সমললৈ যাওক

পীযুষ পাণ্ডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পীযুষ পাণ্ডে
Piyush Pandey

২০১৫ চনত পাণ্ডে
জন্ম ০৫ ছেপ্টেম্বৰ, ১৯৫৫
জয়পুৰ, ৰাজস্থান, ভাৰত
মৃত্যু ২৩ অক্টোবৰ, ২০২৫ (৭০ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ,ভাৰত
শিক্ষা ছেণ্ট ষ্টিফেন্স কলেজ, দিল্লী(কলাৰ স্নাতকোত্তৰ)
পেচা
  • বিজ্ঞাপন পেছাদাৰী
  • চিত্ৰনাট্যলেখক
সক্ৰিয় হৈ থকা সময় ১৯৮২–২০২৫
দাম্পত্যসঙ্গী নীতা পাণ্ডে (বি. ২০০০)
আত্মীয়-স্বজন


পীযুষ পাণ্ডে (ইংৰাজী: Piyush Pandey,৫ ছেপ্টেম্বৰ ১৯৫৫ – ২৩ অক্টোবৰ ২০২৫) এজন ভাৰতীয় বিজ্ঞাপন পেছাদাৰী আৰু ৱৰ্ল্ডৱাইডৰ মুখ্য সৃষ্টিশীল বিষয়া (২০১৯)৷ তেওঁ অগিলভিৰ কাৰ্যবাহী-ভাৰতৰ অধ্যক্ষ আছিল।[1] [2] ২০২৪ চনত তেওঁ এল আই এ লিজেণ্ড বঁটা, আৰু ২০১৬ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল।[3] পাণ্ডেয়ে ভাৰতীয় বিজ্ঞাপনৰ ওপৰত এক সুকীয়া থলুৱা প্ৰভাৱ গঢ় দিয়াৰ বাবেও কৃতিত্ব লাভ কৰে যি পূৰ্বতে পশ্চিমীয়া বিজ্ঞাপন আৰু ধাৰণাসমূহৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৫৫ চনত জয়পুৰত জন্মগ্ৰহণ কৰা পীযুষ পাণ্ডে সাতজনী কন্যা আৰু দুজন পুত্ৰৰে পৰিৱেষ্টিত এটি পৰিয়ালৰ সদস্য আছিল। তেওঁৰ ভাই-ভনীৰ ভিতৰত আছে চলচ্চিত্ৰ পৰিচালক প্ৰসুন পাণ্ডে আৰু কণ্ঠশিল্পী-অভিনেত্ৰী ইলা অৰুণ[5] তেওঁৰ পিতৃয়ে ৰাজস্থান ৰাজ্যিক সমবায় বেংকত কাম কৰিছিল।[6] তেওঁ ৰাজস্থান ৰাজ্যৰ হৈ ৰঞ্জী ট্ৰফী খেলিছিল। তেওঁ চাহ টেষ্টাৰ হিচাপে কাম কৰিছিল।[7]পাণ্ডেই জয়পুৰৰ ছেইণ্ট জেভিয়াৰ স্কুলত অধ্যয়ন কৰিছিল আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ নীতা পাণ্ডেৰ সৈতে বিবাহ হৈছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৮২ চনত পাণ্ডেই অগিলভিৰ ক্লায়েণ্ট চাৰ্ভিচিং এক্সিকিউটিভ হিচাপে বিজ্ঞাপন উদ্যোগত পীযুষ পাণ্ডেয়ে যোগদান কৰে। তেওঁ লিখা প্ৰথমটো বিজ্ঞাপন আছিল ছানলাইট ডিটাৰজেণ্ট প্ৰিন্ট এড।[1] ৬ বছৰৰ পিছত তেওঁ সৃষ্টিশীল বিভাগত যোগদান কৰে য'ত তেওঁ লুনা মপেড, ফেভিকল, কেডবেৰী আৰু এছিয়ান পেইণ্টৰ দৰে কেইবাটাও উল্লেখযোগ্য বিজ্ঞাপন তৈয়াৰ কৰে।[8] তিনি বছৰৰ পাছত তেওঁক সৃষ্টিশীল পৰিচালকলৈ পদোন্নতি দিয়া হয়, আৰু তাৰ পিছত ৰাষ্ট্ৰীয় সৃষ্টিশীল পৰিচালক পদলৈ তেওঁ পদোন্নতি হয়। ১৯৯৪ চনত পাণ্ডেক পৰিচালনা সমিতিলৈ মনোনীত কৰা হয়।[7] তেওঁৰ নেতৃত্বত অগিলভি ইণ্ডিয়াই দ্য ইকনমিক টাইমছৰ দ্বাৰা পৰিচালিত স্বতন্ত্ৰ মাৰ্কেটিং এণ্ড এডভাৰটাইজিং জৰীপ এজেন্সী ৰেক’নাৰত একেৰাহে ১২ বছৰ ধৰি শীৰ্ষ স্থানৰ এজেন্সীৰ স্থান লাভ কৰিছে। তেওঁ কান লায়ন্স উৎসৱৰ বাবে এছিয়াৰ পৰা আমন্ত্ৰিত প্ৰথমজন বিচাৰক-সভাপতিও আছিল।[9]

