পিঞ্জৰ (উপন্যাস)
| পিঞ্জৰ | |
|---|---|
| Pinjar (novel).jpg | |
| লেখক | অমৃতা প্ৰীতম |
| শিৰোনাম | ਪਿੰਜਰ |
| অনুবাদক | খুষৱন্ত সিং (ইংৰাজীত) ডেনিছ মেট্ৰিংগে (ফৰাচী ভাষাত) |
| দেশ | ভাৰত |
| ভাষা | পাঞ্জাৱী |
| প্ৰকাৰ | সামাজিক |
| প্ৰকাশক | তাৰা প্ৰেছ (পুনৰমুদ্ৰণ) |
| প্ৰকাশ | ২০০৯ (পুনৰমুদ্ৰণ) |
| মিডিয়া প্ৰকাৰ | ছপা |
| আই.এচ.বি.এন. | 978-81-83860-97-0 |
পিঞ্জৰ (ইংৰাজী: Pinjar; পাঞ্জাবী: ਪਿੰਜਰ; ইংৰাজী/অনুবাদ: The Skeleton) ১৯৫০ চনত ভাৰতীয় বিশিষ্ট কবি আৰু ঔপন্যাসিক অমৃতা প্ৰীতমৰ দ্বাৰা ৰচিত এখন পাঞ্জাৱী ভাষাৰ উপন্যাস।২০০৯ চনত পিঞ্জৰ উপন্যাসখন খুশৱন্ত সিঙে ইংৰাজী ভাষালৈ অনুবাদ কৰে।২০০৯ চনত খুশৱন্ত সিঙে পিঞ্জৰ ইংৰাজীলৈ অনুবাদ কৰিছিল। উপন্যাসখনত ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ভাৰতীয় সমাজৰ অৱস্থা আৰু স্বৰূপ চিত্ৰিত কৰা হৈছে। অমৃতা প্ৰীতমে উপন্যাসখনত নিজৰ অভিজ্ঞতা চিত্ৰিত কৰিছে। তেওঁ বিভাজনৰ সময়ছোৱাত মহিলাৰ জীৱনৰ চিত্ৰণ কৰিছে৷ এইখন পুৰো নামৰ হিন্দু ছোৱালী এজনীক ৰছিদ নামৰ এজন মুছলমান লোকে অপহৰণ কৰা কাহিনী; পুৰোৰ পিতৃ-মাতৃয়ে অশুচি ছোৱালীজনীক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে যেতিয়া ৰছিদৰ ঘৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।[1][2] পিঞ্জৰক ভাৰত বিভাজন সময়ছোৱাত ভাৰতীয় কল্পকাহিনীৰ এক উৎকৃষ্ট ৰচনা হিচাপে ব্যাপকভাৱে গণ্য কৰা হয়।
মুখ্য চৰিত্ৰসমূহ
[সম্পাদনা কৰক]- পুৰো (পিছত, হামিদা-মুখ্য প্ৰট'গ'নিষ্ট
- ৰছিদ-পুৰোক অপহৰণ কৰা মুছলমান ল'ৰা
- ৰামচন্দ-পুৰোৰ বাগদত্তা
- লাজো-ৰামচান্দৰ ভগ্নী আৰু ত্ৰিলোকৰ পত্নী
- ত্ৰিলোক-পুৰোৰ ভাতৃ
- ৰাজজো-পুৰোৰ সৰু ভনীয়েক
- তাৰা (পুৰোৰ মাতৃ)
- মোহনলাল (পুৰোৰ পিতৃ)
- শ্যামলাল (ৰামচন্দৰ পিতৃ)
- পাগলী
- জাভেদ
অভিযোজন
[সম্পাদনা কৰক]২০০৩ চনত উৰ্মিলা মাটোণ্ডকাৰ, মনোজ বাজপেয়ী আৰু সঞ্জয় সূৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা একে শিৰোনামৰ হিন্দী ছবি (পিঞ্জৰ)ত অভিযোজিত এই উপন্যাসখন। সমালোচকৰ প্ৰশংসা লাভ কৰাৰ পিছত ছবিখনে ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। উপন্যাসখনৰ আধাৰত নিৰ্মিত পাকিস্তানী টেলিভিছন ধাৰাবাহিকখনৰ নাম ঘুগী ২০১৮ চনৰ ২৫ জানুৱাৰীত টিভিৱান পাকিস্তানত প্ৰিমিয়াৰ হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Dutt, Nirupama (20 February 2005). "Pinjar: a novel ahead of its times". The Sunday Tribune - Books. The Tribune (Chandigarh). http://www.tribuneindia.com/2005/20050220/spectrum/book3.htm। আহৰণ কৰা হৈছে: 29 March 2012.
- ↑ "Always Amrita, Always Pritam". The Tribune. প্ৰকাশক Chandigarh. 5 November 2005. http://www.tribuneindia.com/2005/20051105/saturday/main1.htm। আহৰণ কৰা হৈছে: 29 March 2012.
- ↑ "Trailers of Adnan Siddiqui's drama Ghughi are out!". Daily Pakistan. 4 January 2018. Archived from the original on 24 January 2018. https://web.archive.org/web/20180124005827/https://en.dailypakistan.com.pk/lifestyle/trailers-of-adnan-siddiquis-drama-ghughi-are-out/। আহৰণ কৰা হৈছে: 2018-01-23.