পিপ্পলাড়া
| পিপ্পলাড়া | |
|---|---|
| সম্পৰ্ক | বৃহস্পতি, শৈৱবাদ |
| পিতৃ-মাতৃ | দধীচি (পিতৃ), সুৱৰকাশ (মাতৃ) |
| হিন্দু পাঠ্য | প্ৰশ্ন উপনিষদ, পুৰাণ |
পিপ্পলাড়া হিন্দু পৰম্পৰাৰ এজন ঋষি আৰু দাৰ্শনিক আছিল। দহখন মুখ্য উপনিষদৰ ভিতৰত অন্যতম প্ৰশ্নোপনিষদৰ ৰচনাকাৰ বুলি তেওঁক বেছিকৈ জনা যায়। তেওঁ অথৰ্ববেদ শিক্ষাৰ পিপ্পলাড়া চিন্তাধাৰা প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয়।[1] কিছুমান পুৰাণত তেওঁক শিৱৰ অৱতাৰ (অংশ) বুলি গণ্য কৰা হয়।[2]
ধূমাৱতী ভাগৱতী মন্ত্ৰ দ্ৰষ্টা
[সম্পাদনা কৰক]"মহামুনি পিপ্পলাড়া কেৱল প্ৰশ্নোপনিষদৰ বক্তা নহয়, তেওঁ আদিম দৰ্শক (মন্ত্ৰ-দ্ৰষ্টা) আৰু শ্ৰীবিদ্যা আৰু কৌল পৰম্পৰাৰ ভিতৰত পূজনীয় ভাগৱতী ধূমাৱতীৰ মন্ত্ৰ আৰু সুৰক্ষামূলক আমন্ত্ৰণৰ (কৱচ) প্ৰথম গুৰু। তেওঁ ভাগৱতী ধূমাৱতীৰ পূজাত এক বিখ্যাত আৰু গভীৰভাৱে নিষ্ঠাৱান পাকৈত পুৰোহিত"
কিম্বদন্তি
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]পিপ্পলাড়াক দধীচি ঋষি আৰু তেওঁৰ পত্নী সুৱৰকাশৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। দধীচিৰ মৃত্যুৰ পাছত যেতিয়া সুৱৰকাশে স্বামীৰ চিতাগ্নিত উঠিবলৈ ওলাইছিল, তেতিয়া তেওঁ এটা আকাশবাণী (এটা আকাশী কণ্ঠ) শুনিলে, যি বাণীয়ে তেওঁক গৰ্ভৱতী বুলি জনাইছিল। সুৱৰকাশে ভ্ৰূণটোক গৰ্ভৰপৰা শিলেৰে খুন্দিয়াই উলিয়াই এজোপা পিপ্পল বা আঁহত গছৰ ওচৰত ৰাখিলে আৰু তেওঁ জীৱনৰ অন্ত পেলায়।[3] পিপ্পলাড়া সুৱৰকাশৰ গৰ্ভৰ পৰা জন্ম হৈছিল, আৰু ডাঙৰ হৈ এজন মহান ঋষি হৈছিল। চন্দ্ৰই আলোকিত কৰা গছজোপাই তেওঁলৈ আগবঢ়োৱা অমৃতৰ দ্বাৰা তেওঁক পোহপাল দিয়া হৈছিল।
আন এক বিৱৰণীমতে, পিপ্পলাড়াক দুৰ্ঘটনামূলক প্ৰজননৰ পৰা উৎপাদন হোৱা বুলি বৰ্ণনা কৰা হৈছে। যাজ্ঞবল্ক্য আছিল এজন প্ৰখ্যাত সন্ন্যাসী, যিয়ে নিজৰ আশ্ৰমত ভগ্নী কংসাৰীৰ সৈতে বাস কৰিছিল। তেওঁ এগৰাকী তপস্বিনী আছিল আৰু কঠোৰভাৱে বৈবাহিক জীৱনৰ ব্ৰত পালন কৰিছিল আৰু কঠোৰ তপস্যা কৰিছিল। এদিন-ৰাতি যাজ্ঞবল্ক্যই অপ্সৰাৰ সপোন