সমললৈ যাওক

পিলু মমতাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পিলু মমতাজ
জন্ম প্ৰায় 1953
ঢাকা, পূৱ পাকিস্তান, (বৰ্তমান ঢাকা, বাংলাদেশ)
মৃত্যু ২৩ মে', ২০১১(৫৮ বছৰ)
ঢাকা, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
পেচা
  • গায়িকা-গীতিকাৰ
  • সংগীতজ্ঞ
সক্ৰিয় হৈ থকা সময়
দাম্পত্যসঙ্গী লেফটেনেণ্ট কৰ্ণেল আনৱাৰোজামান
সন্তান হুমাইৰা জামান মৌ
সাংগীতিক কেৰিয়াৰ
সংগীতৰ প্ৰকাৰ
  • পপ
  • আধুনিক
  • ব্লুইজ ৰক
ৰেকৰ্ড লেবেল সৰগম ৰেকৰ্ডছ


পিলু মমতাজ (প্ৰায় ১৯৫৩ – ২৩ মে' ২০১১)[1] এগৰাকী বাংলাদেশী লোক-গায়িকা।[2]

পটভূমি আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

মমতাজৰ জন্ম হৈছিল ঢাকাত। বাংলাদেশী গায়ক উস্তাদ মমতাজ আলীৰ সাতটা সন্তানৰ ভিতৰত তেঁও তৃতীয় সন্তান আছিল।[2] ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতাৰ ঠিক পিছৰ বছৰবোৰত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।[2] তেওঁৰ গীতসমূহৰ ভিতৰত আছিল "একদিন থো চলে জাবো", "চৰা গাচ-এ ফুল ফুইটাচে", আৰু বাংলাদেশী গীতিকাৰ আৰু কবি জাচিমুদ্দিনে লিখা "মাঝি নাও ছৈৰা দে"।[2]

২০১০ চনৰ চিটিচেল-চেনেল ই মিউজিক এৱাৰ্ডত (Citycell-Channel i Music Awards) তেওঁৰ অন্তিমবাৰ ৰাজহুৱাকৈ গীত পৰিবেশন কৰিছিল।[2] মমতাজে বঁটা বিতৰণী অনুষ্ঠানত ফকিৰ আলমগিৰ আৰু ফাৰ্ডুছ ৱাহিদৰ সৈতে মঞ্চত উঠি প্ৰয়াত গায়ক ফিৰোজ শ্বাইৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে "এক চেকেণ্ড-এৰ নাই ভোৰোছা" গীতটো পৰিবেশন কৰে।[2]

ব্যক্তিগত জীৱন আৰু মৃত্যু

[সম্পাদনা কৰক]

মমতাজৰ এগৰাকী ভগ্নী আছিল দীপু মমতাজ। ৭ গৰাকী ভগ্নীৰ ভিতৰত মমতাজ আছিল তৃতীয় ভগ্নী। লেফটেনেণ্ট কৰ্ণেল আনোৱাৰুজ্জামানৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। দুয়োৰে এগৰাকী কন্যা হোমাইৰা জামান মৌৰ জন্ম হয়।[2] ২০১১ চনৰ ২৩ মে'ত ঢাকাৰ এপ'ল' হাস্পতালত ৫৮ বছৰ বয়সত হৃদ ৰোগত আক্ৰান্ত হৈ মমতাজৰ মৃত্যু হয়।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]