সমললৈ যাওক

পুত্ৰী টাংগুক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুত্ৰী টাংগুক
তথ্য
পেচা কৃষি
সন্তান

পুত্ৰী টাংগুক ইণ্ডোনেছিয়াৰ জাম্বি লোককথাৰ এটা চৰিত্ৰ।[1][2] কাহিনী অনুসৰি, পুত্ৰী টাংগুক নামৰ এগৰাকী মাতৃ আছিল। তেওঁৰ সাতটা সন্তান আছিল আৰু তেওঁ স্বামীৰ সৈতে বাস কৰিছিল।[2] তেওঁৰ স্বামী আৰু তেওঁ দুয়োজনেই কৃষক আছিল।[1] যদিও তেওঁলোকে নিজৰ সন্তানৰ যত্ন ল'বলৈ কঠোৰ পৰিশ্ৰম কৰে,[1] পুত্ৰী টাংগুকে উপলব্ধি কৰে যে, তেওঁৰ ক্লান্তিকৰ কামৰ বাবে তেওঁ তেওঁলোকৰ সন্তানৰ বাবে বেছি সময় দিব পৰা নাই।[1] এদিন পুত্ৰী টাংগুকে স্বামীক তেওঁ মনেৰে গঠন কৰা পৰিকল্পনাৰ বিষয়ে কয়।[1] পৰিকল্পনাটো আছিল, তেওঁলোকৰ গুদামটো চাউল আৰু অন্যান্য সামগ্ৰীৰে এবাৰতে ইমানকৈ ভৰাই দিয়ে যাতে তেওঁলোকে তাৰ পিছত বহু দিনলৈ কাম কৰিব নালাগে।[1] তেওঁলোকে এই কাম কৰে আৰু বৰষুণৰ দিনত পুত্ৰী টাংগুকে আকাশ পৰিষ্কাৰ হোৱাৰ পিছত পৰিয়ালৰ সৈতে ধাননি পথাৰলৈ খোজ কাঢ়ি যায়[1]। হঠাতে তেওঁ তিতা মাটিত পিছলি পৰে।[1] তাৰ বাবে তেওঁ ৰাস্তাটোক খং কৰি গালি পাৰে[2]। তথাপিও তেওঁলোকে ধাননি পথাৰলৈ আগবাঢ়ি যায়।[2] ঘৰলৈ উভতি আহোঁতে একেটা পথেই খোজ কাঢ়ি উভতি আহে।[2] পুত্ৰী টাংগুকে সেই ৰাস্তাটোত ধান মুঠি মুঠি সিঁচি দিয়ে যাতে ই আৰু কেতিয়াও পিছল নহয়।[2] কিন্তু ধানৰ মহত্ত্ব গুৰুত্বপূৰ্ণ বুলি গম পোৱাৰ পিছত তেওঁ এই কাৰ্যৰ বাবে সোনকালে অনুশোচনা কৰে।[2] কাহিনীটোৰ নীতিশিক্ষা হ'ল, নিজৰ যি আছে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা।[1]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 Sheina Ananda. 2013. Rangkuman 100 cerita rakyat Indonesia dari Sabang sampai Merauke. Jakarta:Anakkita. Hlm 29.
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Monika Cri Maharani. 2011. Cerita Rakyat asli Indonesia: dari 33 Provinsi.Jakarta: Agromedia Pustaka.Hlm 25.