তেওঁৰ ৪০ বছৰীয়া কাৰ্যকালত অগিলভি এণ্ড মাথাৰ ভাৰতৰ সৰ্ববৃহৎ বিজ্ঞাপন সংস্থা হিচাপে পৰিগণিত হয়,[10] আৰু অগিলভি ইণ্ডিয়াক অগিলভিৰ বিশ্বব্যাপী নেটৱৰ্কৰ অন্যতম সৃষ্টিশীল কাৰ্যালয় হিচাপে গণ্য কৰা হয়।[7] ২০০৬ চনৰ ছেপ্টেম্বৰ মাহত পাণ্ডেক অগিলভি ৱৰ্ল্ডৱাইডৰ ব’ৰ্ডলৈ মনোনীত কৰা হয়। তেওঁ বাৰ্লিন স্কুল অৱ ক্ৰিয়েটিভ লিডাৰশ্বিপত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৃষ্টিশীল কাৰ্যবাহীসকলক মেণ্টৰ কৰিছিল।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত অগিলভিয়ে নেতৃত্বৰ এক বৃহৎ পৰিৱৰ্তন ঘোষণা কৰে আৰু পীযুষ পাণ্ডেই সংস্থাটোৰ মুখ্য উপদেষ্টাৰ ভূমিকালৈ পৰিৱৰ্তন হ'বলৈ পূৰ্বৰ স্থানৰ পৰা পদত্যাগ কৰে,[11]যি ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল।

বিজ্ঞাপনৰ নিৰ্মাণ আৰু বৰঙণি

[সম্পাদনা কৰক]

পীযুষ পাণ্ডেয়ে ডিজাইন কৰা ভাৰতৰ উল্লেখযোগ্য বিজ্ঞাপনসমূহৰ ভিতৰত আছে:

  • Abki baar Modi sarkar - বিজেপি ২০১৪-ৰ নিৰ্বাচনী প্ৰচাৰ,[12] বিখ্যাত শ্লোগান "আচ্ছে দিন আনে ৱালে হায়"[1]
  • অমিতাভ বচ্চনৰ সৈতে পলিঅ' বিজ্ঞাপন অভিযান[13]
  • Fevicol বিজ্ঞাপন অভিযান - Fevicol বাছ, Fevicol মাছ, fevicol ছ'ফা
  • ফেভিকুইক বিজ্ঞাপন অভিযান যেনে "Todo Nahin, Jodo"[1]
  • গুগলি ৱুগলি ৱুছ - পণ্ডছৰ বিজ্ঞাপন (২০১০)।
  • চল মেৰী লুনা
  • "কুচ খাছ হাই"ৰ দৰে কেডবেৰী ডেইৰী মিল্কৰ বিজ্ঞাপন অভিযান[14]
  • Vodafone বিজ্ঞাপন অভিযান - Pug, ZooZoos
  • "হৰ ঘৰ কুচ কেহতা হায়"ৰ দৰে এছিয়ান পেইণ্টছৰ বিজ্ঞাপন অভিযান।
  • ভাৰতীয় পৰ্যটনৰ বাবে অভিযান
  • বেল বাজাও বিজ্ঞাপন অভিযান
  • কেন্সাৰ পেচেণ্টছ এছ’চিয়েশ্যনৰ বাবে ধূমপান বিৰোধী অভিযান
  • ৰাথ বানস্পতি
  • ফৰ্চুন অইল
  • গুগল - ৰিইউনিয়ন
  • হিন্দু[15][9]
  • গুজৰাট পৰ্যটন অভিযান[16]

