পিন-আপ মডেল

পিন-আপ মডেল (ইংৰাজী: pin-up model) হৈছে এনে এগৰাকী মডেল, যাৰ গণহাৰত উৎপাদিত ছবি আৰু আলোকচিত্ৰ এখন সমাজৰ জনপ্ৰিয় সংস্কৃতিত ব্যাপকভাৱে জনপ্ৰিয়। পিন-আপ মডেল সাধাৰণতে গ্লেমাৰ মডেল, অভিনেত্ৰী বা ফেশ্বন মডেল হয়, যাৰ ছবিসমূহ অনানুষ্ঠানিক আৰু নান্দনিকভাৱে প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা হয় আৰু দেৱালত পিনেৰে আঁৰি ৰখাৰ বাবে জনাজাত। ১৯৪০ৰ দশকৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত পিন-আপ ছোৱালীৰ ছবিক চীজকেক বুলিও কোৱা হৈছিল।[1][2]
পিন-আপ শব্দটোৱে অৰ্ধনগ্ন মহিলাৰ অংকন, চিত্ৰ আৰু আলোকচিত্ৰক বুজায় আৰু ইংৰাজী ভাষাত এই শব্দটোৰ প্ৰথম প্ৰমাণ ১৯৪১ চনত পোৱা যায়।[3] পিন-আপ ছোৱালীৰ ছবিসমূহ আলোচনী আৰু বাতৰি কাকতত প্ৰকাশ কৰা হৈছিল। এই ছবিসমূহ পোষ্টকাৰ্ড, লিথ'গ্ৰাফ আৰু কেলেণ্ডাৰতো প্ৰদৰ্শিত হৈছিল। পিন-আপ ছোৱালীৰ পুৰুষ সমকক্ষক পুৰুষ পিন-আপ বুলি কোৱা হয়, যাক বিফকেক বুলিও জনা যায়। ইয়াৰ ভিতৰত অভিনেতা জেমছ ডীন, গায়ক জিম মৰিছন আৰু মডেল ফেবিঅ'ৰ দৰে জনপ্ৰিয় অভিনেতা আৰু ক্ৰীড়াবিদো অন্তৰ্ভুক্ত।
নাৰীবাদ আৰু পিন-আপ
[সম্পাদনা কৰক]
Pin-up Grrrls গ্ৰন্থৰ লেখিকা মাৰিয়া বুজেকে কৈছে যে পিন-আপ ছোৱালীয়ে "মহিলাসকলক তেওঁলোকৰ যৌন আত্মসত্তা প্ৰকাশ আৰু তাৰ পৰা আনন্দ লাভ কৰাৰ উপায়ৰ আৰ্হি প্ৰদান কৰিছে"।[4]
Journal of Women's History-ত প্ৰকাশিত "Women, Cheesecake, and Borderline Material" নামৰ প্ৰবন্ধটোত জোৱান মেয়াৰোৱিট্জৰ মতে, "জনপ্ৰিয় সংস্কৃতিত মহিলাৰ যৌন প্ৰতিচ্ছবি বৃদ্ধি পোৱাৰ লগে লগে মহিলাসকলেও সেইবোৰৰ সমৰ্থনত তথা সেইবোৰৰ বিৰুদ্ধে যুক্তি আগবঢ়োৱাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।"[5]
১৮৬৯ চনৰ পৰাই মহিলাসকল পিন-আপৰ সমৰ্থক আৰু বিৰোধী দুয়োটা পক্ষতে আছিল। প্ৰাৰম্ভিক পিন-আপ বিষয়বস্তুৰ মহিলা সমৰ্থকসকলে এইবোৰক "ভিক্টোৰিয়ান যুগৰ পৰৱৰ্তী সময়ত দেহ সম্পৰ্কীয় লজ্জাৰ এক ইতিবাচক প্ৰত্যাখ্যান আৰু নাৰীৰ সৌন্দৰ্যৰ প্ৰতি এক স্বাস্থ্যকৰ সন্মান" হিচাপে বিবেচনা কৰিছিল।[6]
ইয়াৰ উপৰি, পিন-আপে মহিলাসকলক তেওঁলোকৰ দৈনন্দিন সংস্কৃতি সলনি কৰাৰ সুযোগ প্ৰদান কৰে। মডেলসকলে "কঠোৰ পিতৃতান্ত্ৰিক চৰ্তসমূহ সলনি কৰাৰ নাৰীবাদী লক্ষ্যত সফল হয়"।[4]
