সমললৈ যাওক

পুতলীবাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুতলীবাই
জন্ম 1844 (1844)[1]
দত্ৰানা, জুনাগড় ৰাজ্য, বৃটিছ শাসিত ভাৰত।[2]
মৃত্যু ১২ জুন, ১৮৯১ (৪৭ বছৰ)
ৰাষ্ট্ৰীয়তা বৃটিছ ভাৰত
জনা যায় মহাত্মা গান্ধীৰ মাতৃ
দাম্পত্যসঙ্গী কৰমচান্দ গান্ধী
সন্তান
  • লক্ষ্মীদাস
  • কৰ্চনদাস
  • ৰালিয়াটবেন
  • মোহনদাস

পুতলীবাই কৰমচান্দ গান্ধী (১৮৪৪ – ১২ জুন ১৮৯১) ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ মাতৃ।

তেতিয়াৰ জুনাগড় ৰাজ্যৰ দন্তৰানা নামৰ গাঁৱত আছিল তেওঁৰ ঘৰ।

প্ৰাক্তন ৰাজকোট দেৱান কৰমচান্দ গান্ধীৰ চতুৰ্থ, আৰু কনিষ্ঠ পত্নী আছিল তেওঁ। প্ৰথম দুগৰাকী পত্নীৰ প্ৰসৱকালীন সময়তে মৃত্যু হোৱা আৰু তৃতীয়গৰাকী সন্তানহীন হৈ থকাত কৰমচান্দতকৈ বাইছ বছৰ সৰু[3] পুতলীবাইক বিয়া কৰাইছিল। কৰমচান্দ গান্ধীৰপৰা তেওঁ চাৰিটা সন্তান জন্ম দিছিল, মোহনদাস আছিল তেওঁৰ সৰু পুত্ৰ, যাক তেওঁ মৰমেৰে মনিয়া বুলি মাতিছিল।

তেওঁ আছিল এগৰাকী অতি ধৰ্মপ্ৰাণা মহিলা আছিল আৰু হিন্দু ধৰ্ম পালন কৰিছিল,[4] যাৰদ্বাৰা মহাত্মা গান্ধীক তেওঁৰ ধৰ্মৰ বিষয়ে প্ৰাৰম্ভিক শিক্ষা দিয়া হৈছিল। মহাত্মা গান্ধীয়ে তেওঁৰ আত্মজীৱনী দ্য ষ্ট’ৰী অৱ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথত ভাৰত এৰি ইংলেণ্ডলৈ যোৱাৰ বাবে তেওঁৰ মাকে দিয়া চৰ্তবোৰৰ বিষয়ে বহুলভাৱে লিখিছিল।[5][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Putlibai Gandhi" (en-US ভাষাত). geni_family_tree. https://www.geni.com/people/Putlibai-Gandhi/6000000009016607497 আহৰণ কৰা হৈছে: 2021-09-01.
  2. Guha, Ramachandra (2014-10-15) (en ভাষাত). Gandhi before India. Penguin Books Limited. ISBN 978-93-5118-322-8. https://books.google.com/books?id=XS7UAAAAQBAJ&dq=%22gandhi's+mother,+putlibai,+was+born+in+a+village+named+dantrana%22&pg=PP41.
  3. Mohan, G. Ram (2015-08-25). "The meaning of celebrating Putlibai Day" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/opinion/open-page/the-meaning-of-celebrating-putlibai-day/article10331258.ece.
  4. "Putlibai | GANDHIJI". www.mkgandhi.org. https://www.mkgandhi.org/gandhiji/03putlibai.htm আহৰণ কৰা হৈছে: 2021-09-01.
  5. Guha 2015, p. 32
  6. Rajmohan, Gandhi (2006). Gandhi: The Man, His People, and the Empire. পৃষ্ঠা. 20–21. ISBN 978-0-520-25570-8. https://books.google.com/books?id=FauJL7LKXmkC&pg=PA20.