পুলোমা
| পুলোমা | |
|---|---|
| সন্তান | চ্যবন |
| হিন্দু পাঠ্য | মহাভাৰত, পুৰাণ |
পুলোমা (সংস্কৃত: पुलोमा, ইংৰাজী: Puloma) হিন্দু ধৰ্ম শাস্ত্ৰমতে ভৃগু ঋষিৰ পত্নী।[1] তেওঁ চ্যবন ঋষিৰ মাতৃ।[2]
কিংবদন্তি
[সম্পাদনা কৰক]মহাভাৰতত বৰ্ণনা কৰা অনুসৰি পুলোমা ভৃগু ঋষিৰ পত্নী আছিল। এসময়ত দুয়ো এখন আশ্ৰমত বাস কৰিছিল। সেই সময়ত পুলোমা গৰ্ভৱতী আছিল।[1] এদিন ভৃগুৱে পত্নীক অগ্নিৰ তত্বাৱধানত আশ্ৰমত এৰি নদীত ৰাতিপুৱাৰ পূজা কৰিবলৈ গৈছিল। সেই সময়তে পুলোমন নামৰ এজন ৰাক্ষস আশ্ৰমলৈ আহিল। পুলোমনে আগতে পুলোমাক ভাল পাইছিল, আৰু তেওঁৰ সৈতে বিবাহো ঠিক হৈছিল৷ তেওঁ পুলোমাক দেখি পুলোমাৰ সৌন্দৰ্য্যত মোহিত হৈ পৰিল। পুলোমাই ভৃগু ঋষিৰ এগৰাকী গুণী পত্নী আৰু গৃহস্থ হিচাপে পুলোমনক অতিথিৰ দৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁক সতেজ খাদ্য আগবঢ়াইছিল, যদিও পুলোমনে পুলোমাৰ ফালে কামুক দৃষ্টিৰে চাইছিল। পুলোমনে ঋষি পত্নীক অপহৰণ কৰি বিয়া কৰাব বিচাৰিছিল।[1][3] তেতিয়া পুলোমনে আশ্ৰমৰ এটা কোঠাত জ্বলি থকা যজ্ঞৰ শিখা অগ্নিক পুলোমনে যে তেওঁৰ আধ্যাত্মিক পত্নী হিচাপে পুলোমাক মৰ্যাদা দি আহিছে সেই কথা কথা ক’বলৈ ক’লে। কিন্তু সঁচা কথা ক’লে ভৃগুৱে তেওঁক গালি পাৰে বুলি ভয় খাই অগ্নিয়ে সঁচা কথা প্ৰকাশ কৰিবলৈ অনিচ্ছুক হৈ পৰিল। কিন্তু পুলোমনৰ বাৰম্বাৰ অনুৰোধত অগ্নিয়ে সত্যটো ক'লে যে ভৃগুৱে তেওঁৰ উপস্থিতিত বৈদিক আচাৰ-ব্যৱহাৰ অনুসৰি পুলোমাক বিয়া কৰাইছে৷ আনহাতে পুলোমনৰ লগত পুলোমাক কেৱল বাগ্দান হে কৰা হৈছিল, কোনো আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন হোৱা নাছিল।[1] এই কথা শুনি পুলোমনে নিজৰ ৰূপ সলনি কৰি গাহৰিৰ ৰূপ লয় আৰু পুলোমাক অপহৰণ কৰে।[4]
যিহেতু সেই সময়ত পুলোমা গৰ্ভৱতী আছিল, পুলোমনৰ আচৰণত ভয় খাই পুলোমাৰ গৰ্ভৰ পৰা সন্তান ওলাই মাটিত পৰিল। এই পুত্ৰৰ নাম আছিল চ্যবন, অৰ্থাৎ "গৰ্ভৰ পৰা পৰি যোৱা"।[4] শিশুটি সূৰ্য্যৰ দৰে জিলিকি উঠিল। কেঁচুৱাটিৰ তীব্ৰ উজ্জ্বলতাত পুলোমন জাহ যায়।[2] আন এটা সংস্কৰণত কোৱা হয় যে তেওঁ শিশুটো দেখি ভয় খাইছিল, আৰু পুলোমাক মাটিত পেলাই পলাই গৈছিল। নিজৰ দুৰ্দশাত পৰাস্ত হৈ পুলোমাই ইমানেই তীব্ৰ কান্দিলে তেওঁৰ চকুলোৰ ফলত বধুসৰ নামৰ এখন নদীৰ সৃষ্টি হ’ল। এই বধুসৰতেই পিছলৈ যেতিয়া চ্যবন ঋষি হৈছিল তেতিয়া তেওঁৰ আশ্ৰমৰ স্থাপন কৰিছিল। পিছত ব্ৰহ্মা আহি পুলোমাক সান্ত্বনা দিয়ে।[4][2]
