পুনম সিনহা
পুনম সিনহা | |
---|---|
![]() ২০১২ ত পুনম সিনহা | |
জন্ম | পুনম চন্দিৰামানী ০৩ নৱেম্বৰ, ১৯৪৯ (৭৫ বছৰ) হায়দৰাবাদ, হায়দৰাবাদ ৰাজ্য |
অন্য নাম | কোমল |
ৰাজনৈতিক দল | সমাজবাদী পাৰ্টি |
দাম্পত্যসঙ্গী | শত্ৰুঘ্ন সিনহা (বি. ১৯৮০) |
সন্তান | ৩ |
পুনম সিনহা (জন্ম: চন্দিৰামানী; ৩ নৱেম্বৰ ১৯৪৯; ইংৰাজী: Poonam Sinha) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন অভিনেত্ৰী আৰু ফেশ্বন মডেল।[1] তেওঁ কৰ্মজীৱনৰ প্ৰাৰম্ভিক কালছোৱাত কোমল পৰ্দাৰ নামেৰ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৬৮ চনত মিছ ইয়ং ইণ্ডিয়াৰ মুকুট পিন্ধা সিনহাই অভিনেতা তথা ৰাজনীতিবিদ শত্ৰুঘ্ন সিনহাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। হিন্দী ছবিত তেওঁ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ দুখন ছবিও নিৰ্মাণ কৰিছে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]জিগৰী দোস্ত, দিল দিৱানা আদিকে ধৰি নায়িকা হিচাপে তেওঁৰ সকলো ছবিতে কোমলৰ চৰিত্ৰ দিয়া হৈছিল। শত্ৰুঘ্ন সিনহাৰ সৈতে সবক (১৯৭৩) ছবিত অভিনয় কৰিছিল। পিছলৈ ১৯৮০ চনত দুয়োৰে বিবাহ হয়। পূৰ্বে তেওঁলোক ৰেল ভ্ৰমণৰ সময়ত লগ হৈছিল।[3]
বিয়াৰ পিছত তেওঁ অভিনয় জীৱন বহুলাংশে এৰি তেওঁলোকৰ সন্তানক ডাঙৰ-দীঘল কৰাত ব্যস্ত হয়।[4] ত্ৰিশ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত আশুতোষ গোৱাৰিকৰৰ পৰিচালিত ঋত্বিক ৰোশনে অভিনয় কৰা জোধা আকবৰত (২০০৮) সম্ৰাট আকবৰৰ মাক মল্লিকা হামিদা বানু বেগম চৰিত্ৰত অভিনয় কৰে। (২০০৮) ছবিখনত অভিনয় কৰে।
ৰাজনীতি
[সম্পাদনা কৰক]২০১৯ চনৰ ১৬ এপ্ৰিলত তেওঁ সমাজবাদী পাৰ্টিত যোগদান কৰাৰ বিপৰীতে তেওঁৰ স্বামী শত্ৰুঘ্ন সিনহাই বিজেপিৰ পৰা পদত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।[5] লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা ৰাজনাথ সিঙৰ হাতত পুনম সিনহা নিৰ্বাচনত পৰাস্ত হয়।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Pradhan S. Bharati (12 June 2012), "It's work first for Sonakshi", The Telegraph. Retrieved 23 June 2018.
- ↑ "Response is overwhelming, says Poonam Sinha". The Times of India. 5 May 2009. https://timesofindia.indiatimes.com/city/patna/Response-is-overwhelming-says-Poonam-Sinha/articleshow/4484022.cms.
- ↑ "Shatrughan Sinha: The role of a lifetimeTNN". The Times of India. 11 July 2002. http://timesofindia.indiatimes.com/city/patna/Shatrughan-Sinha-The-role-of-a-lifetime/articleshow/15688686.cms। আহৰণ কৰা হৈছে: 24 January 2013.
- ↑ "I gave up films for my kids: Poonam Sinha". Yahoo Lifestyle. 25 April 2012. http://in.lifestyle.yahoo.com/blogs/team-mom/i-gave-up-films-for-my-kids--poonam-sinha.html। আহৰণ কৰা হৈছে: 24 January 2013.
- ↑ "Mr (Shatrughan) Sinha Joins Congress, Mrs (Poonam) Sinha Goes Samajwadi". NDTV. 16 April 2019. https://www.ndtv.com/india-news/shatrughan-sinhas-wife-poonam-sinha-joins-samajwadi-party-may-contest-from-lucknow-say-sources-2023905.
- ↑ "Shatrughan Sinha's wife Poonam Sinha joins SP, will contest against Rajnath Singh from Lucknow". India Today. 16 April 2019. https://www.indiatoday.in/elections/lok-sabha-2019/story/poonam-sinha-shatrughan-sinha-sp-rajnath-singh-lucknow-1503131-2019-04-16.