশ শ্বাহ
অনিৰুদ্ধ ৰায় চৌধুৰী
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী অভিক মুখোপধ্যায়
সম্পাদনা বোধিদিত্ব বেনাৰ্জী
সংগীত পৰিচালক
  • শান্তনু মৈত্ৰ
  • অনুপম ৰায়
প্ৰযোজনা
কোম্পানী
ৰাইজিং চান ফিল্মছ
মুক্তি
১৬ ছেপ্টেম্বৰ ২০১৬ (2016-09-16)
দৈৰ্ঘ্য
১৩৬ মিনিট[1]
দেশ ভাৰত
ভাষা হিন্দী
বাজেট 30 crore[2]
সৰ্বমুঠ আয় est. 157.32 crore[3]

পিংক (ইংৰাজী: Pink) ২০১৬ চনৰ হিন্দী ভাষাৰ, অনিৰুদ্ধ ৰায় চৌধুৰী পৰিচালিত আৰু সুজিত সৰকাৰ প্ৰযোজিত এখন ভাৰতীয় আইনী থ্ৰিলাৰ ছবি। ৰাইজিং ছান ফিল্মছে মুঠ ৩০ কোটি টকা বাজেটত নিৰ্মাণ কৰা এই ছবিখনৰ চিত্ৰনাট্য শ্বাহ আৰু সংগীত ৰচনা শান্তনু মৈত্ৰ আৰু অনুপম ৰায়ৰ।[1] পিংকত অমিতাভ বচ্চন, তাপ্‌সী পন্নু, কীৰ্তি কুলহাৰী, আন্দ্ৰেয়া তাৰিয়াং, অংগদ বেদী, তুষাৰ পাণ্ডে, পীয়ূষ মিশ্ৰ আৰু ধৃতিমান চেটাৰ্জী আছে।[4]

২০১৬ চনৰ ১৬ ছেপ্টেম্বৰত বিশ্বব্যাপী চিত্ৰগৃহত পিংক মুক্তি পায়।[5] অভিনেতা-অভিনেত্ৰী নিৰ্বাচন, কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰ বাবে ছবিখনে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে। পিংক বিশ্বজুৰি ১৫৭.৩২ কোটি টকাতকৈও অধিক উপাৰ্জন কৰি আশ্চৰ্যজনক বাণিজ্যিক সফলতা লাভ কৰে। ছবিখনে চিত্ৰগৃহত ৫০ দিনীয়া প্ৰদৰ্শন সম্পূৰ্ণ কৰে।

পিংকে অন্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি শিতানত ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়।[2] ৬২তম ফিল্মফেয়াৰ বঁটাত পিংকে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীকে ধৰি ৫টা মনোনয়ন লাভ কৰে আৰু ঋতেশ শ্বাহে শ্ৰেষ্ঠ সংলাপ শিতানত বঁটা পাবলৈ সক্ষম হয়।

ছবিখন তামিল ভাষাত নেৰকণ্ডা পাৰবই (২০১৯) আৰু তেলুগু ভাষাত ৱকিল চাব (২০২১) নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।[3]

৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • অন্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি
৬২তম ফিল্মফেয়াৰ বঁটা
  • শ্ৰেষ্ঠ সংলাপ- ঋতেশ শ্বাহ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]