১৯৮৮ চনত ৰাষ্ট্ৰীয় সংহতি অভিযানৰ বাবে ভাৰতীয় দেশপ্ৰেমমূলক গীত "মিলে সুৰ মেৰা তুম্হাৰা" ৰচনা কৰাৰ লগতে ভোপাল এক্সপ্ৰেছৰ চিত্ৰনাট্যও সহযোগী ৰূপত ৰচনা কৰে৷

পীযুষ পাণ্ডেৰ দুখনমান গ্ৰন্থ

  • পাণ্ডেমণিয়াম (২০১৫)[17]
  • অপেন হাউছ উইথ পীযুষ পাণ্ডে (২০২২)

পাণ্ডেয়ে জন আব্ৰাহাম আৰু নাৰ্গিছ ফাখৰীৰ অভিনীত ছবি মাদ্ৰাছ কেফেকেবিনেট সচিব হিচাপে অভিনয় কৰিছিল।[18]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]

পাণ্ডেয়ে কেইবাটাও বঁটা লাভ কৰিছে।[19][20] দ্য ইকনমিক টাইমছে পাণ্ডেক একেৰাহে আঠ বছৰ ধৰি ভাৰতীয় বিজ্ঞাপনৰ ক্ষেত্ৰত আটাইতকৈ প্ৰভাৱশালী ব্যক্তি হিচাপে নিৰ্বাচিত কৰে।[21] ২০০০ চনত মুম্বাইৰ এড ক্লাবে ফেভিকৱিকৰ বাবে তেওঁৰ বিজ্ঞাপনটোক শতিকাৰ বিজ্ঞাপন আৰু কেডবেৰীৰ বাবে তেওঁৰ কামক শতিকাৰ অভিযান বুলি ভোট দিয়ে।

২০০২ চনৰ মিডিয়া এছিয়া এৱাৰ্ডছত পাণ্ডেয়ে এছিয়াৰ বছৰৰ সৃষ্টিশীল ব্যক্তি হিচাপে নিৰ্বাচিত হয়। পাণ্ডেৰ কাৰ্যকালত কাঁনত অ’ এণ্ড এম ইণ্ডিয়াই ২৫টা সিংহ জয় কৰিছিল। ২০০২ চনত দ্য ৱান শ্ব’ এৱাৰ্ডত ভাৰতৰ প্ৰথমটো ৰূপৰ পেঞ্চিল (Silver Pencil) লাভ কৰে।

২০০০ চনৰ ক্লিঅ' বঁটা প্ৰদান অনুষ্ঠানত, ২০০২ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত তেওঁক জুৰীৰ সদস্য হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল আৰু ২০০৪ চনৰ কান লায়ন্স আন্তঃৰাষ্ট্ৰীয় বিজ্ঞাপন মহোৎসৱত আউটড'ৰ আৰু প্ৰেছ আৰু চলচ্চিত্ৰৰ প্ৰথম এছিয়ান জুৰী সভাপতি আছিল।[22] ২০০৭ চনৰ এছিয়া পেচিফিক এডভাৰটাইজিং ফেষ্টিভেল এৱাৰ্ডৰ বিচাৰক হিচাপে তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল।[20][23] পাণ্ডেই ২০১০ চনত ভাৰতীয় বিজ্ঞাপন সংস্থা সংস্থাৰ পৰা আজীৱন কৃতিত্বৰ বঁটা লাভ কৰে।[10]২০১২ চনত পীযুষ পাণ্ডেই অসাধাৰণ কাম আৰু সৃষ্টিশীল কৃতিত্বৰ বাবে ক্লিঅ' লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰে।[24]ভাৰত চৰকাৰে ২০১৬ চনত তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে।[3]

২০১৮ চনৰ জুন মাহত পীযূষ পাণ্ডে আৰু তেওঁৰ ভাতৃ প্ৰসুন পাণ্ডেই (কৰ্ক'ইজ ফিল্মছ) ফ্ৰান্সৰ কান এডভাৰটাইজিং ফেষ্টিভেলত ছেইণ্ট মাৰ্কৰ লায়ন্সৰ জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰে।[25]