তাৰ পিছত পুলোমাই নিজৰ আশ্ৰমলৈ আহি ভৃগুৰ আগত সকলো ঘটনা অৱগত কৰে। পুত্ৰক দেখি ভৃগুৱে আনন্দিত হ’ল৷ লগতে তেওঁলোকৰ পুত্ৰৰ উজ্জ্বলতাই ছাইলৈ পৰিণত কৰা মৃত পুলোমনৰ আগত ভৃগুৰ পত্নী হিচাপে পুলোমাৰ প্ৰকৃত পৰিচয় প্ৰকাশ কৰা বাবে অগ্নিৰ ওপৰত ক্ষুব্ধ হৈ পৰিল। ক্ৰোধত তেওঁ অগ্নিক "তুমি সকলো বস্তু খাব লাগিব",[4] অৰ্থাৎ "সৰ্বভোজী"[5] বা "তুমি এই পৃথিৱীৰ সকলো বস্তুৰ গ্ৰাহক হোৱা" বুলি অভিশাপ দিলে।[6] অগ্নিয়েও এই অভিশাপ শুনি ক্ৰোধিত হৈ পৰিল আৰু ভৃগুক ক'লে যে তেওঁৰ অভিশাপ ন্যায়সংগত নহয়, কিয়নো তেওঁ কেৱল সত্য কথাহে কৈছিল। অগ্নিয়ে কৈছিল যে তেওঁ সৰ্বব্যাপী, আৰু তেওঁৰ মুখৰ জৰিয়তে দেৱতা আৰু পূৰ্বপুৰুষ দুয়োজনেই তেওঁক আগবঢ়োৱা স্বচ্ছ মাখনৰ পৰিষ্কাৰ নৈবদ্য গ্ৰহণ কৰে আৰু সেয়েহে তেওঁ অশুচি বস্তুৰ যিকোনো প্ৰসাদ গ্ৰহণ কৰা অনুচিত হ'ব।
তেওঁ ভৃগুক ইয়াকো ক’লে যে অগ্নিয়েও ভৃগুত অভিশাপ দিব পাৰে, কিন্তু তেওঁ ঋষি আৰু ব্ৰাহ্মণ হোৱাৰ বাবে তেওঁ তেনে কৰাৰ পৰা বিৰত থাকিল। এই কথা কোৱাৰ লগে লগে অগ্নি অন্তৰ্ধ্যান হৈ পৰিল।[7] তাৰ পিছত ব্ৰহ্মাই অগ্নিক নিজৰ সান্নিধ্যলৈ মাতি আনি বিশ্বব্ৰহ্মাণ্ডত অগ্নিৰ ভূমিকাৰ কথা ক’লে আৰু যদিও তেওঁক অভিশাপ দিয়া হৈছে বাবে তেওঁৰ শিখাই তেওঁলৈ আগবঢ়োৱা সকলো বস্তুহ গ্ৰাস কৰিব, তথাপি তেওঁৰ দৈহিক শৰীৰ সদায় পবিত্ৰ হৈ থাকিব। তেতিয়া অগ্নিয়ে পুনৰ আবিৰ্ভাৱ হৈ বিশ্বব্ৰহ্মাণ্ডত নিজৰ স্বাভাৱিক কৰ্তব্য পালন কৰিবলৈ ধৰে।[7][5]
পদ্মপুৰাণৰ আন এটা সংস্কৰণত কোৱা হৈছে যে ভৃগুৱে অগ্নিক অৰ্পণৰ বাবে সমিধ (জুইধৰা খৰি) বিচাৰি থাকোঁতে অসুৰ দমনে ঋষিৰ পত্নীক বিচাৰি ভৃগুৰ আশ্ৰমলৈ গৈছিল। অগ্নিয়ে দমনক দেখি ভয় খাই আশ্ৰমত পুলোমা আত্মগোপন কৰি থকা স্থান দেখুৱাই দিছিল। যেতিয়া ভৃগুৱে উভতি আহি অগ্নিৰ এই কাৰ্য্যৰ বিষয়ে কথা গম পালে, তেতিয়া তেওঁ অগ্নিক অভিশাপ দিলে, কিন্তু পিছত ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস কৰিবলৈ সন্মত হ'ল।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Section V (Pauloma Parva continued)". Sacred Texts. পৃষ্ঠা: 46. http://www.sacred-texts.com/hin/m01/m01006.htm। আহৰণ কৰা হৈছে: 17 November 2013.
- ↑ 2.0 2.1 2.2 Parmeshwaranand 2001, পৃষ্ঠা. 14-15.
- ↑ Anonymous, পৃষ্ঠা. 119.
- ↑ 4.0 4.1 4.2 4.3 "Section VI (Pauloma Parva continued)". Sacred Texts. পৃষ্ঠা: 47. http://www.sacred-texts.com/hin/m01/m01007.htm। আহৰণ কৰা হৈছে: 17 November 2013.
- ↑ 5.0 5.1 "O'Flaherty 1976, পৃষ্ঠা. 304.
- ↑ 6.0 6.1 Garg 1992, পৃষ্ঠা. 212.
- ↑ 7.0 7.1 "Section VII (Pauloma Parva continued)". Sacred Texts. পৃষ্ঠাসমূহ: 48–49. http://www.sacred-texts.com/hin/m01/m01008.htm। আহৰণ কৰা হৈছে: 17 November 2013.