সমললৈ যাওক

পি. কে. মেদিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পি. কে. মেদিনী

পি. কে. মেদিনী (ইংৰাজী: P. K. Medini) এগৰাকী বিপ্লৱী গায়ক, সংগীতজ্ঞ, মঞ্চ শিল্পী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী৷ তেওঁ ঐতিহাসিক পুন্নাপ্ৰা-ভায়ালাৰ বিদ্ৰোহৰ এজন অংশগ্ৰহণকাৰী, ভাৰতৰ কমিউনিষ্ট দলৰ নেতা আৰু কেৰেলাৰ এজন প্ৰখ্যাত সমাজকৰ্মী।[1][2]

১৯৯৯ চনত মেডিনি কেৰেলা সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।[3]

সংগীত পৰিৱেশন কৰা অৱস্থাত পি. কে. মেদিনী

পুন্নাপ্ৰা-ভায়ালাৰ বিদ্ৰোহ

[সম্পাদনা কৰক]

১৯৪৬ চনৰ অক্টোবৰ ব্ৰিটিছ ভাৰতৰ দেশীয় ৰাজ্য ট্ৰিভানকোৰত প্ৰধানমন্ত্ৰী চি. পি. ৰামাস্বামী আয়েৰ আৰু ৰাজ্যখনৰ বিৰুদ্ধে এক উগ্ৰপন্থী কমিউনিষ্ট আন্দোলন সংঘটিত হৈছিল।[4] পুন্নপ্ৰাৰ পৰা আৰম্ভ হোৱা এই বিদ্ৰোহ বায়ালাৰত শেষ হয় আৰু বিদ্ৰোহ সংঘটিত হোৱা ঠাই দুখনৰ নামেৰে এই বিদ্ৰোহৰ নামকৰণ পুন্নাপ্ৰা-ভায়ালাৰ বিদ্ৰোহ কৰা হয়।

অধ্যাপক শ্ৰীধৰ মেননৰ দৰে ইতিহাসবিদৰ মতে তেতিয়াৰ ট্ৰিভানকোৰে ‘স্বাধীন ট্ৰিভাংকুৰ’ ঘোষণা কৰাৰ বিৰুদ্ধে এইটো এটা সঠিক সংগ্ৰাম আছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Profile of Malayalam Musician PK Medini". en.msidb.org. https://en.msidb.org/displayProfile.php?category=musician&artist=PK%20Medini। আহৰণ কৰা হৈছে: 2018-03-09. 
  2. "A voice that heralded change" (en-IN ভাষাত). The Hindu. 2012-04-30. ISSN 0971-751X. http://www.thehindu.com/todays-paper/tp-national/tp-kerala/a-voice-that-heralded-change/article3368989.ece. 
  3. "Kerala Sangeetha Nataka Akademi Award: Light Music". Department of Cultural Affairs, Government of Kerala. http://www.keralaculture.org/light-music/467। আহৰণ কৰা হৈছে: 26 February 2023. 
  4. Manorama Yearbook 2011, ISSN 0970-9096