সমললৈ যাওক

পুতুল নাচেৰ ইতিকথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুতুলনাচেৰ ইতিকথা  
লেখক মাণিক বন্দ্যোপাধ্যায়
দেশ ভাৰতবৰ্ষ
ভাষা বাংলা
প্ৰকাৰ সমাজতাত্ত্বিক উপন্যাস

পুতুল নাচেৰ ইতিকথা (ইংৰাজী: Putul Nacher Itikatha) হৈছে বাঙালী সাহিত্যিক মানি‍ক বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত তৃতীয় উপন্যাস আৰু চতুৰ্থ ছপা গ্ৰন্থ। উপন্যাসখন ১৩৪১ বঙ্গাব্দৰ পুহ মাহৰ পৰা ১৩৪২ বঙ্গাব্দৰ আঘোন মাহলৈকে‍ ভাৰতবৰ্ষ আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। পৰৱৰ্তী সময়ত ১৯৩৬ চনত ই কিতাপ আকাৰে‍ প্ৰকাশিত হয়।[1][2] উপন্যাসখনত মাণিক বন্দ্যোপাধ্যায়ৰ সমাজতান্ত্ৰিক মানসিকতাৰ পৰিচয় পোৱা যায়।[1][2]

সংক্ষেপে‍ কাহিনীভাগ

[সম্পাদনা কৰক]

উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে গাঁৱৰ ডাক্তৰ শশী। ঈশ্বৰৰ ওপৰত তেওঁৰ কোনো বিশ্বাস নাই। গাঁৱৰ পটভূমিত শশী, শশীৰ পিতৃ, কুসুম আৰু অন্যান্য চৰিত্ৰৰ মাজত বিদ্যমান জটিল সামাজিক সম্পৰ্কৰ আধাৰত উপন্যাসখনৰ কাহিনী আৰু প্ৰসংগ নিৰ্মাণ হৈছে। অৱক্ষয়ী সমাজৰ প্ৰেম, বিৰহ, ঘৃণা আৰু পাৰস্পৰিক সহানুভূতিক উপজীৱ্য হিচাপে লৈ‍ লিখা এই উপন্যাসখন বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ সম্পদ।[1][2]

প্ৰধান চৰিত্ৰ

[সম্পাদনা কৰক]

শশী এই উপন্যাসখনৰ মূল চৰিত্ৰ। মাত্ৰ মেডিকেলৰ ডিগ্ৰী পাছ কৰি গাঁৱলৈ আহিছে‍ দেউতাকৰ পৰা বিদায় লৈ‍ বেলেগ সংস্কৃতি বা সহজ ভাষাত উন্নত জীৱনৰ সন্ধানত ওলাই যোৱাৰ উদ্দেশ্যৰে। কিন্তু অৱশেষত তেওঁ আৰু পৰম্পৰাগত জীৱনৰ বাহিৰলৈ যাব নোৱাৰিলে‍। পৰিৱেশৰ বৈচিত্ৰ্য আৰু গ্ৰাম্য জীৱনৰ বাস্তৱতাই তেওঁক এনেদৰে আগুৰি ধৰি ৰাখিছে যে সেয়া ছিঙি যোৱা শশীৰ সামৰ্থ্যৰ বাহিৰত।

কুসুম এই উপন্যাসৰ নায়িকা। তাইৰ পৰিচয় এগৰাকী তেত্ৰিছ বছৰীয়া বাঁজী তিৰোতা, উপন্যাসখনৰ এটা চৰিত্ৰ পৰাণৰ পত্নী, এগৰাকী ৰহস্যময় আৰু বিচিত্ৰৰূপী নাৰীৰ সৈতে‍। তেওঁৰ খামখেয়ালি স্বভাৱটোৱে তেওঁক ৰহস্যময় কৰি তুলিছিল।

শশীৰ প্ৰতি কুসুমৰ ‘পাগল প্ৰেম’ এই উপন্যাসখনৰ শৈক্ষিক সৌন্দৰ্য্য। কুসুমৰ উদীয়মান প্ৰেমে অৱশেষত আন এটা ৰূপ লয়, আন এক মাত্ৰা লাভ কৰে। চঞ্চল ৰহস্যময়ী নাৰী, জীবনীশক্তিত ভৰপুৰ, অদম্য অধ্যৱসায়ী কুসুম জীবনৰহস্যৰ দূত।