দেখি থাকোঁতে বীৰ্যৰ নিৰ্গমন ঘটিছিল। তাৰপৰাই তেওঁ শুই থকা অৱস্থাত পিন্ধা বস্ত্ৰখন বীৰ্য্যৰে তিতি গৈছিল আৰু সেইখন তাত এৰি আহিছিল। ভুলবশতঃ কাংসাৰীয়ে গা-ধোৱাৰ পিছত নিজকে পৰিষ্কাৰ কৰিবলৈ সেই বস্ত্ৰ ব্যৱহাৰ কৰিছিল আৰু তেতিয়া তেওঁৰ ডিম্বাণু নিৰ্গত হৈ আছিল। ফলত কাংসাৰী গৰ্ভৱতী হৈছিল, কিন্তু চক্ষুলজ্জাৰ বাবে তেওঁ অৱস্থাটো লুকুৱাই ৰাখিছিল। পুত্ৰ সন্তান জন্ম দিয়াৰ পাছত তেওঁ শিশুটিক লৈ গ’ল এখন হাবিলৈ, আৰু বিষ্ণুক চোৱা-চিতা কৰিবলৈ অনুৰোধ কৰি শিশুটিক পিপ্পল গছৰ তলত থৈ দিলে। গছজোপাৰ তলত তেওঁ বিলাপ কৰি থাকোঁতে আকাশবাণী হ’ল আৰু সেই মাতে তেওঁৰ গৰ্ভাৱস্থাৰ পৰিস্থিতি, আৰু শিশুটিৰ ভৱিষ্যতৰ কথা বুজাই দিলে। যেতিয়া যাজ্ঞৱল্ক্য আৰু তেওঁৰ পত্নী দুগৰাকীয়ে গছৰ তলত কাংসাৰীৰ অজ্ঞান ৰূপটো আৱিষ্কাৰ কৰি তেওঁ চেতন কৰি তুলিলে, তেতিয়া তেওঁ লাজত মৰি যাবলৈ ইচ্ছা কৰিলে। তেওঁক দাহ কৰা হ’ল আৰু পিপ্পলাড়াই পিপ্পল গছৰ ৰসেৰে নিজকে ডাঙৰ কৰিলে; যাৰ নামেৰে তেওঁৰ নাম ৰখা হ’ল। নাৰদে শিশুটিক পাই বুজাই দিলে যে, তেওঁ বৃহস্পতিৰ অৱতাৰ, যাৰ কৰ্তব্য আছিল অথৰ্ববেদ প্ৰচাৰ কৰা। গতিকে, পিপ্পলাড়াই শনিক লগ ধৰিবলৈ আগবাঢ়ি যাব, আৰু তেওঁৰ কু-অভিপ্ৰায়ৰপৰা মানৱজাতিক ৰক্ষাৰ বাবে কিছুমান আচাৰ-ব্যৱহাৰ আগবঢ়াবলৈ অনুৰোধ কৰিব। অৱশেষত নাৰদে আঠবছৰীয়া পিপ্পলাড়াক পিতৃৰ ওচৰলৈ ঘূৰাই লৈ যায় আৰু পুত্ৰক পৱিত্ৰ উপৱীত আগবঢ়াবলৈ পৰামৰ্শ দিলে, যিটো তেওঁ কৰিছিল।[4]
ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ কাহিনী
[সম্পাদনা কৰক]ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ মতে, ঋষি পিপ্পলাড়াই এতিয়া জ্ঞাত হৈছিল যে তেওঁৰ পিতৃ দধীচিয়ে দেৱতাৰ স্বাৰ্থত নিজৰ প্ৰাণ আহুতি দিছিল আৰু স্বামীৰ মৃত্যুৰ পাছত তেওঁৰ মাকে দেৱতাসকলৰ শত্ৰু হ’বলৈ প্ৰতিজ্ঞা কৰি সন্মানজনক সতী দাহ গৈছিল। দেৱতাবিলাকৰ বিনাশ কামনা কৰি তেওঁ শিৱক তীব্ৰ তপস্যা কৰিলে। শিৱই তেওঁক জনাইছিল যে যেতিয়া ঋষিয়ে পূৰ্বৰ তৃতীয় চকুটো ওভোতাই পাব তেতিয়া তেওঁৰ হাতত