ডব্লিউ পি পি এজেন্সী অগিলভিয়ে অগিলভি দক্ষিণ এছিয়াৰ কাৰ্যবাহী অধ্যক্ষ আৰু সৃষ্টিশীল সঞ্চালক পীয়ুষ পাণ্ডেক বিশ্বব্যাপী মুখ্য সৃষ্টিশীল বিষয়া হিচাপে পদোন্নতি দিয়ে। এই পদক্ষেপৰ দ্বাৰা কোম্পানীটোৱে জুলাই মাহত ইয়াৰ পূৰ্বৰ সৃষ্টিশীল মুৰব্বী থাম খাই মেঙে পদত্যাগ কৰাৰ পিছত খালী হৈ থকা এটা মূল পদ পূৰণ কৰিলে। ১ জানুৱাৰীৰ পৰা এই নিযুক্তি কাৰ্যকৰী হয়।

৭০ বছৰ বয়সত, ২০২৫ চনৰ ২৩ অক্টোবৰ তাৰিখে পীযুষ পাণ্ডেৰ মৃত্যু হয়৷[26]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 News Bureau, Afaqs (11 December 2018). "Iconic ads by Piyush Pandey". Afaqs. https://www.afaqs.com/news/advertising/54070_piyush-pandeys-iconic-ads-over-the-years. 
  2. Green, Ricki. "LIA presents prestigious 2024 Legend Award to Piyush Pandey, former global CCO of Ogilvy". Campaignbrief.comCampaignBrief. https://campaignbrief.com/lia-presents-prestigious-2024-legend-award-to-piyush-pandey-former-global-cco-of-ogilvy/. 
  3. 3.0 3.1 "Padma Awards 2016". Press Information Bureau, Government of India. 2016. http://pib.nic.in/newsite/PrintRelease.aspx?relid=135783। আহৰণ কৰা হৈছে: 2 February 2016. 
  4. "Piyush Pandey: The Man Behind the Mooch" (en-US ভাষাত). Verve (Indian magazine). 2016-01-07. https://www.vervemagazine.in/people/piyush-pandey-pandeymonium-ogilvy-and-mather-indian-advertising। আহৰণ কৰা হৈছে: 2022-03-28. 
  5. "Wives, children, sisters, mom-in-law -more than 20 family members will be in Cannes to watch Pandey brothers create history - Exchange4media" (en ভাষাত). Indian Advertising Media & Marketing News – exchange4media. https://www.exchange4media.com/cannes-lions-news/wives-children-sisters-mom-in-law-more-than-20-family-members-will-be-in-cannes-to-watch-pandey-brothers-create-history-90531.html। আহৰণ কৰা হৈছে: 2022-03-28. 
  6. "'I was born in a creative factory'". www.telegraphindia.com. https://www.telegraphindia.com/7-days/i-was-born-in-a-creative-factory/cid/1313718। আহৰণ কৰা হৈছে: 2022-03-28. 
  7. 7.0 7.1 7.2 "Speaker Profiles". Advertising Agencies Association of India. Archived from the original on 25 November 2005. https://archive.today/20051125122235/http://www.aaaindia.org/speaker_profiles.htm। আহৰণ কৰা হৈছে: 12 July 2011. 
  8. "Piyush Pandey: The Man Behind the Mooch" (en-US ভাষাত). Verve (Indian magazine). 2016-01-07. https://www.vervemagazine.in/people/piyush-pandey-pandeymonium-ogilvy-and-mather-indian-advertising। আহৰণ কৰা হৈছে: 2022-03-28. 
  9. 9.0 9.1 "Ogilvy's Piyush Pandey gets lifetime achievement award". Adgully Bureaur. Archived from the original on 3 March 2011. https://web.archive.org/web/20110303054119/http://www.adgully.com/advertising/ogilvy%E2%80%99s-piyush-pandey-gets-lifetime-achievement-award.html। আহৰণ কৰা হৈছে: 12 July 2011. 
  10. 10.0 10.1 Vishwanathan, Ganapathy (Aug 22, 2022). "The importance of being Piyush Pandey". adgully. https://www.adgully.com/the-importance-of-being-piyush-pandey-121721.html. 
  11. "Piyush Pandey to transition into chief advisor at Ogilvy" (en ভাষাত). ETBrandEquity. https://brandequity.economictimes.indiatimes.com/news/the-people-report/piyush-pandey-to-transition-into-chief-advisor-at-ogilvy/103954307। আহৰণ কৰা হৈছে: 2023-11-05. 
  12. "Forbes India - Ab Ki Baar Pandey Sarkar" (en ভাষাত). Forbes India. https://www.forbesindia.com/article/profile/ab-ki-baar-pandey-sarkar/52089/1। আহৰণ কৰা হৈছে: 2022-03-28. 