আন আন চৰিত্ৰসমূহ

[সম্পাদনা কৰক]

যাদৱ পণ্ডিত অলৌকিক শক্তি থকা এজন ধৰ্মপৰায়ণ ব্যক্তি হিচাপে গাঁৱৰ মানুহৰ মাজত পৰিচিত। অন্ধ বিশ্বাসৰ জালত মানুহক আৱদ্ধ কৰি তেওঁ নিজৰ স্বাৰ্থ পূৰণ কৰিব জানে।

তদুপৰি বিন্দু, নন্দ, কুমুদ, মতী, জয়া, বনবিহাৰী, নন্দলাল, জামিনী কবিৰাজ, সেনদিদি আদি বিভিন্ন বাস্তৱ চৰিত্ৰক লেখকে বিভিন্ন স্তৰৰ পৰা তুলি আনি উপস্থাপন কৰিছে‍।

চলচ্চিত্ৰায়ন

[সম্পাদনা কৰক]

২০২২ চনৰ ভিতৰত পশ্চিম বংগৰ পৰিচালক সুমন মুখোপাধ্যায়ৰ দ্বাৰা পৰিচালিত মানি‍ক বন্দ্যোপাধ্যায়ৰ 'পুতুলনাচেৰ ইতিকথা'ক লৈ নিৰ্মাণ কৰা হৈছিল এখন বোলছবি‍।[3] ইয়াত অভিনয় কৰিছে‍ জয়া আহসান, আবীৰ চট্টোপাধ্যায়, পৰমব্ৰত চট্টোপাধ্যায়, ধৃতিমান চট্টোপাধ্যায় আৰু অনন্যা চট্টোপাধ্যায় আদিয়ে‍।[3][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "পুতুল নাচেৰ ইতিকথা" (en ভাষাত). সমকাল. 2020-09-15. https://samakal.com/tp-kaler-kheya/article/191212422/%E0%A6%AA%E0%A7%81%E0%A6%A4%E0%A7%81%E0%A6%B2-%E0%A6%A8%E0%A6%BE%E0%A6%9A%E0%A7%87%E0%A6%B0-%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%95%E0%A6%A5%E0%A6%BE. 
  2. 2.0 2.1 2.2 "পুতুল নাচেৰ ইতিকথা : এক বৃহদায়তন উপন্যাসেৰ জৈবনিক বিস্তাৰ". Odhikar. 2020-09-15. https://www.odhikar.news/literature/64206. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 "এবাৰ ‘পুতুল নাচেৰ ইতিকথা’য় জয়া" (bn ভাষাত). দৈনিক ইত্তেফাক. 2022-01-24. https://www.ittefaq.com.bd/311213/%E0%A6%8F%E0%A6%AC%E0%A6%BE%E0%A6%B0-%E2%80%98%E0%A6%AA%E0%A7%81%E0%A6%A4%E0%A7%81%E0%A6%B2-%E0%A6%A8%E0%A6%BE%E0%A6%9A%E0%A7%87%E0%A6%B0-%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%95%E0%A6%A5%E0%A6%BE%E2%80%99%E0%A7%9F-%E0%A6%9C%E0%A7%9F%E0%A6%BE. 
  4. "মাণিক বন্দ্যোপাধ্যায়েৰ 'পুতুলনাচেৰ ইতিকথা'য় জয়া" (en ভাষাত). SAMAKAL. 2022-01-24. https://samakal.com/todays-print-edition/tp-entertainment/article/2201142153/%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A6%BF%E0%A6%95-%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A7%9F%E0%A7%87%E0%A6%B0-%E0%A6%AA%E0%A7%81%E0%A6%A4%E0%A7%81%E0%A6%B2%E0%A6%A8%E0%A6%BE%E0%A6%9A%E0%A7%87%E0%A6%B0-%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%95%E0%A6%A5%E0%A6%BE%E0%A7%9F-%E0%A6%9C%E0%A7%9F%E0%A6%BE.