পুনম ধিল্লোঁ
পুনম ধিল্লোঁ | |
---|---|
![]() ২০২৪ত ধিল্লোঁ | |
জন্ম | ১৮ এপ্ৰিল, ১৯৬২ (৬৩ বছৰ) কানপুৰ, উত্তৰ প্ৰদেশ, ভাৰত |
পেচা | অভিনেত্ৰী, ৰাজনীতিক |
সক্ৰিয় হৈ থকা সময় | ১৯৭৮-২০২২ |
দাম্পত্যসঙ্গী | অশোক ঠাকেৰিয়া (বি. ১৯৮৮; divorce ১৯৯৭) |
সন্তান | ২ |
ৱেবছাইট | |
আধিকাৰিক ৱেবছাইট |
পুনম ধিল্লোঁ (ইংৰাজী: Poonam Dhillon; জন্ম: ১৮ এপ্ৰিল ১৯৬২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ ১৯৭৮ চনৰ এগৰাকী প্ৰাক্তন ইভছ উইকলি মিছ ইয়ং ইণ্ডিয়া।[1] ১৯৭৯ চনৰ ছবি নুৰীৰ বাবে বেছিকৈ পৰিচিত। ৰেড ৰোজ (১৯৮০), দৰ্দ (১৯৮১), ৰোমাঞ্চ (১৯৮৩), সোহনী মহিৱাল (১৯৮৪), তেৰী মেহেৰবানিয়াঁ (১৯৮৫) সমুন্দৰ (১৯৮৬), সবেৰেৱালী গাড়ী (১৯৮৬), কৰ্ম (১৯৮৬), নাম (১৯৮৬) আৰু মালামাল (১৯৮৮) আদি তেওঁৰ কিছুমান সুপৰিচিত ছবি।[2][3]
২০০৯ চনত বিগ বছত অংশগ্ৰহণ কৰা ধিল্লোঁৱে ২০১৩ চনত চ’নী টিভিৰ শৃংখলা এক নয়ী পেহচানত শাৰদা মোদীৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ থিয়েটাৰতো কাম কৰিছে, যাৰ আৰম্ভণি তেওঁ বঁটা বিজয়ী নাটক "দ্য পাৰ্ফেক্ট হাজবেণ্ড" আৰু আন বহু নাটকৰে কৰিছিল। দ্য পাৰ্ফেক্ট হাজবেণ্ডৰ কেইবাটাও শ্বো আমেৰিকা আৰু ডুবাইত হৈছিল।[4]
২০০৪ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা ধিল্লোঁই ২০১৯ চনত দলটোৰ মুম্বাই ইউনিটৰ উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰে।[5][6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Poonam Dhillon: Act II". Khabar.com. http://www.khabar.com/magazine/around-town/poonam_dhillon_act_ii.aspx। আহৰণ কৰা হৈছে: 1 February 2014.
- ↑ Bharathi S. Pradhan (15 April 2012). "Poonam's show". The Telegraph. http://www.telegraphindia.com/1120415/jsp/7days/story_15375935.jsp.
- ↑ Shivani Mankermi (12 January 2014). "Poonam Dhillon, Bollywood beauty to telly housewife". India Today (Mumbai). http://indiatoday.intoday.in/story/poonam-dhillon-bollywood-beauty-to-telly-housewife/1/335762.html.
- ↑ "It's play time for Poonam Dhillon". Zee News. 28 August 2012. http://zeenews.india.com/entertainment/art-and-theatre/it-s-play-time-for-poonam-dhillon_117995.htm। আহৰণ কৰা হৈছে: 1 February 2014.
- ↑ "Mumbai BJP's new vice-president Poonam Dhillon says she wants to be a hardcore worker, not decorative piece". Firstpost. 14 November 2018. https://www.firstpost.com/politics/mumbai-bjps-new-vice-president-poonam-dhillon-says-she-wants-to-be-a-hardcore-worker-not-decorative-piece-5550651.html। আহৰণ কৰা হৈছে: 19 August 2019.
- ↑ "BJP appoints actress Poonam Dhillon as BJP Mumbai Vice-President" (en ভাষাত). Mumbai Live. 15 November 2018. https://www.mumbailive.com/en/politics/bollywood-film-actress-poonam-dhillon-appointed-as-vice-president-of-mumbai-bjp-30232। আহৰণ কৰা হৈছে: 19 August 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত পুনম ধিল্লোঁ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- পুনম ধিল্লোঁ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- পুনম ধিল্লোঁ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- এক্সত পুনম ধিল্লোঁ