দেৱতা ধ্বংসৰ উপায় থাকিব। তেতিয়া ঋষিয়ে ইয়াৰ সাক্ষী হ’বলৈ যথেষ্ট তপস্যা কৰিবলৈ ধৰিলে, আৰু তৃতীয় চকুৰপৰা ঘোঁৰাৰ দৰে অসুৰ ওলাই আহিল। পিপ্পলাড়াই যেতিয়া অসুৰক দেৱতাক ধ্বংস কৰিবলৈ ক’লে, তেতিয়া প্ৰথমজনে পিপ্পলাড়াক আক্ৰমণ কৰিবলৈ আগবাঢ়িল, কাৰণ ঋষিজন নিজেই এজন দেৱতা, আৰু সেয়েহে তেওঁক হত্যা কৰি হত্যাযজ্ঞৰ আৰম্ভ কৰিব বুলি উল্লেখ কৰিলে। পিপ্পলাড়াই শিৱক আৰু এবাৰ প্ৰাৰ্থনা কৰিলে, আৰু অসুৰে তেওঁৰ ক্ষতি কৰিব নোৱাৰা অৰণ্যত আশ্ৰয় দিয়া হ’ল। ব্ৰহ্মাই ঋষিক পতিয়ন নিয়াইছিল যে, দেৱতাৰ ধ্বংসই তেওঁৰ পিতৃ-মাতৃক ঘূৰাই আনিব নোৱাৰে। পিপ্পলাড়াই নিজৰ প্ৰতিশোধ বন্ধ কৰিবলৈ সন্মত হ’ল, কিন্তু তেওঁ পিতৃ-মাতৃৰ লগত কথা পাতিবলৈ ইচ্ছা কৰিলে। পিতৃ-মাতৃয়ে তেওঁৰ সন্মুখত উপস্থিত হ’ল আৰু তেওঁক থিতাপি লৈ সন্তান জন্ম দিবলৈ অনুৰোধ কৰিলে। অসুৰ গংগা নদীৰ সৈতে এক হৈ পৰা বুলি ধৰা হয়।[5]
বিবাহ
[সম্পাদনা কৰক]শিৱ পুৰাণত পিপ্পলাড়াই হিমালয়ৰ পুষ্পভদ্ৰা নদীলৈ যোৱাৰ পথত আকস্মিকভাৱে এগৰাকী কণমানি কন্যাক লগ পাইছিল আৰু তেওঁৰ প্ৰতি কামনাই পীড়া কৰিছিল। স্থানীয় ৰাইজক সোধা-পোছা কৰি জানিব পাৰিলে যে, কুমাৰীগৰাকী হৈছে লক্ষ্মী দেৱীৰ দৰে গুণসম্পন্ন বুলি গণ্য কৰা ৰজা অনৰণ্যৰ একমাত্ৰ কন্যা ৰাজকুমাৰী পদ্মা। ঋষিয়ে ৰজাৰ প্ৰাসাদত ভৰি থৈ ছোৱালীজনীৰ হাত বিয়াৰ বাবে দাবী কৰিলে, অন্যথা ৰজাৰ ৰাজ্যক পুৰি ছাইলৈ পৰিণত কৰাৰ ভাবুকি দিলে। হতাশগ্ৰস্ত ৰজাই তেওঁৰ পৰামৰ্শদাতাসকলে পৰামৰ্শ কৰাৰ পাছত সিদ্ধান্ত লয় যে, তেওঁ নিজৰ বংশক নিজৰ প্ৰিয় কন্যাৰ দ্বাৰাই ৰাখিব লাগিব আৰু তৎক্ষণাত তেওঁক ঋষিৰ পত্নী হিচাপে আগবঢ়ায়।[6] পদ্মাই স্বামীক কৰ্তব্যপৰায়ণতাৰে সেৱা কৰিছিল, ঠিক যেনেকৈ বিষ্ণুৰ পত্নী লক্ষ্মীয়ে বিষ্ণুৰ সেৱা কৰিছিল। পিপ্পলাড়া দুৰ্বল আৰু জৰাজীৰ্ণ হৈ পৰাৰ পৰতো তেওঁ তেওঁৰ প্ৰতি আনুগত্যশীল হৈ থাকিল।[6]
প্ৰশ্নোপনিষদ