  13. Srivastava, Kanchan (Aug 10, 2022). "exchange4media". https://www.exchange4media.com/advertising-news/when-you-enjoy-your-job-you-dont-count-the-years-piyush-pandey-ogilvy-121809.html#:~:text=The%20man%20behind%20the%20iconic,that%20appealed%20to%20the%20masses.. 
  14. "Piyush Pandeys Top 5 Popular Campaigns". Indian Television. https://www.indiantelevision.com/mam/marketing/mam/piyush-pandeys-top-5-popular-campaigns. 
  15. "Building Brands is like bringing up your child, Piyush Pandey". Views Journal. Archived from the original on 30 April 2011. https://web.archive.org/web/20110430114918/http://www.viewsjournal.com/variety/31-building-brands-is-like-bringing-up-your-child-piyush-pandey.aspx। আহৰণ কৰা হৈছে: 12 July 2011. 
  16. "'I was born in a creative factory'". www.telegraphindia.com. https://www.telegraphindia.com/7-days/i-was-born-in-a-creative-factory/cid/1313718। আহৰণ কৰা হৈছে: 2022-03-28. 
  17. James, Nandana (November 26, 2020). "Piyush's new book in Pandeymic times". thehindubusinessline. https://www.thehindubusinessline.com/catalyst/piyushs-new-book-in-pandeymic-times/article33187715.ece. 
  18. Gupta, Priya (14 July 2013). "India's ad gurus in Shoojit Sircar's 'Madras Café'". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Indias-ad-gurus-in-Shoojit-Sircars-Madras-Caf/articleshow/21054028.cms. 
  19. Profile, Berlin School of Creative Leadership, berlin-school.com Archived 23 March 2012 at the Wayback Machine
  20. 20.0 20.1 "PIYUSH PANDEY". CMO Asia. Archived from the original on 2 August 2012. https://archive.today/20120802102105/http://cmoasia.org/CMO_2010/piyush-pandey.html। আহৰণ কৰা হৈছে: 12 July 2011. 
  21. "Piyush PANDEY". Cresta-Awards Jury Detail. Archived from the original on 1 October 2011. https://web.archive.org/web/20111001103714/http://www.cresta-awards.com/Jury_Detail_Plain.aspx?JuryID=44। আহৰণ কৰা হৈছে: 23 July 2011. 
  22. Dey, Sohini (February 15, 2017). "The Better India". thebetterindia. https://www.thebetterindia.com/87324/piyush-pandey-advertising-ogilvy-mather/. 
  23. "Piyush Pandey receives AAAI Lifetime Achievement Award". Campaign India. Archived from the original on 26 December 2010. https://web.archive.org/web/20101226131326/http://www.campaignindia.in/Article/229248,piyush-pandey-receives-aaai-lifetime-achievement-award.aspx। আহৰণ কৰা হৈছে: 12 July 2011. 
  24. "Piyush Pandey wins Clio Lifetime Achievement Award - Firstpost". www.firstpost.com. https://www.firstpost.com/business/piyush-pandey-wins-clio-lifetime-achievement-award-311981.html। আহৰণ কৰা হৈছে: 2018-06-27. 
  25. "Cannes Lions awards lifetime achievement to Piyush & Prasoon Pandey" (en ভাষাত). Indian Television Dot Com. 2017-12-14. http://www.indiantelevision.com/mam/marketing/brands/cannes-lions-awards-lifetime-achievement-to-piyush-prasoon-pandey-171214. 
  26. "'अब की बार, मोदी सरकार', 'हमारा बजाज'सारख्या टॅगलाइनचे जनक, मार्केटिंग गुरू पीयूष पांडे यांचं निधन; 'पद्मश्री'ने झाला होता गौरव". Lokmat. 24 October 2025. https://www.lokmat.com/business/news/piyush-pandey-padma-shri-award-winner-advertisement-guru-abki-bar-modi-sarkar-campaign-writer-passes-away-a-a720/. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]