পিৰাম দ্বীপ
পিৰাম দ্বীপ | |
|---|---|
দ্বীপ | |
সাগৰৰ পৰা পিৰাম দ্বীপ | |
| স্থানাংক: 21°35.9′N 72°21.2′E / 21.5983°N 72.3533°Eস্থানাংক: 21°35.9′N 72°21.2′E / 21.5983°N 72.3533°E | |
| Country | India |
| State | Gujarat |
| District | Bhavnagar district |
| কালি | |
• মুঠ |
০.৭৫৩ বৰ্গকিমি (০.২৯১ বৰ্গমাইল) |
পিৰাম দ্বীপ (ইংৰাজী: Piram Island) বা পিৰাম বেট আৰব সাগৰৰ কেম্বে উপসাগৰৰ এটা দ্বীপ যি ভাৰতৰ গুজৰাট ৰাজ্যৰ ভৱনগৰ জিলাৰ অন্তৰ্গত। লাইটহাউচৰ কেম্পাছৰ বাহিৰেও এই দ্বীপটো ব্যক্তিগত মালিকানাধীন।
ভূগোল
[সম্পাদনা কৰক]ভৱনগৰ জিলাৰ এখন চহৰ আৰু পূৰ্বৰ সাগৰীয় বন্দৰ ঘোঘাৰ পৰা ৭.২ নটিকেল মাইল দূৰত্বত অৱস্থিত এই দ্বীপটো। দ্বীপটো ১৮৬ একৰ মাটিত বিস্তৃত যদিও ইয়াৰ আধা অংশ উচ্ছন্ন ভূমি।[1]
ইতিহাস
[সম্পাদনা কৰক]সমগ্ৰ ইতিহাসতে এই দ্বীপটো ঘোঘাৰ সৈতে সংযুক্ত হৈ আছে। চতুৰ্দশ শতিকাৰ প্ৰথম বছৰবোৰত এই দ্বীপটো দিল্লী চুলতান ৰাজ্যৰ মুছলমান সৈনিকৰ অধীনত আছিল। ১৩২৫ চনত উমৰালাৰ গোহিল প্ৰধান তথা ভৱনগৰ ৰাজ্যিক পৰিয়ালৰ পূৰ্বপুৰুষ মোখাদাজী গোহিলে দ্বীপটো দখল কৰে। তেওঁ দ্বীপটোক নিজৰ মুখ্য কাৰ্যালয় কৰি দুৰ্গ নিৰ্মাণ কৰিছিল আৰু কেম্বে উপসাগৰৰ ওপৰেৰে পাৰ হৈ যোৱা সকলো জাহাজৰ পৰা টোল আদায় কৰিছিল। গালফত তেওঁ এজন বিখ্যাত জলদস্যু হৈ পৰিছিল। তেওঁৰ এই জোৰদাৰ তথ্য দিল্লী চুলতানৰ সম্ৰাট মহম্মদ বিন টুগলুকৰ জ্ঞানত আহিছিল যিয়ে তেতিয়া গুজৰাটত হোৱা বিদ্ৰোহ দমন কৰি আছিল। ১৩৪৭ চনত তুগলুকে ঘোঘাক আক্ৰমণ কৰি মোখাদাজীক হত্যা কৰে। তেওঁ পিৰাম দ্বীপৰ দুৰ্গ ধ্বংস কৰে। তেওঁ ঘোঘা আৰু পিৰামক মোখাদাজীৰ পুত্ৰ ডুংগাৰজীৰ হাতত এৰি থৈ গ'ল।[2][3]
দুৰ্গটো ধ্বংস হোৱাৰ পিছত দ্বীপটো অন্ধকাৰত পৰিল। অষ্টাদশ শতিকাৰ মাজভাগত (প্ৰায় ১৭২৯ চনত) মুল্লা মহম্মদ আলী নামৰ চুৰাটৰ এজন ব্যৱসায়ীয়ে নিজকে স্বতন্ত্ৰ মুখীয়াল হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে পিৰামৰ ওপৰত এটা দুৰ্গ নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত ই ভৱনগৰ ৰাজ্যৰ ৰাজপৰিয়ালৰ অধীনত পৰে যিয়ে দ্বীপটোৰ দক্ষিণ-পশ্চিম কোণত সামুদ্ৰিক কাৰ্যকলাপৰ ওপৰত চকু ৰাখিবলৈ এটা দুৰ্গ নিৰ্মাণ কৰিছিল। ব্ৰিটিছে ১৮৬৪-৬৫ চনত মল্লৰ দুৰ্গৰ ধ্বংসাৱশেষৰ পৰা দুৰ্গটোৰ ওপৰত ২৪ মিটাৰ উচ্চতাৰ বৃত্তাকাৰ শিলৰ লাইটহাউচ টাৱাৰ নিৰ্মাণ কৰিছিল।[4] এই লাইটহাউচ আৰু কোৱাৰ্টাৰসমূহ এতিয়া ভাৰত চৰকাৰৰ লাইটহাউচ আৰু লাইটশ্বিপ সঞ্চালকালয়ৰ মালিকানাধীন যিটো দ্বীপটোৰ একমাত্ৰ বসতিস্থল আছিল যিটো ২০১০ চনত বন্ধ হৈ গৈছিল। [5] এই দ্বীপটোৰ মালিকীস্বত্ব ভৱনগৰৰ ৰজাঘৰৰ মৃতক সিদ্ধৰাজসিংহ ৰাওলৰ। ভাৰতৰ কেইটামান ব্যক্তিগত মালিকানাধীন কুমাৰী দ্বীপৰ ভিতৰত ই অন্যতম। ২০১২ চনত তেওঁ ইয়াক বিক্ৰী কৰাৰ উদ্দেশ্য আছিল।[1]