[সম্পাদনা কৰক]উপনিষদত ইয়াত উল্লেখ কৰা ছয়জন ঋষি- সুকেশ ভৰদ্বাজ, শৈৱ সত্যকাম, সৌৰ্যয়নিন গাৰ্গ্য, কৌশল্য আশ্বলায়ন, ভাৰ্গৱ বৈদাৰ্ভি, আৰু কবন্ধিন কাত্যায়নে পিপ্পলাড়াৰ ওচৰলৈ গৈ জীৱনৰ উদ্দেশ্যৰ বিষয়ে সুধিছিল। এবছৰ ধৰি তপস্যা কৰি ছটা প্ৰশ্ন কৰিছিল। এই প্ৰশ্নোত্তৰসমূহ পিছলৈ প্ৰশ্নোপনিষদ নামেৰে জনাজাত হয়।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Dalal, Roshen (2014-04-15) (en ভাষাত). The Vedas: An Introduction to Hinduism's Sacred Texts. Penguin UK. ISBN 978-81-8475-763-7. https://books.google.com/books?id=UCEoAwAAQBAJ&dq=Pippalada&pg=PT6.
- ↑ Bhatt, G. P.; Shastri, J. L.; Deshpande, N. A. (1992) (en ভাষাত). The Skanda Purana Part 1: Ancient Indian Tradition And Mythology Volume 49. Motilal Banarsidass. পৃষ্ঠা. 127. ISBN 978-81-208-0966-6. https://books.google.com/books?id=WndMEAAAQBAJ&dq=pippalada+devas&pg=PA127.
- ↑ www.wisdomlib.org (2016-02-03). "Suvarcas: 7 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/suvarcas। আহৰণ কৰা হৈছে: 2022-10-19.
- ↑ www.wisdomlib.org (2021-01-18). "Birth of Pippalāda [Chapter 174"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-skanda-purana/d/doc502153.html। আহৰণ কৰা হৈছে: 2022-10-19.
- ↑ Bhagat, Dr S. P. (2016-09-16) (en ভাষাত). Brahma Vaivart Purana. Lulu Press, Inc. পৃষ্ঠা. 80. ISBN 978-1-365-40084-1. https://books.google.com/books?id=go4jDQAAQBAJ&dq=pippalada+revenge&pg=PT80.
- ↑ www.wisdomlib.org (2018-10-08). "The story of Padmā and Pippalāda [Chapter 35"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/shiva-purana-english/d/doc226099.html। আহৰণ কৰা হৈছে: 2022-10-19.
- ↑ Barua, Beni Madhab (1970) (en ভাষাত). A History of Pre-Buddhistic Indian Philosophy. Motilal Banarsidass Publishers. পৃষ্ঠা. 226. ISBN 978-81-208-0796-9. https://books.google.com/books?id=3hcEr_UssvsC&dq=G%C4%81rgya,+Satyak%C4%81ma&pg=PA226.