পুপুল ভূঞা
| পুপুল ভূঞা | |
|---|---|
| জন্ম | ছাইঁকুল, কেন্দুঝাৰ জিলা, ওড়িশা |
| অন্য নাম | পায়েল ভূঞা[1] |
| শিক্ষানুষ্ঠান | বুক্সী জগবন্ধু বিদ্যাধৰ মহাবিদ্যালয় |
| পেচা | ওড়িয়া অভিনেত্ৰী, টেলিভিছনৰ উপস্থাপক |
| সক্ৰিয় হৈ থকা সময় | ২০১২ চনৰ পৰা বৰ্তমানলৈকে |
| দাম্পত্যসঙ্গী | দীপ থাদানি |
| পিতৃ-মাতৃ | বটকৃষ্ণ ভূঞা (পিতৃ) বৈজয়ন্তীমালা ভূঞা (মাতৃ) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰেষ্ঠ মহিলা অভিষেকৰ বাবে ৰূপনগৰ মহানগৰা বঁটা অপেৰা মিচেছ ইণ্ডিয়া গ্ল’বেল ২০১৮[2] |
পুপুল ভূঞা এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন উপস্থাপক আৰু মডেল, যিয়ে ওড়িয়া চলচ্চিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, আৰু ৰিয়েলিটি শ্ব'ত অভিনয় কৰিছে। ২০১৩ চনত কাব্য কীৰণৰ সৈতে প্ৰথম ওড়িয়া থ্ৰীডি ছবি কাউঁৰী কন্যাৰ জৰিয়তে ওলিউডত চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল৷[3] ২০১৮ চনত অপেৰা মিচেছ ইণ্ডিয়া গ্ল'বেল প্ৰতিযোগিতাত তেওঁক বিজয়ী হিচাপে মুকুট পিন্ধোৱা হয়।[4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]তেওঁ ওড়িশাৰ কেওনঝাৰ জিলাৰ ছাইঁকুল গাঁৱত বটকৃষ্ণ ভূঞা আৰু বৈজয়ন্তীমালা ভূঞাৰ ঘৰত ১৯৯২ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰে আৰু বুক্সি জগাবন্ধু বিদ্যাধৰ মহাবিদ্যালয়, ভুৱনেশ্বৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[5] ২০১৬ চনত তেওঁ দীপ থাদানীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]ভূঞাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল মঞ্চ উপস্থাপক হিচাপে। তাৰ পিছত তেওঁ ই-নিউজ, আপনঙ্ক পছন্দ আদি কিছুমান একক টেলিভিছন শ্ব’ আয়োজন কৰিছিল। পিছলৈ তেওঁ সাৰে গা মা পা লিটল চেম্পছ, স্বৰ ওড়িশাৰ, মুঁ বি হিৰোইন হেবি আদি জনপ্ৰিয় মনোৰঞ্জন অনুষ্ঠান আয়োজন কৰিবলৈ আৰম্ভ কৰে।
২০১৩ চনত সৌম্য ৰঞ্জন সাহুৰ পৰিচালিত প্ৰথমখন ওডিয়া থ্ৰীডি ছবি কাউঁৰী কন্যাত মুখ্য চৰিত্ৰত অভিনয় কৰি ওডিয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। পিছলৈ ব্লেকমেইল, বিদ্যাৰাণ,[6] আদি ওডিয়া ছবিৰ কিছু বিশেষ চৰিত্ৰত অভিনয় কৰে। ২০২৩ চনত তেওঁ এষ্ট্ৰী মুভিজৰ প্ৰযোজনা নিয়তি প্ৰজেক্টত অভিনয় কৰে।[7][8]
উপস্থাপন আৰু অভিনয়ৰ উপৰিও মডেলিঙৰ কামো কৰিছে। ২০১৮ চনত অপেৰা মিচেছ ইণ্ডিয়া গ্ল’বেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হৈছিল।[9][10] প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত শ্ৰেষ্ঠ ৰেম্প ৱাকৰ বঁটা লাভ কৰে।[11] ২০২২ চনত শুভ পল্লৱ নামৰ ওডিয়া আলোচনীৰ প্ৰচ্ছদত তেওঁৰ ছবি প্ৰকাশ কৰা হয়।[12] ইয়াৰ আগতে ২০১৬ চনত তেওঁৰ ফটো কদাম্বিনী আলোচনীত প্ৰকাশ পাইছিল।
ফিল্মগ্ৰাফী
[সম্পাদনা কৰক]| বছৰ | চলচ্চিত্ৰ | ভাষা | ভূমিকা | টোকা |
|---|---|---|---|---|
| ২০১৩ | কাউঁৰী কন্যা | ওড়িয়া | অনুষায় | ওলিউডত আত্মপ্ৰকাশ। |
| ২০১৫ চনত | ভল পাএ তোলে সহজে ৰু সহ | ওড়িয়া | ||
| ২০১৮ চনত | ব্লেকমেইল | ওড়িয়া | ||
| ২০২২ | বিদ্যৰণ | ওড়িয়া | [13] | |
| ২০২৩ | ডেলিভাৰী বয় | |||
| নিয়তি | সাধনা | |||
| ফিল্মিং কৰা হৈছে | অনুভৱ- এ ৰাভাৰ বয় | বৰ্ষা | ||
| তু মো কমজোৰী | ||||
| অজাতি |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ↑ "ଛୋଟ ପରଦାରେ ଉପସ୍ଥାପିକା, ହେଲେ ବଡ଼ ପରଦାରେ ନାୟିକା" (Odia ভাষাত). Sambad. 7 March 2018. https://sambad.in/entertainment/anchor-heroinepupul-96471/.