পুৰাজীৱবিজ্ঞান আৰু পুৰাতত্ত্ব
[সম্পাদনা কৰক]এই দ্বীপটোৱে মাইয়চিন যুগৰ শেষৰ ফালে পলস উন্মোচন কৰে, যিটো ছিৱালিক পাহাৰৰ সমতুল্য।[6] পোৱা জীৱাশ্মসমূহৰ ভিতৰত শিভাথেৰিন জিৰাফ, ব্ৰামাথেৰিয়াম আৰু শিভাথেৰিয়াম আদি জীৱাশ্ম অন্যতম। প্ৰাগঐতিহাসিক ইকুইড হিপাৰিয়ানৰ জীৱাশ্মও এই দ্বীপটোত পোৱা গৈছিল। পিৰামিছক প'ড'কনেমিডিডে পৰিয়ালৰ অন্তৰ্গত কাষৰ ডিঙিৰ কচ্ছপ বুলিও জনা যায়, যিটো গোট ভাৰত বা এছিয়াত আৰু পোৱা নাযায় আৰু আজি কেৱল দক্ষিণ আমেৰিকা আৰু মাদাগাস্কাৰতহে পোৱা যায়।[7] দ্বীপটোৰ চাৰিওফালে পোৱা কেইবাখনো জাহাজৰ ধ্বংসাৱশেষ চতুৰ্দশ শতিকাৰ।[1]

উদ্ভিদ আৰু প্ৰাণী
[সম্পাদনা কৰক]দ্বীপটোত মেংগ্ৰোভ গছ-গছনি আছে আৰু লগতে দুটা বিপন্ন প্ৰজাতিৰ সাগৰীয় কাছৰ বাহ সজা ঠাই আছে; অলিভ ৰিডলি সাগৰীয় কচ্ছপ আৰু গ্ৰীণ সাগৰীয় কাছ, আৰু প্ৰায় পঞ্চাশটা প্ৰজাতিৰ চৰাই, বেছিভাগেই সাগৰীয় চৰাই। আগষ্ট–ছেপ্টেম্বৰ মাহত বাহ সাজিবলৈ সাগৰীয় কাছ উপস্থিত হয়।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 John, Paul (17 June 2012). "Gujarat's Jurassic Park up for sale". The Times of India. http://timesofindia.indiatimes.com/city/ahmedabad/Gujarats-Jurassic-Park-up-for-sale/articleshow/14193827.cms। আহৰণ কৰা হৈছে: 16 September 2015.
- ↑ Virbhadra Singhji, The Rajputs of Saurashtra, Bombay, Popular Prakashan (1994), p. 44. আই.এচ.বি.এন. 81-7154-546-7
- ↑ Gazetteer of the Bombay Presidency: Ahmedabad (Public Domain text). Government Central Press. 1879. পৃষ্ঠা. 350–353. https://books.google.com/books?id=EL4IAAAAQAAJ&pg=PA341.
- ↑ Bhanti, R. K. (2000). Indian Lighthouses - An Overview. Directorate General of Lighthouse and Lightships, Government of India. পৃষ্ঠা. 82. http://www.dgll.nic.in/DgllPublication/318_3_PUBLICATIONS/Publication.aspx?Temp_id=43.
- ↑ সাঁচ:Cite rowlett
- ↑ Nanda, A.C.; Sehgal, R.K.; Chauhan, P.R. (August 2018). "Siwalik-age faunas from the Himalayan Foreland Basin of South Asia" (en ভাষাত). Journal of Asian Earth Sciences খণ্ড 162: 54–68. doi:10.1016/j.jseaes.2017.10.035. https://linkinghub.elsevier.com/retrieve/pii/S136791201730603X.
- ↑ Ferreira, Gabriel S.; Bandyopadhyay, Saswati; Joyce, Walter G. (2018-11-15). "A taxonomic reassessment of Piramys auffenbergi, a neglected turtle from the late Miocene of Piram Island, Gujarat, India" (en ভাষাত). PeerJ খণ্ড 6. doi:10.7717/peerj.5938. ISSN 2167-8359. PMID 30479901.
- ↑ সাঁচ:ISSN