সমললৈ যাওক

পি কন্নাম্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পি কন্নাম্ব

১৯৪৯ চনত কন্নাম্বা
জন্ম পছুপুলেটি কন্নাম্বা
৫ অক্টোবৰ ১৯১১
মাদ্ৰাচ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান অন্ধ্ৰপ্ৰদেশত)
মৃত্যু ৭ মে', ১৯৬৪ (৫২ বছৰ)
মাদ্ৰাচ, মাদ্ৰাচ ৰাজ্য, ভাৰত
পেচা অভিনেত্ৰী, কণ্ঠশিল্পী, চলচ্চিত্ৰ প্ৰযোজক
দাম্পত্যসঙ্গী কদাৰু নাগভূষণম


পছুপুলেটি কন্নাম্ব (ইংৰাজী: Pasupulēţi Kannāṃba ; ৫ অক্টোবৰ ১৯১১ – ৭ মে’ ১৯৬৮) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু তেলেগু ছবিৰ প্ৰযোজক। ১৯৩০ দশকৰ পৰা ১৯৬০ দশকলৈ তেওঁ ১৭০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু তেলেগু আৰু তামিল ভাষাত প্ৰায় ২৫ খন ছবি নিৰ্মাণ কৰিছিল। [1] [2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯১১ চনৰ ৫ অক্টোবৰত কান্নাম্বৰ জন্ম হৈছিল। তেওঁৰ জন্মস্থান নন্দিয়াল জিলাৰ ওৱকু। তেওঁৰ পিতৃ-মাতৃ আছিল লোকম্বা আৰু চৰকাৰী ঠিকাদাৰ এম ভেংকনাৰসাইয়া। কন্নাম্ব তেওঁলোকৰ একমাত্ৰ সন্তান আছিল আৰু এলুৰুত মাতৃৰ ফালৰ পৰা ককাক-আইতাকৰ সৈতে ডাঙৰ-দীঘল হৈছিল।[3] তেওঁ ১৩ বছৰ বয়সৰ পৰাই নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে আৰু সতী সাবিত্ৰী, অনসুয়া, চন্দ্ৰমতী আদি বহু চৰিত্ৰত অভিনয় কৰে।

ষ্টাৰ কম্বাইনছৰ হৰিশ্চন্দ্ৰৰ (১৯৩৫) চন্দ্ৰমতী চৰিত্ৰটোৰে তেওঁৰ চলচ্চিত্ৰ জীৱনৰ আৰম্ভণি হৈছিল । প্ৰায় ১৫০ খন ছবিত অভিনয় কৰে আৰু দ্ৰৌপদী বস্ত্ৰপহৰনম, কনকটাৰা, শৰণগধাৰা, গ্ৰুহলক্ষ্মী আৰু চণ্ডিকা ছবিত অভিনয় কৰি প্ৰশংসা পায়। তামিল ছবি কন্নগীত শিৰোনাম চৰিত্ৰত আৰু পালনাটি যুদ্ধমত গোবিন্দৰাজুলা চুব্বা ৰাওৰ বিপৰীতে নয়কুৰালু নাগম্মা চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ অশোক কুমাৰ (১৯৪১) ছবিত আন এজন মহান অভিনেতা ভি নাগইয়াৰ বিপৰীতে কুইনৰ চৰিত্ৰত অভিনয় কৰিছিল।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]