কিছুমান সমালোচকে যুক্তি দিছে যে ২০শ শতিকাৰ আৰম্ভণিতে মহিলাৰ এই অংকনসমূহে পৰিষ্কাৰ-পৰিচ্ছন্ন, স্বাস্থ্যৱান আৰু শালীন হোৱাৰ দৰে কিছুমান নিৰ্দিষ্ট শৰীৰৰ প্ৰতিচ্ছবি নিৰ্ধাৰণ কৰাত সহায় কৰিছিল। এই ছবিসমূহ পুৰুষ আৰু মহিলা উভয়েই উপভোগ কৰিছিল আৰু সময়ৰ লগে লগে এই প্ৰতিচ্ছবিসমূহ সন্মানজনক বিষয়বস্তুৰ পৰা নিষিদ্ধ বা অশালীন বিষয়বস্তুলৈ পৰিৱৰ্তিত হৈছিল।[7]
ইয়াৰ বিপৰীতে, মহিলা প্ৰতিবাদকাৰীসকলে যুক্তি দিছিল যে এই ছবিসমূহে সমাজৰ নৈতিকতা কলুষিত কৰিছিল। তেওঁলোকে মহিলাৰ এনে ৰাজহুৱা যৌন উপস্থাপনক নাৰীত্বৰ মানদণ্ড অৱনমিত কৰা, মহিলাৰ মৰ্যাদা ধ্বংস কৰা আৰু পুৰুষৰ আনন্দৰ বাবে মহিলাক কেৱল বস্তু হিচাপে উপস্থাপন কৰা বুলি গণ্য কৰিছিল। তেওঁলোকৰ মতে, ই মহিলা আৰু কিশোৰ-কিশোৰী উভয়ৰে বাবে ক্ষতিকাৰক আছিল।[6]
পিন-আপ মডেলিংক এক উপ-সংস্কৃতি হিচাপে বৰ্ণনা কৰা হৈছে, যিয়ে ইতিবাচক শৰীৰৰ প্ৰতিচ্ছবি আৰু নিজৰ যৌনতাৰ প্ৰতি ভালপোৱাৰ প্ৰসাৰত গুৰুত্ব দিয়ে। "পিন-আপে বাস্তৱ জীৱনৰ মহিলাসকলৰ যৌন আত্মসচেতনতা আৰু আত্মপ্ৰকাশক উৎসাহিত কৰাৰ উপায়ো বিচাৰি উলিয়াব পাৰে"।[4]
চিত্ৰ ভঁৰাল
[সম্পাদনা কৰক]- মেৰিলিন মন্ৰ'য়ে ১৯৪০ৰ দশকৰ প্ৰায় সময়ছোৱাত পোষ্টকাৰ্ডৰ বাবে ভংগীমা দিয়া
- বেটি পেজ, ১৯৫০ৰ দশকৰ এগৰাকী জনপ্ৰিয় পিন-আপ মডেল
- কিম বেছিংগাৰৰ ১৯৮৩ চনৰ পিন-আপ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ayto, p. 126.
- ↑ Meyerowitz, 1996, pp. 9–35.
- ↑ Ayto (2006), পৃষ্ঠা. 126.
- 1 2 3 Buszek, Maria Elena (2007). Pin-Up Grrrls: Feminism, Sexuality, Popular Culture. Duke University Press. https://archive.org/details/pinupgrrrlsfemin00busz.
- ↑ Meyerowitz (1996), পৃষ্ঠা. 9.
- 1 2 Meyerowitz (1996), পৃষ্ঠা. 10.
- ↑ Ross (1989), পৃষ্ঠা. 61.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Pin-up-art সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আমেৰিকান পিন-আপৰ ৫০ বছৰ — The Week UK-ৰ দ্বাৰা প্ৰকাশিত আলোকচিত্ৰ-শ্লাইডশ্ব'
- The Pin Up — ২০০০ৰ দশকৰ পিন-আপ ছোৱালীৰ বিষয়ে অধিক তথ্যৰ বাবে The Pin Up Magazine