সমললৈ যাওক

পুলকিত সম্ৰাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পুলকিত সম্ৰাট ( ইংৰাজী : Pulkit Samrat ; জন্ম: ২৯ ডিচেম্বৰ ১৯৮৩) এজন ভাৰতীয় অভিনেতা যিয়ে মূলতঃ হিন্দী টেলিভিছনৰ লগতে হিন্দী ছবিত কাম কৰে।[1] ফুকৰে চলচ্চিত্ৰ ধাৰাবাহিকত "হানি"ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুপৰিচিত সম্ৰাটে ক্যুংকি সাস ভি কভি বহু থি (২০০৬) ধাৰাবাহিকখনৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰে আৰু বিট্টু বছ (২০১২) ছবিৰে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।[2]

ভাৰতীয় অভিনেতা
পুলকিত সম্ৰাট
জন্ম ২৯ ডিচেম্বৰ ১৯৮৩
দিল্লী, ভাৰত
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০৬— বৰ্তমানলৈকে

তেওঁ ভাৰতীয় টেলি বঁটা লাভ কৰে। সম্ৰাটে প্ৰথমবাৰৰ বাবে ব্যৱসায়িক সফলতা লাভ কৰিছিল ফুকৰে (২০১৩) ছবিৰে। তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী মুক্তি জয় হো (২০১৪) ছবিখনে।[3] এই সফলতাৰ পিছত ডলী কি ডলি (২০১৫) আৰু ছানাম ৰে (২০১৬)কে ধৰি কেইবাটাও বিফলতাৰ সৃষ্টি হয়, যাৰ ফলত এক বিপৰ্যয়ৰ সৃষ্টি হয়। পিছলৈ তেওঁ Fukrey Returns (2017), 3 Storeys (2018) আৰু Taish (2020) ছবিত অভিনয় কৰাৰ বাবে প্ৰশংসা লাভ কৰে।অভিনয় কেৰিয়াৰৰ উপৰিও সম্ৰাট ব্ৰেণ্ড আৰু প্ৰডাক্টৰ বাবে এজন বিশিষ্ট চেলিব্ৰিটি এণ্ডাৰছাৰ। অভিনেত্ৰী কৃতি খাৰবান্দাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে সম্ৰাটৰ।

শৈশৱ কাল

[সম্পাদনা কৰক]

১৯৮৩ চনৰ ২৯ ডিচেম্বৰত জন্মগ্ৰহণ কৰা সম্ৰাটে দিল্লীৰ পাঞ্জাবী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।য’ত তেওঁৰ পৰিয়ালৰ ৰিয়েল এষ্টেট ব্যৱসায় আছে। তেওঁ মানৱ স্থলী স্কুলত অধ্যয়ন কৰিছিল,আৰু দিল্লীৰ অশোক বিহাৰৰ মণ্টফৰ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল।দিল্লীৰ আপীজয় ইনষ্টিটিউট অৱ ডিজাইনত এডভাৰটাইজিং পাঠ্যক্ৰমত যোগদান কৰিছিল। কিন্তু পাঁচ মাহ পঢ়া-শুনা কৰাৰ পিছত তেওঁ মডেলিং এচাইনমেণ্ট লাভ কৰে। ইয়াৰ পিছত তেওঁ শিক্ষা ত্যাগ কৰি মুম্বাইলৈ স্থানান্তৰিত হয় আৰু তাতেই কিশোৰ নমিত কাপুৰৰ দ্বাৰা পৰিচালিত অভিনয় পাঠ্যক্ৰমত যোগদান কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
ঘৈণীয়েক কৃতি খাৰ্বান্দাৰ লগত পুলকিত সম্ৰাটৰ ছবি

২০১৪ চনৰ ৩ নৱেম্বৰত প্ৰেয়সী শ্বেতা ৰোহিৰাক বিয়া কৰাইছিল সম্ৰাটে। ৰোহিৰা অভিনেতা ছলমান খানৰ ৰাখী-ভগ্নী।খান পুলকিত সম্ৰাটৰ প্ৰথম ছবিখনৰ প্ৰচাৰৰ কামতো জড়িত আছিল। ২০১৫ চনৰ নৱেম্বৰ মাহত দুয়োৰে বিচ্ছেদ ঘটে।তাৰ পিছত সম্ৰাটে অভিনেত্ৰী ইয়ামি গৌতমৰ সৈতে ডেটিং কৰিছিল। তেওঁৰ সহ-অভিনেতা ছানাম ৰে ছবিখত কাম কৰিছিল। কিন্তু অৱশেষত ২০১৮ চনত দম্পতীহালৰ বিচ্ছেদ ঘটে। ২০১৮ চনত সম্ৰাতে অভিনেত্ৰী কৃতি খাৰবাণ্ডাক লগ পায় আৰু অৱশেষত ২০১৯ চনত দুয়োৰে ডেটিং আৰম্ভ হয়।এই দম্পতীয়ে একেলগে কাম কৰিছে ছবি — বীৰে কি ৱেডিং, পাগলপন্তী আৰু টাইছ। পাঁচ বছৰ ধৰি সম্পৰ্কত থকাৰ পিছত ২০২৪ চনত দুয়োৰে বাগ্দান হয়। তেওঁ বিবাহপাশত আবদ্ধ হয় খৰবান্দা পৰম্পৰাগত হিন্দু বিবাহ অনুষ্ঠানত, ১৫ মাৰ্চ ২০২৪ তাৰিখে, হাৰিয়ানা

বহিঃ সংযোগ

[সম্পাদনা কৰক]

এই বিষয়ত তলত দিয়া ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য আছে:

কমন্স
মেডিয়া

ৱিকিবাৰ্তা 
বাতৰি

ৱিকিউক্তি 
উক্তি

ৱিকিউৎস 
লেখা

ৱিকিভাৰ্চিটি
শিকন সমল

ৱিকিভয়েজ 
ভ্ৰমণ সহায়িকা

ৱিকিঅভিধান 
সংজ্ঞা

ৱিকিতথ্য 
তথ্য

ৱিকিপ্ৰজাতি 
প্ৰজাতি


তথ্য উৎস

[সম্পাদনা কৰক]
  1. Pulkit Samrat Actor/ Biography
  2. Udasi, Harshikaa (10 April 2012)."Look who's on the big screen!". The Hindu. ISSN 0971-751X. Archived from the original on 2 February 2020. Retrieved 2 February 2020.
  3. TV actors finally crossover into Pulkit Samrat, Prachi Desa: Bollywood". CNN-IBN. 17 June 2013. Archived from the original on 21 June 2013. Retrieved 1 July 2013