- ↑ "Opera Miss/Mrs. India Global 2018". Opera Miss/Mrs. India Global. http://operamrsindiaglobal.com/winners/। আহৰণ কৰা হৈছে: 15 November 2022.
- ↑ "Kaunri Kanya 3D Oriya Horror Film". Incredible Orissa. 27 February 2013. http://incredibleorissa.com/oriyafilms/kaunri-kanya-oriya-movie-songs-videos-wallpapers.[সংযোগবিহীন উৎস]
- ↑ 4.0 4.1 Jha, Neha (29 August 2020). "Marriage No Barrier In Pursuing Dreams, Says Opera Mrs India Global 2018" (English ভাষাত). My City Links. https://mycitylinks.in/marriage-no-barrier-in-pursuing-dreams-says-opera-mrs-india-global-2018/.
- ↑ "Odisha's Pupul Bhuyan Wins Opera Mrs India Global 2018" (en-US ভাষাত). odishabytes. 23 September 2018. https://odishabytes.com/odishas-pupul-bhuyan-wins-opera-mrs-india-global-2018/। আহৰণ কৰা হৈছে: 15 November 2022.
- ↑ Bureau, KalingaTV (16 June 2020). "First look of Babusan's Odia upcoming film 'Bidyarana' released: Watch" (en-US ভাষাত). KalingaTV. https://kalingatv.com/entertainment/first-look-of-babusans-odia-upcoming-film-bidyarana-released-watch/। আহৰণ কৰা হৈছে: 15 November 2022.
- ↑ "Odia movie Niyati released across the state" (en-US ভাষাত). Odia Celebrity. 2023-07-22. https://odiacelebrity.com/odia-movie-niyati-released-across-the-state/। আহৰণ কৰা হৈছে: 2023-07-23.
- ↑ "ସୋନୁଙ୍କ ନିୟତି" (or ভাষাত). Sambad (Sunday): পৃষ্ঠা 8. 29 January 2023. Archived from the original on 11 February 2023. https://web.archive.org/web/20230211155627/https://sambadepaper.com/epaperimages/29012023/29012023-md-rv-8/0284829.jpg.
- ↑ Pioneer, The. "Cuttack girl wins Charming Face Odisha title" (en ভাষাত). The Pioneer. https://www.dailypioneer.com/2019/state-editions/cuttack-girl-wins-charming-face-odisha-title.html। আহৰণ কৰা হৈছে: 15 November 2022.
- ↑ "These beauty pageant winners capture hearts during lockdown" (en-US ভাষাত). Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST. 8 May 2020. https://www.orissapost.com/more-to-life-than-winning-crowns-beauty-pageant-winners/। আহৰণ কৰা হৈছে: 15 November 2022.
- ↑ "Pupul is Opera Mrs India Global". Orissa Post. 25 September 2018. Archived from the original on 15 November 2022. https://web.archive.org/web/20221115140852/http://odishapostepaper.com/edition/148/orissapost/page/2। আহৰণ কৰা হৈছে: 29 September 2018.
- ↑ "Shubhapallaba Released its 39th Edition on Raja Sankranti" (en-US ভাষাত). Odisha Diary. 15 June 2022. Archived from the original on 15 November 2022. https://web.archive.org/web/20221115135302/https://orissadiary.com/shubhapallaba-released-its-39th-edition-on-raja-sankranti/। আহৰণ কৰা হৈছে: 15 November 2022.
- ↑ "Actress Pupul Bhuyan waits for shooting for her film to resume post lockdown - Times of India" (en ভাষাত). 31 August 2020. https://timesofindia.indiatimes.com/entertainment/events/bhubaneswar/actress-pupul-bhuyan-waits-for-shooting-for-her-film-to-resume-post-lockdown/articleshow/77851873.cms.