সমললৈ যাওক

পিশাচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পিশাচ (সংস্কৃত: पिशाच, piśāca) ভাৰতীয় ধৰ্মসমূহত উল্লিখিত মাংসভোজী দানৱহিন্দু আৰু বৌদ্ধপৌৰাণিক কাহিনীত পিশাচৰ বৰ্ণনা পোৱা যায়। পিশাচ এক কুৰূপ আৰু দুষ্ট আত্মা, বহু সময়ত ইয়াক অপায়-অমঙ্গলৰ প্ৰতীক বুলি গণ্য কৰা হয়।[1]

পৌৰাণিক কাহিনী

[সম্পাদনা কৰক]

মহাভাৰতৰ মতে, প্ৰকৃত পিশাচৰ সৃষ্টি কৰিছিল ব্ৰহ্মাই। মহাভাৰতত পিশাচসকলৰ বিভিন্ন বৰ্ণনা পোৱা যায়। তেওঁলোক কুবেৰ অথবা ব্ৰহ্মাৰ সভাত বাস কৰে, সেই ঠাইৰ দেৱতাসকলক পূজা কৰে, আৰু শিৱ-পাৰ্বতীকো উপাসনা কৰে। পিশাচসকলে ঘটোৎকচৰ পক্ষে কৰ্ণৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। আনহাতে,অলম্বুষৰ ৰথৰ ঘোঁৰা হিচাপে কাম কৰি কৌৰৱকো সহায় কৰিছিল।[1]

কিছুমান কাহিনীত তেওঁলোকক ক্ৰোধ (অৰ্থাৎ "খং")ৰ পুত্ৰ বা দক্ষৰ কন্যা পিশাচাৰ পুত্ৰ হিচাপে বৰ্ণনা কৰা হৈছে। ফুলা শিৰা আৰু টেলেকা ৰঙা চকুৰে তেওঁলোকৰ আকৃতি ভয়ংকৰ বুলি বৰ্ণনা কৰা হয়। তেওঁলোকৰ নিজস্ব এটা ভাষা আছে, যাকপৈশাচী (Paiśāci) বুলি জনা যায়।

এক কাহিনী অনুসৰি, তেওঁলোক কাশ্যপ আৰু প্ৰজাপতি দক্ষৰ এগৰাকী কন্যা ক্ৰোধাৱাসাৰ সন্তান। ৭ম শতিকাৰ নীলামত পুৰাণ অনুসৰি, কাশ্মীৰ উপত্যকানাগ আৰু পিশাচ এই দুই জাতিৰ লোকে বাস কৰিছিল।

পিশাচসকলে অন্ধকাৰ পছন্দ কৰে, আৰু সাধাৰণতে ভূত-প্ৰেত আৰু বেতালসমূহৰ সৈতে শ্মশানত বাস কৰে বুলি কোৱা হয়। তেওঁলোক ৰূপান্তৰিত হ’ব পাৰে, যিকোনো আকৃতি ল’ব পাৰে, আৰু অদৃশ্য হ’বও পাৰে। তেওঁলোকে মানৱীয় শক্তি শোষণ কৰে, কেতিয়াবা মানুহৰ দেহত প্ৰৱেশ কৰি তেওঁলোকৰ চিন্তা-ভাৱনাত প্ৰভাৱ পেলায়। ইয়াৰ ফলত মানৱৰ শাৰীৰিক আৰু মানসিক সমস্যা, উন্মাদনা, আকৰ্ষণ শক্তি হ্ৰাস আদি হ’ব পাৰে। এই ধৰণৰ পিশাচ-আবিষ্ট ব্যক্তিক নিৰাময় কৰিবলৈ বিশেষ মন্ত্ৰ ব্যৱহাৰ কৰা হয়।

কিছু ধৰ্মীয় উৎসৱত পিশাচসকলক তেওঁলোকৰ অংশৰ অৰ্ঘ্য প্ৰদান কৰা হয় যাতে তেওঁলোকে অনিষ্ট নকৰে।

মৃতদেহৰ সঠিক সমাধি সম্পন্ন কৰা নহ'লে মৃত ব্যক্তিজনে দেহ ত্যাগ কৰিবলৈ অক্ষম হৈ পিশাচ ৰূপ ল’ব পাৰে। এইদৰে জন্ম হোৱা পিশাচে খোৱাৰ ক্ষমতা হেৰুৱাই পেলায়, অন্ধ হয়, আৰু তীব্ৰ যন্ত্ৰণাত ভোগে। তথাপি, সিহঁতে জীৱিত মানুহৰ গন্ধ অনুভৱ কৰি তেওঁলোকক আক্ৰমণ কৰিব পাৰে। [টোকা 1]

পাণিনঅষ্টাধ্যায়ী গ্ৰন্থত, পিশাচসকলক "যোদ্ধা বংশ" (warrior clan) হিচাপে উল্লেখ কৰা হৈছে | [উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰাচীন সাহিত্যত, কাশ্মীৰৰ উত্তৰ দিশৰ দাৰ্দিক জনগোষ্ঠী পিশাচ বুলি অভিহিত হৈছিল, আৰু দাৰ্দিক ভাষাসমূহক "পৈশাচী" বুলি কোৱা হৈছিল।[2] তেওঁলোক প্ৰজাপতি কাশ্যপৰ বংশধৰ বুলি বিবেচিত।[3]

থাইলেণ্ড

[সম্পাদনা কৰক]

ৰয়েল ইনস্টিটিউট অভিধান অনুসৰি, থাই শব্দ "ปิศาจ" (pisat) যি সংস্কৃত শব্দ "পিশাচ" (pishacha)ৰ পৰা আহিছে, তাৰ অৰ্থ "ভূত" (ผี) হিচাপে দিয়া হৈছে।[4] যদিও পিশাচ মূল থাই ভূতৰ অন্তৰ্গত নহয়, তথাপি থাই লোকসাহিত্যৰ কিছুমান কাহিনীত এইসকল পিশাচৰ উল্লেখ পোৱা যায়। পিশাচবোৰ হিন্দু-বৌদ্ধ পৰম্পৰাৰ আত্মাসমূহৰ ভিতৰত পৰে আৰু কিছুমান বৌদ্ধ মন্দিৰৰ পেইণ্টিঙতো ইয়াৰ প্ৰতিফলন দেখা যায়।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 www.wisdomlib.org (2019-01-28). "Story of Piśāca" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241833.html। আহৰণ কৰা হৈছে: 2022-08-03. 
  2. Dardestān, Encyclopaedia Iranica, Retrieved 30 January 2020.
  3. The Piśāca languages of north-western India, Sir George Abraham Grierson, Royal Asiatic Society, 1906
  4. Royal Institute Dictionary, 1997 Edition Archived 2009-03-03 at the Wayback Machine
  1. From Bănică, M. (2021). Glück, Gott und Gaben: Kultur und Religion der Roma. Aus dem Rumänischen übersetzt von Larisa Schippel (Vol. 44). Frank & Timme GmbH.
    "If the ritual of sacrifice is lacking or not fully performed, the soul of the dead person (jiva) remains a prisoner indefinitely, unable to enjoy release through death. It then turns into a pisaca - a being unable to eat or drink, deformed and blind, suffering terribly, but instinctively seeking out the living."